Fact Check : ৰাজস্থানৰ ভিডিঅ’ক উত্তৰ প্ৰদেশৰ বুলি উল্লেখ কৰি ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে

বিশ্বাস নিউজৰ তদন্তত দাবিটো বিভ্ৰান্তিকৰ বুলি প্ৰমানিত হৈছে। প্ৰকৃততে এই ভিডিঅ'খন ৰাজস্থানৰ ভৰতপুৰৰ হয়, যিটোৰ উত্তৰ প্ৰদেশৰ বুলি উল্লেখ কৰি ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। ভিডিঅ'টোৰ সাম্প্ৰতিক সময়ৰ কোনো ঘটনাৰ লগত কোনো সম্পৰ্ক নাই।

Fact Check : ৰাজস্থানৰ ভিডিঅ’ক উত্তৰ প্ৰদেশৰ বুলি উল্লেখ কৰি ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে

নতুন দিল্লী(বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এখন ভিডিঅ’ দ্ৰুত গতিত ভাইৰাল হৈ আছে, যত তিনিজন যুৱকক ঘঁহি ঘঁহি খোঁজ কাঢ়ি থকা দেখা যায়। সামাজিক মাধ্যমত ব্যৱহাৰকাৰীসকলে এই ভিডিঅ’টোক সাম্প্ৰতিক সময়ৰ বুলি উল্লেখ কৰি এই দাবিৰ সৈতে শ্বেয়াৰ কৰি আছে যে, এই তিনিজন যুৱকে উত্তৰ প্ৰদেশত এজনি ছোৱালী জোকাইছিল, যাৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেঁওলোকৰ এই দশা কৰিছে। 

বিশ্বাস নিউজৰ তদন্তত দাবিটো বিভ্ৰান্তিকৰ বুলি প্ৰমানিত হৈছে। প্ৰকৃততে এই ভিডিঅ’খন ৰাজস্থানৰ ভৰতপুৰৰ হয়, যিটোৰ উত্তৰ প্ৰদেশৰ বুলি উল্লেখ কৰি ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। ভিডিঅ’টোৰ সাম্প্ৰতিক সময়ৰ কোনো ঘটনাৰ লগত কোনো সম্পৰ্ক নাই।

কি আছে ভাইৰাল পোষ্টত?

ফেচবুক ব্যৱহাৰকাৰী  Nisha Tyagi -এ   2 চেপ্টম্বৰ 2024 -তাৰিখে  ভাইৰাল ভিডিঅ’টো শ্বেয়াৰ কৰিছে আৰু লিখিছে, “যোগী ডাঙৰিয়া, আপোনাক ধন্যবাদ জঁনাইছো, বহু প্ৰজন্মই আপোনাক মনত ৰাখিব…**কিন্তু আজিৰ হিন্দুয়ে আপোনাক আৰু আপোনাৰ কাম-কাজক বুজিব নোৱাৰিব…**মহাশয়,,,অফজল,,,পৈছল..এই তিনিজন মুছলিম লৰা..অফজলে ৰাজস্থানত চাইকেল চলাই থকা এজনি হিন্দু ছোৱালীক টানিছিল। বাকি দুইজনে ছোৱালীজনীক বাইকেৰে খুন্দা মাৰিছিল আৰু পলাই গইছিল… এই ঘটনাৰ 24 ঘন্টাৰ ভিতৰত যোগী ডাঙৰিয়াই তেঁওলোকৰ ভৰিত গুলিয়াই দিলে আৰু হুইলচেয়াৰ অবিহনে জেলত পঠাই দিলে…যদি এয়া ৰাষ্ট্ৰীয় দলৰ সাহস হয়… তেন্তে এই সাহস আমাৰ হিন্দুসকলৰ বাবেহে। ইয়াৰ বাহিৰে বেলেক কোনো দল আছেনে…?”

ভাইৰাল পোষ্টৰ আৰ্কাইভ লিঙ্কটো ইয়াত চাব পাৰিব।

তদন্ত

ভাইৰাল ভিডিঅ’ৰ তদন্তৰ বাবে আমি ভিডিঅ’-ৰ স্ক্ৰীনশটক গুগল ইমেজৰ সহায়ত বিছাৰিলো। এই ভিডিঅ’ সন্দৰ্ভত ফেচবুকত কেইবাটাও পোষ্ট শ্বেয়াৰ হোৱা দেখা গল। Fact তন্ত্ৰ নামৰ ফেচবুক পেজ 18 -ই  চেপ্টেম্বৰ 2023 চন তাৰিখে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে যে,   “অপৰাধৰ শেষ পৰিনতি চাওক……….ভৰতপুৰৰ হিষ্ট্ৰীশিটৰ অজয় ঝামৰি-ৰ হত্যাকাণ্ডত জড়িত তিনিজন অভিযুক্তক আৰক্ষীয়ে মুখামুখি সংঘৰ্ষৰ পিছত আটক কৰিছিল। যিসকলৰ ভৰিত গুলি লাগিছিল। কিন্তু অপৰাধৰ শেষ পৰিনতি ইমান ভয়ঙ্কৰ হয় যে, অপৰাধিসকল খোঁজ কাঢ়িবও নোৱাৰা হৈছে। অৱস্থা চাওক কিদৰে অপৰাধীসকলে ভৰি ঘঁহিয়াই খোঁজ কাঢ়ি আছে। প্ৰতিটো অপৰাধৰ শেষ পৰিনতি এয়ায়ে হয়। Rajasthan Police-ক salute জঁনাও“

বিভিন্ন ব্যৱহাৰকাৰীয়েও ভিডিঅ’টোক একে সমান কেপচনৰ সৈতে শ্বেয়াৰ কৰিছে।

অনুসন্ধান প্ৰক্ৰিয়াত আমি ভিডিঅ’ সন্দৰ্ভত এখনি প্ৰতিবেদন ফাৰ্স্ট ইণ্ডিয়া-ৰ নিউজ-ৰ ভিৰিফাইড ফেচবুক পেজত পোৱা গল। 18 -ই  চেপ্টেম্বৰ 2023 চন তাৰিখে ভিডিঅ’টোক আপল’ড কৰা হৈছে।প্ৰদত্ত তথ্য মতে, এই ভিডিঅ’টো ভৰতপুৰৰ অজয় ঝামৰি-ৰ হত্যাকাণ্ডত জড়িত তিনিজন অভিযুক্তৰ হয়। আৰক্ষীৰ লগত মুখামুখি সংঘৰ্ষত অভিযুক্তসকলৰ ভৰিত গুলি লাগিছিল। ভিডিঅ’ত ভাইৰাল ভিডিঅ’-ৰ দৃশ্য স্পষ্ট দেখা পোৱা গৈছে। সেই ভিডিঅ’টোক উত্তৰ প্ৰদেশৰ বুলি উল্লেখ কৰি শ্বেয়াৰ কৰা হৈ আছে।

ভাইৰাল ভিডিঅ‘ সন্দৰ্ভত অন্যান্য প্ৰতিবেদন  সমূহ ইয়াত পঢ়িব পাৰিব।

অনুসন্ধান প্ৰক্ৰিয়া আগবঢ়াই নিঁওতে আমি ভাইৰাল দাবিটোক গুগলত বিছাৰিলো। আমি দৈনিক জাগৰণৰ এখনি প্ৰতিবেদন পালো।  17  -ই  চেপ্টেম্বৰ 2023 চন তাৰিখে প্ৰকাশিত সংবাদত কোৱা হৈছে যে, আম্বেদকাৰনগৰত এজনি ছাত্ৰীৰ লগত অশালীন আচৰণ কৰাৰ অভিযোগত দুই অভিযুক্তৰ লগত আৰক্ষীৰ সংঘৰ্ষ হল। যেতিয়া অভিযুক্তসকলক আৰক্ষীয়ে মেডিকেল তদন্তৰ বাবে লৈ গই আছিল, তেতিয়া তিনিজন অভিযুক্ত পলোৱাৰ চেষ্টা কৰে। এই সংঘৰ্ষত দুজন অভিযুক্তৰ ভৰিত গুলি লাগিলে। তাত আকৌ এজন অভিযুক্তৰ ভৰি ভাঙিলে। 

আগতেও এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰাল হৈছিল। সেই সময়ত আমি ভিডিঅ’ সন্দৰ্ভত ভৰতপুৰৰ অটল বন্দ আৰক্ষী চকীৰ এছএইছঅ’ মনীষ শৰ্মাৰ লগত যোগযোগ কৰিছিলোঁ। তেঁও আমাক নিশ্চিত কৰিছিল যে, “ভাইৰাল ভিডিঅ’টো ভৰতপুৰৰ হয়। ইয়াৰ ইউপি-ৰ লগত কোনো সম্পৰ্ক নাই। এই ভিডিঅ’টো 17  -ই  চেপ্টেম্বৰত বনোৱা হৈছিল।” ফেক্ট ৰিপোৰ্টটো ইয়াত পঢ়ক

শেষত আমি ভিডিঅ’টো শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ প্ৰ’ফাইল স্কেন কৰিলো। গম পোৱা গল যে, ব্যৱহাৰকাৰীজনক 2 হাজাৰৰও অধিক মানুহে অনুসৰণ কৰে। ব্যৱহাৰকাৰীজনে নিজক দিল্লীৰ বাসিন্দা বুলি ঘোষনা কৰিছে।

উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত দাবিটো বিভ্ৰান্তিকৰ বুলি প্ৰমানিত হৈছে। প্ৰকৃততে এই ভিডিঅ’খন ৰাজস্থানৰ ভৰতপুৰৰ হয়, যিটোক এতিযা কিছুমান মানুহে সাম্প্ৰতিক সময়ৰ বুলি উত্তৰ প্ৰদেশৰ নামত শ্বেয়াৰ কৰি আছে। ভিডিঅ’টোৰ উত্তৰ প্ৰদেশৰ লগত কোনো সম্পৰ্ক নাই।

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস