X
X

Fact Check: ছলমন খানে নিজৰ গীতক কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ অভিযানৰ নামত উৎসৰ্গ কৰা নাই

অভিনেতা ছলমন খানৰ পুৰণি গীতক ‘ভাৰত জোড়ো’ যাত্ৰাৰ বুলি কৈ ভাইৰেল কৰা দাবী মিছা বুলি গম পোৱা গৈছে বিশ্বাস নিউজৰ তদন্তৰ পাছত। অভিনেতা ছলমন খানৰ এই গীতটি যাত্ৰাৰ দুই বছৰ পূৰ্বে 25 মে 2020-ত ৰিলিজ কৰা হৈছিল। ভাৰত জোড়ো যাত্ৰাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

  • By: Jyoti Kumari
  • Published: Sep 29, 2022 at 04:34 PM
  • Updated: Sep 29, 2022 at 05:46 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ অভিযানৰ মাজতে ছলমন খানক লৈ এটা পোষ্ট ভাইৰেল হৈ আছে। তাত এটা ভিডিঅ’ ব্যৱহাৰ কৰি এই দাবী কৰা হৈছে যে তেওঁ কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ অভিযানক সমৰ্থন কৰি নিজৰ ‘ভাই-ভাই’ গীতটো উৎসৰ্গ কৰিছে। বিশ্বাস নিউজৰ তদন্তত ভাইৰেল হোৱা দাবী মিছা বুলি জানিব পৰা গৈছে। অভিনেতা ছলমন খানৰ এই গীতটো অভিযান আৰম্ভ হোৱাৰ দুই বছৰ পূৰ্বে 25 মে 2020-ত মুক্তি পাইছিল। ইয়াৰ লগত ‘ভাৰত জোড়ো’ অভিযানৰ কোনো সম্বন্ধ নাই। ছলমন খানে নিজৰ এই গীতটোক কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ অভিযানৰ নামত উৎসৰ্গ কৰা নাই।

इस फैक्ट चेक को हिंदी में पढ़ने के लिए यहां क्लिक करें।

ভাইৰেল হোৱা পোষ্টত কি আছে?

ফেচবুক ইউজাৰ ‘পুস্কৰ সিং’-এ ভাইৰেল পোষ্ট শ্বেয়াৰ কৰি কেপশ্বনত লিখিছে, ‘ছলমন খান ভাইয়ে এই গীতটোক ভাৰত জোড়া যাত্ৰাৰ নামত উৎসর্গ করিছে। হিন্দু মুছলমান খ্ৰীষ্টান সকলে আমি ভাই-ভাই।’

ভাইৰেল পোষ্ট-ত যি লিখা হৈছে সেইটোৱে ইয়াত উল্লেখ কৰা হৈছে। এই কথাটোক সঁচা বুলি ভাবি আন ইউজাৰসকলেও ভাইৰেল কৰি আছে। পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত ইয়াত চাব পাৰে।

তদন্ত

ভাইৰেল ভিডিঅ’ৰ সত্যতা গম পোৱাৰ কাৰণে আমি গুগলত এই বিষয়ৰ লগত যুক্ত কী-ৱাৰ্ড দি ছাৰ্চ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। সেই সময়ত আমি ভাইৰেল ভিডিঅ’ত অভিনেতা ছলমন খানৰ নিজা ইউটিউব চেনেলত 25 মে 2020 তাৰিখৰ এটা আপল’ড পাইছোঁ। ভিডিঅ’টোৰ লগত লিখা আছিল, “ঈদ উপলক্ষ্যে আপোনালোকৰ সকলৰ বাবে এটা বিশেষ উপহাৰ। ভাই-ভাই শুনক আৰু ভ্ৰাতৃত্বৰ বাণী প্ৰসাৰ কৰক। সকলক ঈদৰ শুভেচ্ছা।” ভিডিঅ’টো ইয়াত ইয়াত চাওঁক।

ছাৰ্চ কৰাৰ সময়ত আমি ভাইৰেল ভিডিঅ’ৰ সৈতে যুক্ত বাতৰিৰ সন্ধানো পাইছিলোঁ। দৈনিক জাগৰণ ডট কম-ত 26 মে 2020-ত ভাইৰেল ভিডিঅ’ৰ সৈতে যুক্ত বাতৰিত কোৱা হৈছে, “ছলমন খানে নিজৰ অনুৰাগীসকলৰ কাৰণে ঈদ উপলক্ষ্যে নিজৰ ‘ভাই-ভাই’ গীতটো ৰিলিজ কৰিছে। ছলমন খানৰ এই গীতটিক সকলে বহুত পছন্দ কৰি আছে। ছলমন খানে এই গীতটিক নিজৰ ইউটিউব চেনেলত 25 মে তাৰিখে ৰিলিজ কৰিছিলে। সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক।”

আমি ছলমন খানৰ ছ’চিয়েল মিডিয়া হেণ্ডেল চালি-জাৰি চাইছোঁ এইটো গম পোৱাৰ কাৰণে যে ছলমন খানৰ ফালৰপৰা ‘ভাৰত জোড়ো’ যাত্ৰাক লৈ এনেকুৱা কোনো পোষ্ট শ্বেয়াৰ কৰা হৈছে নে নাই। আমি এনেকুৱা কোনো পোষ্টৰ সন্ধান পোৱা নাই। আমি ভাইৰেল হোৱা দাৱীক লৈ গুগলতো ছাৰ্চ কৰিছোঁ। ভাইৰেল হোৱা দাবীৰ সৈতে যুক্ত কোনো বাতৰিয়ে আমি বিচাৰি পোৱা নাই। ছ’চিয়েল হেণ্ডেলকো

বিতং তথ্য পোৱাৰ কাৰণে আমি দৈনিক জাগৰণ, মুম্বাইত বৰিষ্ঠ মনোৰঞ্জনৰ সাংবাদিক স্মিতা শ্ৰীবাস্তৱৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁৰ লগত আমি ভাইৰেল হোৱা পোষ্টো শ্বেয়াৰ কৰিছিলোঁ। তেওঁ আমাক কৈছে যে ভাইৰেল হোৱা দাবী মিছা হয়। এই ভিডিঅ’ৰ শ্বুটিং হৈছিল পনৱেলত অৱস্থিত ছলমন খানৰ ফাৰ্ম হাউচত। এইটো পুৰণি ভিডিঅ’ হয়।

নিউজ ৰিপ’ৰ্ট অনুসৰি, 7 ডিচেম্বৰত আৰম্ভ হোৱা কংগ্ৰেছৰ ‘ভাৰত জোড়ো ‘ যাত্ৰাত কন্যাকুমাৰীৰপৰা কাশ্মীৰলৈ দীঘলীয়া অভিযান সম্পূৰ্ণ কৰা হ’ব 150 দিনৰ ভিতৰত। এই ভাৰত জোড়ো যাত্ৰাৰ সময় পদযাত্ৰা, ৰেলি, আৰু সভাৰো আয়োজন কৰা হ’ব। এইবোৰ অনুষ্ঠানত কংগ্ৰেছৰ বৰিষ্ঠ নেতাসকলে উপস্থিত থাকিব।

তদন্ত কৰাৰ পাছত আমি এই ইউজাৰৰ বিষয়ে অনুসন্ধান কৰি চাইছিলোঁ যিজনে এই ভিডিঅ’টোক মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰিছিলে। অনুসন্ধান কৰাৰ পাছত গম পালোঁ যে এই ইউজাৰক ফেচবুকত 3 হেজাৰৰ অধিক মানুহে ফলো কৰে। তেওঁ এটা ৰাজনৈতিক দলৰ সৈতে যুক্ত হৈ আছে।

নিষ্কৰ্ষঃ অভিনেতা ছলমন খানৰ পুৰণি গীতক ‘ভাৰত জোড়ো’ যাত্ৰাৰ বুলি কৈ ভাইৰেল কৰা দাবী মিছা বুলি গম পোৱা গৈছে বিশ্বাস নিউজৰ তদন্তৰ পাছত। অভিনেতা ছলমন খানৰ এই গীতটি যাত্ৰাৰ দুই বছৰ পূৰ্বে 25 মে 2020-ত ৰিলিজ কৰা হৈছিল। ভাৰত জোড়ো যাত্ৰাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

  • Claim Review : ছলমন খানে এই গীতটিক ‘ভাৰত জোড়ো’ যাত্ৰাৰ নামত উৎসৰ্গ কৰিছে।
  • Claimed By : ফেচবুক ইউজাৰ – পুস্কৰ সিং
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later