Fact Check: 3 সিং থকা নন্দীৰ ভিডিঅ’ৰ উজ্জৈনৰ লগত কোনো সম্পৰ্ক নাই, ছতৰপুৰৰ পুৰণা ভিডিঅ’ ভাইৰাল

Fact Check: 3 সিং থকা নন্দীৰ ভিডিঅ’ৰ উজ্জৈনৰ লগত কোনো সম্পৰ্ক নাই, ছতৰপুৰৰ পুৰণা ভিডিঅ’ ভাইৰাল

বিশ্বাস নিউজ(নতুন দিল্লী) সামাজিক মাধ্যমত ষাড়ৰ এখন ভিডিঅ’ক সাম্প্রতিক কালৰ বুলি কৈ এই দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে যে, শাওন মাহত উজ্জৈনৰ এটা মহাকাল মন্দিৰৰ বাহিৰত 3 টা চকু আৰু 3টা সিং থকা নন্দী প্ৰথমবাৰৰ বাবে দেখা গৈছে।

বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, এই দাবি ভুল। এই ভিডিঅ’খন সামাজিক মাধ্যমত 2018 ৰ পৰায়ে বিয়পি আছে। 2016 চনত বুন্দেলখণ্ডৰ ছতৰপুৰৰ বলদেৱ মহাৰাজে উজ্জৈন সিংহস্ত মহাকুম্ভৰ মেলাত লৈ আহিছিল। তেতিয়াৰ পৰায়ে এই নন্দীৰ বিভিন্ন ছবি আৰু ভিডিঅ’ বিভিন্ন দাবিৰ সৈতে ভাইৰাল হৈ আছে।

কি ভাইৰাল হৈ আছে?

ফেচবুক ব্যৱহাৰকাৰী শুভম আন্দোলায়(Subham Andola ) 28 জুলাই 2023 ত ভাইৰাল ভিডিঅ’খনক শ্বেয়াৰ কৰি কেপচনত লিখিছে যে, “উজ্জৈনত শ্ৰী মহাকাল মন্দিৰৰ বাহিৰত 3 চকু থকা আৰু 3 সিং থকা নন্দী মহাৰাজ জী। ”

পোষ্টৰ আৰ্কাইভ লিঙ্ক ইয়াত চাওক।

তদন্ত

ভাইৰাল দাবিৰ সত্যতা জানিবলৈ আমি গুগলত সম্পৰ্কিত কিৱাৰ্ডৰ জৰিয়তে বিছাৰিলো, আমি এই ভিডিঅ’খন প্ৰবীন মোহন নামৰ এজনৰ ফেচবুক একাউণ্টত পালো। ব্যৱহাৰকাৰীজনে এই ভিডিঅ’খন 7 এপ্ৰিল 2020 ত শ্বেয়াৰ কৰিছিল। কেপচনে ভিডিঅ’খনক উজ্জৈনৰ বুলি কোৱা হৈছিল।

পোৱা তথ্য অনুসৰি, আমি গুগলত সম্পৰ্কিত কিৱাৰ্ডৰ জৰিয়তে বিছৰা আৰম্ভ কৰিলো। আমি এই ভিডিঅ’খন 2018 আৰু ইয়াৰ লগত মিল থকা এখন ভিডিঅ’ 2013 ৰ ইউটিউবত শ্বেয়াৰ হোৱা পালো।

সংবাদপত্ৰৰ ৱেবচাইটত 25 নভেম্বৰ 2019 ত প্ৰকাশিত ৰিপোৰ্ট মতে, এটা নন্দী চৰ্চা আৰু কৌতুহলৰ বিষয় হৈ আছিল। মুৰত ত্ৰিশুল দৰে তিনিটা সিং আৰু তৃতীয় নয়ন থকাৰ বাবে এই নন্দীক শিৱৰ নন্দীৰ দৰে দেখা হৈছে। এই নন্দী 12 বছৰ আগত বুন্দেলখণ্ডৰ প্ৰসিদ্ধ ধাম জটাশঙ্কৰৰ কোনোবা অজ্ঞাত স্থানৰ পৰা আহিছিল। তেতিয়াৰ পৰায়ে মন্দিৰৰ দায়িত্বত নন্দী জটাশঙ্কৰতে বাস কৰে। জটাশঙ্কৰত অহা শিৱভক্তৰ মনত এই নন্দীৰ প্ৰতি ভাৱভক্তি আছে। শিৱৰ অংশ মানি লৈ নন্দীৰ পুজা কৰা হয়।

ৰিপোৰ্টৰ মতে, জটাশঙ্কৰ ট্ৰাস্টৰ অধ্যক্ষ, অৰৱিন্দ অগ্ৰৱালে কয় যে, কিষানগড়ৰ ওচৰত এখন গাঁওৰ এজন ক্ষেতিয়কৰ গৰুয়ে এই গৰু পোৱালিক জন্ম দিছিল। দুই তিন বছৰ বয়সলৈ এইটো ক্ষেতিয়কৰ ওচৰত থাকিলে। কিন্তু হঠাৎে উগ্ৰ হৈ গৈছিল। নন্দীয়ে উৎপাত কৰি থকাৰ বাবে অধৈৰ্য্য হৈ ক্ষেতিয়কে ইয়াক জটাশঙ্কৰ ধামত থৈ গৈছিল। তেতিয়াৰ পৰা আজি 12 বছৰ হৈ গল, নন্দী ট্ৰাস্টৰ চোৱাচিতাত আছে। অৰৱিন্দয় আৰু কয় যে, জটাশঙ্কৰ ধামত অহাৰ পিছত নন্দীৰ আচৰণ শান্ত হৈ গল। আগৰ দৰে উগ্ৰ হৈ নাযায়। আগতে মানুহ তেঁওৰ ওপৰত যাব পৰা নাছিল, এতিয়া তেঁও ভক্তসকলক ওচৰ চাপিবলৈ দিয়ে, আৰু উগ্ৰ নহয়।

2016 ত নৱভাৰত টাইমচত প্ৰকাশিত এটা সংবাদৰ মতে, বুন্দেলখণ্ডৰ ছতৰপুৰৰ বলদেৱ মহাৰাজে, উজ্জৈন সিংহস্ত মহাকুম্ভ মেলাত এই নন্দীক লৈ আহিছিল।

তদন্ত চলি থকা অৱস্থাত আমি, দৈনিক ভাষ্কৰ আৰু টিভি9 ত 19 নভেম্বৰ 2022 ত এই সন্দৰ্ভত প্ৰকাশিত এখন ৰিপোৰ্ট পালো। ৰিপোৰ্টৰ মতে, ছতৰপুৰৰ জটাশঙ্কৰ ধামৰ প্ৰসিদ্ধ তিনি চকু আৰু তিনি সিং থকা নন্দী মহাৰাজৰ (ষাঁড়গৰু)মৃত্যু হৈ গ’ল আৰু তেঁওক শেষ বিদায় দিয়া হল। বৈদিক ৰীতি নীতি আৰু মন্ত্ৰ উচ্চাৰণৰ মাধ্যমে তেঁওক সমাধি দিয়া হল। তেঁওৰ শেষ দৰ্শনৰ বাবে বুন্দেলখণ্ড, ৱিধ্য, মালৱাৰ পৰা আদিকৰি উত্তৰপ্ৰদেশৰ ভক্তও উপস্থিত হৈছিল।

অধিক তথ্যৰ বাবে আমি লোক ন্যাস জটাশঙ্কৰ ধামৰ অধ্যক্ষ অৰৱিন্দ অগ্ৰৱালৰ লগত যোগাযোগ কৰিলো। আমি ভাইৰাল ভিডিঅ’খন তেঁওৰ লগত শ্বেয়াৰ কৰিলো। তেঁও আমাক জঁনালে যে, “ভাইৰাল হোৱা দাবি ভুল। এই ভিডিঅ’খন ছতৰপুৰৰ জটাশঙ্কৰ ধামৰ হয়। তাত এই নন্দীজন আছিল, প্ৰায় একবছৰ আগত তেঁওৰ মৃত্যু হৈছে। য’ত তেঁও বহিছিল, তাতেই তেঁওক সমাধি দিয়া হৈছিল। তেঁওৰ তৃতীয় নয়ন নাছিল। তাত তৃতীয় নয়নৰ দৰে চিন আছিল।”

हिंदी में इस फैक्ट चेक को यहां पढ़ा जा सकता है।

সদৌ শেষত আমি ভিডিঅ’খন ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ একাউন্টক স্কেন কৰিলো। আমি গম পালো যে ব্যৱহাকাৰীজনৰ 5 হাজাৰ বন্ধু আছে। প্ৰফাইলত থকা তথ্য মতে, ব্যৱহাৰকাৰীজন উত্তৰাখণ্ডৰ বাসিন্দা।

উপসংহাৰ: বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিলে যে, ভাইৰাল ভিডিঅ’ লৈ কৰা দাবিসমূহ ভুল।

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস