Fact Check – সেনাই মোবাইল ধ্বংস কৰাৰ ভিডিঅ’ পাকিস্তানৰহে, আফগানিস্তানৰ বুলি ভুৱা দাবীৰে ভাইৰেল

আফগানিস্থানত মোবাইল নিষিদ্ধ কৰি ৰাজহুৱাকৈ মোবাইল নষ্ট কৰা ভিডিঅ’টো প্ৰকৃততে পাকিস্তানৰ এক অনুষ্ঠানৰহে। পাকিস্তানৰ ভিডিঅ’ বুলি ভাইৰেল কৰা এই ভিডিঅ’ৰ দাবী মিছা।

বিশ্বাস নিউজ (গুৱাহাটী) || শেহতীয়াকৈ বিভিন্ন ছ’চিয়েল মিডিয়া আৰু হোৱাটছএপ্পযোগে এটা ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছে। ভিডিঅ’টোত একাংশ সেনাবাহিনীৰ লোকে বহু পৰিমাণৰ মোবাইল আৰু বিভিন্ন ইলেক্ট্ৰ’নিক সামগ্ৰী ভৰিৰে গচকি নষ্ট কৰি থকা দেখা গৈছে। এই ভিডিঅ’টোৰ সৈতে ছ’চিয়েল মিডিয়া ইউজাৰসকলে দাবী কৰিছে যে এয়া তালিবান অধিকৃত আফগানিস্থানৰ দৃশ্য। ভাইৰেল কৰা ভিডিঅ’টোৰ লগত লিখা হৈছে যে আফগানিস্তানত মোবাইল ফোন নিষিদ্ধ কৰা হৈছে। সকলোৱে নিজৰ মোবাইল ফোনবোৰ স্বেচ্ছাৰে তালিবানৰ সেনাক দি দিব লাগিব, ইয়াৰ পাছত কোনোবা নাগৰিক যদি মোবাইল ফোনৰ লগত ধৰা পৰে, তেন্তে তেওঁৰ মৃত্যু অনিবাৰ্য; এয়া এক নতুন আইন। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী ভুৱা বুলি প্ৰমাণিত হৈছে। এয়া আচলতে পাকিস্তানৰ আবকাৰী বিভাগে নৱবৰ্ষৰ সামুহিকভাৱে বিভিন্ন অবৈধ সামগ্ৰী নষ্ট কৰা এটা ভিডিঅ’ৰ এটা অংশ।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ Diptendu Biswas Rana ই ৯ ফেব্ৰুৱাৰী তাৰিখে এটা ভিডিঅ’ আপলোড কৰি লিখিছে – তাদের নিয়ে যাওয়া হউক আফগানিস্তানে যারা তালেবান শাসন পছন্দ করে, আফগানিস্তানে এখন মোবাইল ফোন নিষিদ্ধ।  সবাইকে স্বেচ্ছায় তাদের মোবাইলগুলো তালেবান সেনা কর্মকর্তাদের কাছে হস্তান্তর করতে হবে। এর পর যে কাউকে মোবাইলসহ পাওয়া গেলে মৃত্যুদণ্ড হবে, এটাই আফগানিস্তানের নতুন আইন।

(তেওঁলোকক আফগানিস্তানলৈ লৈ যাওঁক যিয়ে তালিবান শাসন পছন্দ কৰে, আফগানিস্তানত এতিয়া মোবাইল ফোন নিষিদ্ধ কৰা হৈছে। সকলোৱে স্বেচ্ছাই তেওঁলোকৰ মোবাইল ফোন তালিবান সামৰিক বিষয়াসকলক হস্তান্তৰ কৰিব লাগিব। ইয়াৰ পিছত, মোবাইল ফোনৰ সৈতে পোৱা যিকোনো লোকক মৃত্যুদণ্ড দিয়া হ’ব, এয়া হৈছে আফগানিস্তানৰ নতুন আইন।)

একেধৰণৰ দাবীৰে আন বহুতো ছ’চিয়েল মিডিয়া ইউজাৰে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে। আনকি বহু হোৱাটছএপ্প গ্ৰুপতো ই ভাইৰেল হৈ পৰিছে। পোষ্টটোৰ আৰ্কাইভ লিংক ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে অনুসন্ধান আৰম্ভ কৰিয়েই এই ভাইৰেল ভিডিঅ’ৰ উৎস জানিবৰ বাবে এই ভিডিঅ’টো InVID টুলত আপলোড কৰি ইয়াৰে ভালেমান গ্ৰেব উলিয়াই লয়। ইয়াৰে এখন ফটোত দেখা গৈছে যে আফগানিস্তানৰ বুলি ভাইৰেল হোৱা ভিডিঅ’টোত দেখা এগৰাকী সৈন্যৰ Uniform ত পাকিস্তানৰ প্ৰতীক চিহ্ন। তলৰ ফটোত সেয়া চাব পাৰিব।

ইয়েই এই ভিডিঅ’ পাকিস্তানৰ নহয় বুলি কিছু প্ৰমাণ কৰাত আমি সঠিক কী-ৱৰ্ডৰ সহায়ত গুগল ছাৰ্ছ কৰোতে ভালেমান ইউটিউব ভিডিঅ’ৰ লিংক দেখিবলৈ পাও। Real Karachi নামৰ চেনেলটোৱে ২৯ ডিচেম্বৰ ২০২১ তাৰিখে আপলোড কৰা এটা ভিডিঅ’ৰ ৩৭ ছেকেণ্ডৰ পৰা ৪৮ ছেকেণ্ডৰ অংশটোত ভাইৰেল ভিডিঅ’টো দেখা গৈছে। ভিডিঅ’টো ইয়াত ক্লিক কৰি চাব পাৰিব।

ইয়াৰ উপৰিও Dr. Essa Laboratory & Diagnostic Centre Official নামৰ আন এটা ইউটিউব চেনেলেও ৩০ ডিচেম্বৰ ২০২১ তাৰিখে Pakistan Customs Destruction Ceremony নামেৰে এটা ভিডিঅ’ আপোলোড কৰে। ইয়াতো এই ভাইৰেল ভিডিঅ’টোৰ এটা অংশ স্পষ্ট ৰূপত দেখা গৈছে। ভিডিঅ’টো ইয়াত ক্লিক কৰি চাব পাৰিব।

আমাৰ অনুসন্ধানত দেখিবলৈ পালো যে এই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী তথা অবৈধ সামগ্ৰী পাকিস্তানত নষ্ট কৰা বুলি ভালেমান সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে।

ইয়াৰ পিছতে আমি অসমৰ আগশাৰীৰ বাতৰি কাকত দৈনিক অসমৰ International Page ৰ জ্যেষ্ঠ উপ-সম্পাদক সিদ্ধাৰ্থ শংকৰ ডেকাৰ সৈতে এই ভিডিঅ’ শ্বেয়াৰ কৰো আৰু ভাইৰেল দাবীৰ বিষয়ে অৱগত কৰো। সাংবাদিক ডেকাই জানিবলৈ দিয়ে যে আফগানিস্থানৰ বিভিন্ন ঠাইত মোবাইল নিষিদ্ধ কৰাৰ বাতৰি মাজে সময়ে ওলাই আছে যদিও এনেদৰে ৰাজহুৱাকৈ মোবাইল নষ্ট কৰাৰ বাতৰি মিছা।

শেষত এই ভাইৰেল ভিডিঅ’ পোষ্ট কৰা ইউজাৰ Diptendu Biswas Rana ৰ ছ’চিয়েল স্কেনিং কৰোতে লাভ কৰা তথ্য অনুসৰি লোকজন তেলিয়ামুৰাৰ বাসিন্দা। লোকজন এটা ৰাজনৈতিক দলৰ সৈতেও জড়িত।

নিষ্কৰ্ষঃ আফগানিস্থানত মোবাইল নিষিদ্ধ কৰি ৰাজহুৱাকৈ মোবাইল নষ্ট কৰা ভিডিঅ’টো প্ৰকৃততে পাকিস্তানৰ এক অনুষ্ঠানৰহে। পাকিস্তানৰ ভিডিঅ’ বুলি ভাইৰেল কৰা এই ভিডিঅ’ৰ দাবী মিছা।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস