Fact Check: সজাগতা সৃষ্টিৰ বাবে নিৰ্মাণ কৰা ভিডিঅ’ক বাস্তৱিক বুলি উল্লেখ কৰি সাম্প্ৰদায়িক দাবীৰে কৰা হৈছে ভাইৰেল
বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে দাবীটো মিছা আছিল। দৰাচলতে, এইটো এটা স্ক্ৰিপ্টেড ভিডিঅ’ যাক প্ৰৱঞ্চনা পৰিহাৰ কৰিবলৈ লোকসকলক সজাগ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে।
- By: Pallavi Mishra
- Published: Dec 8, 2021 at 10:12 AM
নতুন দিল্লী (Vishvas News)। ২ মিনিট ২০ ছেকেণ্ডৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত শেহতীয়াকৈ ক্ষীপ্ৰতাৰে ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত এগৰাকী মহিলা আৰু তেওঁৰ স্বামীক তেওঁলোকৰ ঘৰতে ঠগ প্ৰৱঞ্চনাৰ বলি হোৱা কৰা দেখুৱাইছে। ভিডিঅ’টো গহনা লুণ্ঠনৰ অভিযোগৰ কেইটামান চিচিটিভি ফুটেজ বুলি কৈ ভাইৰেল কৰা হৈছে। ভিডিঅ’টো এটা সাম্প্ৰদায়িক দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে। বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে দাবীটো মিছা। দৰাচলতে, এইটো এটা স্ক্ৰিপ্টেড ভিডিঅ’ যাক ঠগ-প্ৰৱঞ্চনাৰ পৰা ৰক্ষা পাবলৈ জনসাধাৰণক সজাগ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল।
কি এই ভাইৰেল পোষ্ট?
ফে’চবুক পেজ Headlines Lucknow এ এই ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে “শান্তিদূতৰ নতুন কাৰুকাৰ্য…আপোনাৰ চুবুৰীতো যদি এনে টুপী পিন্ধা ফকীৰ বাবা ঘুৰি ফুৰিছে তেন্তে আপোনাৰ চুবুৰীত এওলোকক প্ৰৱেশ কৰিবলৈ নিদিব…।” ভাইৰেল ভিডিঅ’টোত, এজন ব্যক্তি ঘৰৰ পৰা ওলাই আহে আৰু ঘৰৰ লোকসকলক তেওঁলোকৰ অলংকাৰ পৰিষ্কাৰ কৰিবলৈ সৈমান কৰে। তাৰ পিছত বগা টুপী পিন্ধা আন এজন মানুহ আহি কিছু ধোঁৱা বিয়পাই দিয়ে যিয়ে পৰিয়ালটোক অচেতন কৰি তোলে আৰু দুয়োজন মানুহ অলংকাৰ লৈ পলাই যায়।
ভাইৰেল পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাওক।
অনুসন্ধান
বিশ্বাস নিউজে সৰ্বপ্ৰথমে এই ভাইৰেল ভিডিঅ’টো তন্নতন্নকৈ পৰীক্ষা কৰে। ২ মিনিট ২০ ছেকেণ্ডৰ এই ভিডিঅ’টোৰ অন্তত এটা অস্বীকাৰোক্তি উল্লেখ আছে। “Disclaimer: This Reel Life Video footage is published only for the purpose of educating the public by making them understand how the real world situations will be. During this video making we have taken real incidents and picturized to educate public. Caracters in this video are there for entertainment purpose only.” ইয়াৰ অসমীয়া অনুবাদ – এই ৰিল লাইফ ভিডিঅ’ ফুটেজটো কেৱল বাস্তৱ পৃথিৱীৰ পৰিস্থিতি কেনেকুৱা সেয়া জনসাধাৰণক বুজাই দিয়াৰ লক্ষ্যৰে প্ৰকাশ কৰা হৈছে। এই ভিডিঅ’টো নিৰ্মাণ কৰোঁতে, আমি বাস্তৱ ঘটনাবোৰ গ্ৰহণ কৰিছো আৰু ৰাইজক শিক্ষিত কৰিবলৈ সেইবোৰ চিত্ৰিত কৰিছো। এই ভিডিঅ’টোৰ চৰিত্ৰবোৰ কেৱল মনোৰঞ্জনৰ উদ্দেশ্যে।
বিশ্বাস নিউজে ইয়াৰ পিছতে ভাইৰেল ভিডিঅ’টো InVID টুলছত আপলোড কৰি ভালেমান গ্ৰেব উলিয়াই লয়। ইয়াৰ পিছত এই গ্ৰেববোৰ গুগল ৰিভাৰ্ছ ইমেজত আপলোড কৰি চাৰ্ছ কৰিবলৈ আৰম্ভ কৰে। আমি এই ভিডিঅ’টো Rock on media নামৰ এটা ফে’চবুক পেজত ১০ নৱেম্বৰ ২০২১ তাৰিখে আপলোড কৰা দেখিবলৈ পাও, ইয়াৰ সৈতে লিখা হৈছে – “Thank you for watching! Please be aware that this page features scripted dramas and parodies as well. These short films are for entertainment & educational purposes only!” ইয়াৰ অসমীয়া অনুবাদ – “চোৱাৰ বাবে ধন্যবাদ! অনুগ্ৰহ কৰি মনত ৰাখিব যে এই পৃষ্ঠাটোত স্ক্ৰিপ্টেড নাটক আৰু পেৰোডিও আছে। এই চুটি চলচ্চিত্ৰবোৰ কেৱল মনোৰঞ্জন আৰু শৈক্ষিক উদ্দেশ্যৰ বাবে!”
আমি এই সন্দৰ্ভত মিডিয়া পৃষ্ঠাত ৰকত ফোন নম্বৰৰ সৈতে যোগাযোগ কৰিছিলো। ইয়াত আমি কাৰ্তিকৰ সৈতে কথা পাতিছিলো, যি এই পৃষ্ঠাৰ প্ৰশাসক। তেওঁ আমাক কয়, “এইটো বাস্তৱ জীৱনৰ ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত এটা কাল্পনিক ভিডিঅ’, যাতে মানুহৰ মাজত সজাগতা সৃষ্টি হয়।”
আপোনাক কওঁ যে প্ৰৱঞ্চনাৰ এনে ঘটনা প্ৰায়ে পোহৰলৈ আহে। আৰক্ষীয়ে প্ৰায়ে ৰাইজক সাৱধান হ’বলৈ অনুৰোধ কৰে। অৱশেষত, আমি Headlines Lucknow পৃষ্ঠাটো পৰীক্ষা কৰিলোঁ যিয়ে ভুৱা পোষ্টটো শ্বেয়াৰ কৰিছিল। ফেচবুক পৃষ্ঠাটোত ১৩৪ জন অনুসৰণকাৰী আছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে দাবীটো মিছা আছিল। দৰাচলতে, এইটো এটা স্ক্ৰিপ্টেড ভিডিঅ’ যাক প্ৰৱঞ্চনা পৰিহাৰ কৰিবলৈ লোকসকলক সজাগ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.