X
X

Fact Check: ২০১৮ চনত সন্ত্ৰাসবাদী সংগঠন আই এছৰ দ্বাৰা এজন লোকক শিলগুটিৰে হত্যা কৰাৰ ভিডিঅ’ তালিবানৰ নামত বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল

2018 চনত, আফগানিস্তানৰ জাওজান প্ৰদেশত ধৰ্ষণৰ অভিযোগত অভিযুক্ত এজন লোকক শিলগুটিৰে হত্যা কৰা হৈছিল। একেটা ঘটনাৰ ভিডিঅ’ তালিবানৰ সৈতে সংযুক্ত হৈ আছে আৰু ভাইৰেল হৈ আছে।

নতুন দিল্লী (বিশ্বাস নিউজ) । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা ভিডিঅ’ত দেখা গৈছে যে এজন লোকক শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে। ভিডিঅ’টো তালিবান আফগানিস্তানলৈ উভতি অহাৰ পিছত হোৱা বুলি দাবী কৰা হৈছে।

তালিবান আফগানিস্তানলৈ উভতি অহাৰ পিছত, কেইবাটাও ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে যাৰ তালিবানৰ সৈতে কোনো সম্পৰ্ক নাই। ভাইৰেল হৈ থকা ভিডিঅ’টোও তালিবানৰ সৈতে সম্পৰ্কিত নহয়। ২০১৮ ৰ ভিডিঅ’টো শেহতীয়া বুলি কৈ এটা বিভ্ৰান্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ ‘Leftist Media Collective’ এ ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰি (আৰ্কাইভ লিংক) লিখিছে, ”Afghanistan Decends into Stone Age Rule Under Taliban Authorities.” (তালিবান শাসনত, আফগানিস্তানে আকৌ এবাৰ প্ৰস্তৰ যুগলৈ গতি কৰিছে।)

ছ’চিয়েল মিডিয়াত আন বহুতো ব্যৱহাৰকাৰীয়ে একে আৰু একে ধৰণৰ দাবীৰ সৈতে ভিডিঅ’টো শ্বেয়াৰ কৰিছিল।

অনুসন্ধান

গুগল ৰিভাৰ্চ ইমেজে ভাইৰেল ভিডিঅ’ৰ সৈতে কৰা দাবীৰ সত্যতা বিচাৰিবলৈ InVID সঁজুলিৰ সহায়ত পোৱা ফ্ৰেমবোৰ অনুসন্ধান কৰিছিল। অনুসন্ধানটোৱে পাৰ্চী ভাষাৰ ৱেবছাইট af.shafaqna.com ত প্ৰকাশিত এটা প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ দুটা স্ক্ৰীণশ্বট ব্যৱহাৰ কৰিছে।

প্ৰতিবেদন অনুসৰি, ধৰ্ষণৰ অভিযুক্ত এজন লোকক আফগানিস্তানৰ জাওজান প্ৰদেশত সন্ত্ৰাসবাদী সংগঠন আইএছআইএল (ISIL)ৰ সদস্যসকলে শিলগুটিৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল। প্ৰতিবেদন উল্লেখ থকা তাৰিখ আৰু বছৰ পাৰ্চী বৰ্ষপঞ্জীৰ (বছৰ ১২৯৭) সৈতে সম্পৰ্কিত। মেটা ডাটা চাৰ্চৰ মতে, প্ৰতিবেদন প্ৰকাশৰ তাৰিখ হৈছে ১৮ জুন, ২০১৮, অৰ্থাৎ তালিবানে আফগানিস্তান দখল কৰাৰ প্ৰায় তিনি বছৰ আগতে।

ইয়াতেই লাভ কৰা তথ্যৰ পৰা কিছু শব্দ বাচনি কৰি আমি পুনৰ অনুসন্ধান আগবঢ়াইছিলো। এই অনুসন্ধানতে আমি bbc.com/Persian ৱেবছাইটত ঘটনাটোৰ বিৱৰণ দিয়া এটা প্ৰতিবেদন লাভ কৰিছিলোঁ, যিয়ে af.shafaqna.com প্ৰতিবেদনটো নিশ্চিত কৰে।

২২ জুন, ২০১৮ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, “আফগানিস্তানৰ জাওজান প্ৰদেশত সন্ত্ৰাসবাদী সংগঠন আই এছ (ISIS)ৰ সন্ত্ৰাসবাদীয়ে ধৰ্ষণৰ অভিযোগত অভিযুক্ত এজন ৬০ বছৰীয়া ব্যক্তিক শিলগুটিৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল।”

উল্লেখ্য যে ২০২১ চনৰ ১৫ আগষ্টত তালিবানে কাবুল অৱৰোধ কৰাৰ পিছত ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিয়ে দেশৰ পৰা পলায়ন কৰে আৰু ইয়াৰ পিছতে আফগানিস্তান আকৌ এবাৰ তালিবানৰ জিম্মালৈ যায়।

এই ভাইৰেল হৈ থকা ভিডিঅ’টো দৰাচলতে ২০১৮ ৰ ঘটনাৰ সৈতে সম্পৰ্কিত। প্ৰায় ৬০০ জন লোকে ফেচবুকত মিছা দাবীৰ সৈতে ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা পেজটো को অনুসৰণ কৰে।

নিষ্কৰ্ষঃ 2018 চনত, আফগানিস্তানৰ জাওজান প্ৰদেশত ধৰ্ষণৰ অভিযোগত অভিযুক্ত এজন লোকক শিলগুটিৰে হত্যা কৰা হৈছিল। একেটা ঘটনাৰ ভিডিঅ’ তালিবানৰ সৈতে সংযুক্ত হৈ আছে আৰু ভাইৰেল হৈ আছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later