X
X

ফেক্ট চেক: বানাক্ৰান্ত কৰাচিত পিআইএ-ৰ বিমান অৱতৰণৰে পুৰণি ভিডিঅ অলপতে হোৱা বুলি ভাইৰাল হৈ আছে।

প্লাৱিত কৰাচি বিমানবন্দৰত বিমান অৱতৰণৰ পুৰনা ভিডিঅ এখন অলপতে হোৱা বুলি শ্বেয়াৰ কৰা হৈছে, যিখন প্ৰকৃততে আগষ্ট 2020-ৰ এখন ঘটনা, অলপতে ঘটা নহয়। এই দাবীটো ভ্ৰমাত্মক।

বিশ্বাস নিউজ (নিউ দিল্লী): বিশ্বাস নিউজে বিভিন্ন সামাজিক মাধ্যমত এখন ভিডিঅ দেখা পাইছে য’ত এখন বিমান বানাক্ৰান্ত বিমানবন্দৰত নমোৱা হৈছে আৰু এয়া কৰাচিৰ বুলি দাবী কৰা হৈছে। বহুতো ব্যৱহাৰকাৰীয়ে এয়া অলপতে হোৱা বুলি দাবী কৰি শ্বেয়াৰ কৰি আছে। যদিও বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত বিছাৰি উলিয়াইছে যে এই ভিডিঅখন 2020-ৰ।

দাবী:

ফেচবুক ব্যৱহাৰকাৰী, জেকে প্ৰ’ডাকচনে ভাইৰাল হোৱা ভিডিঅ শ্বেয়াৰ কৰিছে আৰু লিখিছে: কৰাচি বিমানবন্দৰ-ৰ পৰা লাইভ
পোষ্টখন আৰু ইয়াৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাওঁক

ভিডিঅখন পাকিস্তানৰ ৰাজনৈতিক আৰু পাকিস্তানি তেহৰিক-ই-ইনচাফৰ ঊৰ্ধ্বতন সদস্য ফাৱাদ চৌধুৰীয়েও তেঁওৰ টুইটাৰ প্ৰ’ফাইলত শ্বেয়াৰ কৰিছে।

কিছুসংখ্যক ব্যৱহাৰকাৰীয়ে ভিডিঅখনৰ স্থিৰ চিত্ৰও শ্বেয়াৰ কৰিছে।

টাইমচ্ অফ ইচলামাবাদ, নামক এখনি ফেচবুক পেজেও এই ভিডিঅখন শ্বেয়াৰ কৰিছে আৰু লিখিছে: সামাজিক মাধ্যমত, কৰাচি বিমানবন্দৰৰ প্লাৱিত ৰানৱে-ত পিআইএ-ৰ বিমান অৱতৰণৰ ঘটনা ভাইৰাল হৈ আছে।

তদন্ত:

বিশ্বাস নিউজে এয়া মন কৰিলে যে, ফেচবুক আৰু টুইটাৰত এই ভিডিঅ সন্দৰ্ভত বহু মতামতে এয়া ব্যাখ্যা দিছে যে, ভিডিঅখন পুৰণি।

কিছুমান কী-ফ্ৰেম পোৱাৰ পিছত আমি ইনভিড টুল ব্যৱহাৰ কৰি ভিডিঅখন বিছাৰিলো।

আমি ইয়ানডেক্সৰ মাধ্যমেও বিছাৰিলো, যিখনে আমাক AIRLIVE.net নামক এখনি ফেচবুক পেজৰ লগত চিনাকী কৰালে।

ভিডিঅখন 28 আগষ্ট, 2020-ত শ্বেয়াৰ কৰা হৈছিল। এয়ায় প্ৰমাণ কৰিলে যে ভিডিঅখন পুৰণি আৰু এয়া কোনো অলপতে ঘটা ঘটনা নহয়।

কেপশ্বনত লিখা আছে: কৰাচি বিমানবন্দৰ প্লাৱিত। এই PIA A320-টো বিমানবন্দৰটোয়ে কামকাজ বন্ধ কৰাৰ আগত শেষ বিমান।

কিছুমান কি-ৱাৰ্ডৰ যোগেদি বিছাৰি আমি ভাইৰাল হোৱা ভিডিঅখন পাকিস্তান চিভিল এভিয়েশ্বন অথ’ৰিটি-ৰ অফিছিয়াল টুইটাৰ একাউণ্টতও পাইছো।

পোষ্টখনে এয়া স্পষ্ট কৰিছে যে এয়া এখন পুৰনা ভিডিঅ।

আকৌ কি-ৱাৰ্ডৰ মাধ্যমে বিছাৰি, বিশ্বাস নিউজে বিছাৰি পালে যে, ভিডিঅখন 24 নিউজ এইছডি নামৰ এখন ইউটিউব চেনেলত আপল’ড কৰা হৈছিল, যাৰ 6.54 মিলিয়নত কৈ অধিক চাবচক্ৰাইবাৰ আছে।

কেপশ্বনটোত লিখা আছে: এক্সক্লুচিভ!! বন্যাত, বিমানবন্দৰত পিআইএ বিমানৰ জৰুৰি অৱতৰণ কৰোৱা হৈছে।

এয়া এতিয়া স্পষ্ট যে এই ভিডিঅখন 27 আগষ্ট, 2020-ৰ।

তদন্তৰ পৰৱৰ্তী ধাপত আমি চাগৰ চুহিন্দেৰ’ নামৰ পাকিস্তানৰ ডৱন নিউজৰ এজন সংবাদদাতাক লগ ধৰিলো। বিশ্বাস নিউজক তেঁও কলে যে ভিডিঅখন এতিয়াৰ নহয়। এয়া পুৰনা, 2020, যেতিয়া প্লাৱিত কৰাচি বিমানবন্দৰত পিআইই-ৰ বিমান অৱতৰণ ঘটিছিল।

তদন্তৰ শেষ ধাপত আমি জেকে প্ৰ’ডাকচন নামৰ ফেচবুক পেজখনৰ এখন চ’চিয়েল বেকগ্ৰাউণ্ড চেক কৰিলো। 124 জনৰও অধিক লোকে এই পেজখন পছন্দ কৰিছে আৰু 147 জন লোকে এয়া অনুসৰণ কৰে। এই পেজখনে সাধাৰণতে পাকিস্তানৰ খবৰ শ্বেয়াৰ কৰে।

নিষ্কৰ্ষঃ প্লাৱিত কৰাচি বিমানবন্দৰত বিমান অৱতৰণৰ পুৰনা ভিডিঅ এখন অলপতে হোৱা বুলি শ্বেয়াৰ কৰা হৈছে, যিখন প্ৰকৃততে আগষ্ট 2020-ৰ এখন ঘটনা, অলপতে ঘটা নহয়। এই দাবীটো ভ্ৰমাত্মক।

  • Claim Review : কৰাচি বিমানবন্দৰৰ পৰা লাইভ
  • Claimed By : জেকে প্ৰ’ডাকচন
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later