X
X

Fact Check : বেনাৰচৰ 2022 চনৰ বিধানসভা নিৰ্বাচনৰ ছবিক লোকসভা নিৰ্বাচনৰ ভোটদানৰ লগত সংযুক্ত কৰি ভাইৰাল কৰা হৈ আছে

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ছবিখন 2022 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ৰ ছবি। পুৰণি ছবি বিভ্ৰান্তীকৰ দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

  • By: Umam Noor
  • Published: Apr 22, 2024 at 05:40 PM

নতুন দিল্লী (বিশ্বাস নিউজ) 2024 –ৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান 19 এপ্ৰিল তাৰিখে সম্পন্ন হ’ল। আৰু ইয়াৰ পিছৰ পৰায়ে সামাজিক মাধ্যমত এখন ছবি ভাইৰাল হৈ আছে, য’ত ভোটদান কেন্দ্ৰত বুৰ্খা পিন্ধি থকা মহিলাসকলৰ মাজত এজন মহিলাক শাড়ি পিন্ধি থকা দেখা পোৱা যায়। আৰু ব্যৱহাৰকাৰীসকলে এয়া দাবি কৰি আছে যে, ছবিখন এই লোকসভা নিৰ্বাচনৰ সময়ত হোৱা ভোটদানৰ ছবি।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ছবিখন 2022 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ৰ ছবি। পুৰণি ছবি বিভ্ৰান্তীকৰ দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

ভাইৰাল পোষ্টত কি আছে?

ফেচবুক ব্যৱহাৰকাৰীয়ে 21 এপ্ৰিলত ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, “বাহিৰত বহুত গৰম….. হিন্দুসকলে A/C চলাই কোঠাৰ ভিতৰত শুই আছে, ইয়াৰ পৰিনাম ভয়ঙ্কৰ হ’ব পাৰে  !”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত আমি পোনপ্ৰথমতে ভাইৰাল ছবিখনক গুগল লেঞ্চৰ জৰিয়তে বিছাৰিলোঁ।  এই প্ৰক্ৰিয়াত আমি ছবিখন লাইভ ইণ্ডিয়াৰ ৱেবচাইটৰ প্ৰকাশিত এখন সংবাদত পালোঁ। 2022 ৰ 9 মাৰ্চ তাৰিখে প্ৰকাশিত এই সংবাদত 2022 চনৰ বিধানসভা নিৰ্বাচনৰ লগত যুক্ত তথ্য দিয়া হৈছিল।

এই তথ্যৰ ভিত্তিত আমি আমাৰ তদন্ত আগবঢ়ালোঁ আৰু গুগল টাইমচ টুলৰ সহায়ত ছবিখন বিছাৰিলোঁ। এই প্ৰক্ৰিয়াত আমি ৰাইটাৰ্চ ৱেবচাইটত 2022 চনৰ 7 মাৰ্চ তাৰিখে প্ৰকাশিত সংবাদ এখনত এই ছবিখন পালো। ইয়াত ছবিৰ লগত থকা তথ্য মতে, ”2022 চনৰ 7 মাৰ্চত উত্তৰ প্ৰদেশৰ বেনাৰচত সম্পন্ন হোৱা বিধানসভা নিৰ্বাচনৰ শেষ পৰ্যায়ত ভোটগ্ৰহণ কেন্দ্ৰ এটাত ভোটদানৰ বাবে ভোটদাতাসকলে সাৰি পাতি থিয় হৈ আছে। ৰাইটাৰ্চৰ এই ছবিখন আদনান আব্দীয়ে সংগ্ৰহ কৰিছে।”

দৈনিক জাগৰণৰ 19 এপ্ৰিলত প্ৰকাশিত সংবাদ মতে, প্ৰথম পৰ্যায়ৰ 102 খন আসনত গড়ত প্ৰায় 60 শতাংশ ভোটদান সম্পন্ন হৈছে। ইয়াৰ মাজত আটাইতকৈ বেছি ভোটদান ত্ৰিপুৰাত সম্পন্ন হৈছে, প্ৰায় 80 শতাংশ আৰু পশ্চিম বঙ্গত প্ৰায় 77 শতাংশ, তাত আকৌ আটাইতকৈ কম ভোটদান বিহাৰত হৈছে, প্ৰায় 47 শতাংশ। উত্তৰ প্ৰদেশত 57.61 শতাংশ, উত্তৰাখণ্ডত 53.64 আৰু ছত্তিছগড়ত প্ৰায়  63 শতাংশ ভোটদান সম্পন্ন হৈছে।”

ভাইৰাল ছবি সন্দৰ্ভত নিশ্চিত হোৱাৰ বাবে আমি দৈনিক জাগৰণৰ মুখ্য সাংবাদিক প্ৰমোদ যাদৱ লগত যোগাযোগ কৰিলোঁ, তেঁওও আমাক জঁনালে যে, এই ছবিখন বেনাৰচৰ পুৰণি ছবি হয়।

বিভ্ৰান্তীকৰ দাবিৰ সৈতে পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক ষ্কেনিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীয়ে এক বিশেষ মতাদৰ্শ অনুসৰণ কৰে আৰু সেই সম্পৰ্কিত পোষ্ট শ্বেয়াৰ কৰে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ছবিখন 2022 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ৰ ছবি। পুৰণি ছবি বিভ্ৰান্তীকৰ দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

  • Claim Review : ছবিখন এই লোকসভা নিৰ্বাচনৰ সময়ত হোৱা ভোটদানৰ ছবি
  • Claimed By : FB User: कपिल राय
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later