X
X

Fact Check: পাটনা-দিল্লি বিমানত জুই লগাৰ পাছত অৱতৰণৰ পুৰণি ঘটনাক ভাইৰেল কৰা হৈ আছে।

বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, যিটো বাতৰিক ভাইৰেল কৰা হৈছে সেটা 2022-ৰ হয়। তেতিয়া পাটনাৰপৰা দিল্লীলৈ গৈ থকা বিমানৰ এটা অংশত জুই লগাৰ পাছত কেপ্টেইনে বিমান অৱতৰণ কৰাইছিলে। সেই পুৰণি বাতৰিক নতুন বুলি কৈ বিভ্ৰান্তিকৰ দাবীৰ সৈতে প্ৰচাৰ কৰা হৈ আছে।

  • By: Umam Noor
  • Published: Aug 28, 2024 at 02:58 PM
  • Updated: Aug 30, 2024 at 11:42 AM

নতুন দিল্লী (বিশ্বাস নিউজ) ছ’চিয়েল মিডিয়াত এগৰাকী মহিলা পাইলটৰ ছবিক শ্বেয়াৰ কৰি ইউজাৰে দাবী কৰি আছে যে, পাটনাৰপৰা দিল্লীলৈ গৈ থকা বিমানত জুই লগাৰ ঘটনা জানিবলৈ পোৱা গৈছে। জুই লগাৰ পাছতো কেপ্টেইন মোনিকা খান্নাই ছিংগল ইঞ্জিনত বিমান চলাই 191 যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিছে। এই বাতৰিক শেহতীয়া ঘটনা বুলি ভাবি শ্বেয়াৰ কৰা হৈ আছে।

বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, যিটো বাতৰিক ভাইৰেল কৰা হৈ আছে, সেইটো 2022-ৰ ঘটনা হয়। পাটনাৰপৰা দিল্লীলৈ গৈ থকা বিমানত জুই লগাৰ পাছতো কেপ্টেইনে বিমান অৱতৰণ কৰিবলৈ সফল হৈছিল। অৱশ্যে পুৰণি এই বাতৰিক নতুন বুলি কৈ বিভ্ৰান্তিকৰ দাবীৰ সৈতে প্ৰচাৰ কৰা হৈ আছে।

ভাইৰেল পোষ্টত কি আছে?

ফেচবুক ইউজাৰে ভাইৰেল পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “পাটনাৰপৰা দিল্লীলৈ গৈ থকা বিমানত জুই লগাৰ পাছত কেপ্টেইন মোনিকা খান্নাই ছিংগল ইঞ্জিনত বিমান চলাই 191 জন যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিছে। ভাৰত মাতাৰ এই সাহসী জীয়ৰীক লৈ গৰ্ব কৰোঁ।”

পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।

তদন্ত

আমি নিজৰ তদন্ত আৰম্ভ কৰি পোন প্ৰথমতে কী-ৱৰ্ডৰ সহায়ত নিউজ ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰি থাকোঁতে আমি দেখা পালোঁ যে, 20 জুন 2022-ত অমৰ উজালা-ৰ ৱেবছাইটত এই বাতৰি প্ৰকাশ পাইছিল। সেই বাতৰিত থকা তথ্য অনুসৰি, “বিহাৰৰ ৰাজধানী পাটনাত দেওবাৰে স্পাইচজেট-ৰ বিমানক জৰুৰী অৱতৰণ কৰি চালকৰ দলৰ সৈতে 191 জন যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে গোটেই দেশত সকলে কেপ্টেইন মোনিকা খান্নাৰ প্ৰশংসা কৰি আছে। বিমানৰ লগত চৰাই এটাৰ খুন্দা লগাৰ পাছত বিমানৰ এটা ইঞ্জিনত জুই লাগি গৈছিল। স্পাইচজেট-ৰ পাইলট মোনিকা খান্না ফ্লাইট এছজি 723-ৰ পাইলট ইন কমাণ্ড (পিআইচি) আছিলে। চৰাইৰ লগত খুন্দা লগাৰ লগে-লগে তেওঁ সংশ্লিষ্ট ইঞ্জিন বন্ধ কৰি দিছিলে। তাৰ পাছত অলপো লৰালৰি নকৰাকৈ দিল্লীলৈ ৰাওনা দিয়া বিমানক আকৌ পাটনা বিমান বন্দৰত সুৰক্ষিত ভাৱে অৱতৰণ কৰাইছে।”

আনহাতে, 20 জুন 2022-ত নিউজ 18-ৰ ৱেবছাইটত এই ঘটনাক লৈ প্ৰকাশ পোৱা বাতৰিত কোৱা হৈছে, “কেপ্টেইন মোনিকা খান্নাই দেওবাৰে প্ৰায় 12 বজাত স্পাইচজেট-ৰ বোইং 737 বিমানত 185 জন যাত্ৰীক লৈ পাটনাৰ জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰপৰা দিল্লীৰ আইজিআই বিমান বন্দৰৰ উদ্দেশ্যেত ৰাওনা দিছিলে। বিমান আকাশত উঠাৰ ক্ষন্তেক পাছতে বিমানৰ ইঞ্জিনত এটা চৰাই খুন্দা খাইছিল। তাৰ ফলত সেই ইঞ্জিনত জুই লাগি গৈছিল। তলৰপৰা কেইজনমান মানুহে বিমানৰপৰা ধোঁৱা ওলাই থকা দেখা পোৱাৰ লগে লগে এয়াৰ ট্ৰেফিক কনট্ৰ’লক জনাইছিল। লগে লগে সেই কথা মোনিকা খান্নাকো জনোৱা হৈছিল। তেওঁ ষ্টেণ্ডাৰ্ড প্ৰচিজৰ অনুসৰণ কৰি বিমানৰ এটা ইঞ্জিন বন্ধ কৰি দিছিলে। এটা ইঞ্জিন বন্ধ হৈ যোৱাৰ বাবে কেপ্টেইন মোনিকা খান্নাই বিমানক কেৱল আন এটা ইঞ্জিনৰ সহায়ত চলাই লৈ পাটনাৰ বিমান বন্দৰৰ দিশত উভতি আহিছিলে আৰু সুৰক্ষিত ভাৱে বিমানক অৱতৰণ কৰাইছিলে।”

এই ঘটনাক লৈ দৈনিক জাগৰণ আৰু অন্যান্য ৱেবছাইটতো 20 জুন 2022 তাৰিখত বাতৰি প্ৰকাশ পাইছিল।

ভাইৰেল পোষ্টৰ বিষয়ে নিশ্চিত হোৱাৰ বাবে আমি দৈনিক জাগৰণৰ পাটনা জিলাৰ দায়িত্ব প্ৰাপ্ত অমিত আলোকৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু তেওঁৰ সৈতে ভাইৰেল পোষ্ট শ্বেয়াৰ কৰিছিলোঁ। তেওঁ আমাক এই বিষয়ে নিশ্চিত কৰি কৈছে যে, এই ঘটনা পাটনা বিমান বন্দৰত দুই বছৰ আগতে সংঘটিত হৈছিল।

যিজন ফেচবুক ইউজাৰে বিভ্ৰান্তিকৰ পোষ্ট শ্বেয়াৰ কৰিছিলে, আমি তেওঁৰ ছ’চিয়েল স্কেনিং কৰাৰ পাছত গম পাইছোঁ যে, এই ইউজাৰ জনক 27 হেজাৰ মানুহে ফলো কৰি থাকে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, যিটো বাতৰিক ভাইৰেল কৰা হৈছে সেটা 2022-ৰ হয়। তেতিয়া পাটনাৰপৰা দিল্লীলৈ গৈ থকা বিমানৰ এটা অংশত জুই লগাৰ পাছত কেপ্টেইনে বিমান অৱতৰণ কৰাইছিলে। সেই পুৰণি বাতৰিক নতুন বুলি কৈ বিভ্ৰান্তিকৰ দাবীৰ সৈতে প্ৰচাৰ কৰা হৈ আছে।

  • Claim Review : পাটনাৰপৰা দিল্লীলৈ গৈ থকা বিমানত জুই লগাৰ পাছত কেপ্টেইন মোনিকা খান্নাই ছিংগল ইঞ্জিনত বিমান চলাই 191 জন যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিছে।
  • Claimed By : FB User- Sunil dubey
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later