তথ্য পৰীক্ষা: বুলডোজাৰেৰে পানী ঢালি থকাৰ এই ভিডিঅ’টো পুৰণি, ইয়াক শেহতীয়া পাকিস্তানৰ বানপানীৰ সৈতে সংযুক্ত কৰি ভাইৰেল কৰা হৈছে

বিশ্বাস নিউজে ভাইৰেল ভিডিঅ’টো পৰীক্ষা কৰি জানিব পাৰিলে যে ভিডিঅ’টো 2018 চনৰ পৰা ছচিয়েল মিডিয়াত বিদ্যমান আৰু পাকিস্তানৰ শেহতীয়া বানপানীৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। অৱশ্যে, কিছুমান বাতৰি অনুসৰি, এই ভিডিঅ’টো পাকিস্তানৰ নহয়, মধ্য প্ৰাচ্যৰ।

তথ্য পৰীক্ষা: বুলডোজাৰেৰে পানী ঢালি থকাৰ এই ভিডিঅ’টো পুৰণি, ইয়াক শেহতীয়া পাকিস্তানৰ বানপানীৰ সৈতে সংযুক্ত কৰি ভাইৰেল কৰা হৈছে

নতুন দিল্লী (বিশ্বাস নিউজ)। অলপতে পাকিস্তানত হোৱা বানপানীৰ ফলত হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছিল আৰু বিভ্ৰান্তিকৰ দাবীৰে বহুতো ভিডিঅ’ আৰু ছবিও ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল। এতিয়া এই খণ্ডটোত, এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত বুলডোজাৰবোৰেৰে বানপানী হোৱা এলেকাত ট্ৰাকত পানী ঢালি থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰোঁতে, ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই ভিডিঅ’টো পাকিস্তানৰ শেহতীয়া বৰষুণৰ সময়ৰ। যেতিয়া আমি এই ভিডিঅ’টো পৰীক্ষা কৰিছিলো, আমি দেখিছিলো যে এই ভিডিঅ’টো 2018 চনৰ পৰা ছচিয়েল মিডিয়াত বিদ্যমান আৰু পাকিস্তানৰ শেহতীয়া বানপানীৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। অৱশ্যে, কিছুমান বাতৰি অনুসৰি, এই ভিডিঅ’টো পাকিস্তানৰ নহয়, মধ্য প্ৰাচ্যৰহে।

এই ভাইৰেল পোষ্টটোত কি আছে?

ফেচবুক ব্যৱহাৰকাৰীজনে ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰিছিল আৰু ভিডিঅ’টোত লিখিছিল। ‘পাকিস্তানৰ বানপানী হোৱাত পানী আতৰোৱাৰ উন্নতমানৰ Technology ব্যৱহাৰ কৰা হৈছে_।’

পোষ্টটোৰ বিষয়বস্তু ইয়াত হুবহু লিখা হৈছে। আৰ্কাইভ সংস্কৰণটো ইয়াত চাওক।

অনুসন্ধান

আমাৰ অনুসন্ধান আৰম্ভ কৰি, আমি প্ৰথমে ভিডিঅ’টো মনোযোগেৰে চাইছিলো আৰু শুনিছিলো। ভিডিঅ’টোৰ আৰম্ভণিতে, কেমেৰাটো এখন গাড়ীৰ ভিতৰৰ পৰা অন কৰা দেখা যায় আৰু তাৰ পিছত সমগ্ৰ ভাইৰেল ভিডিঅ’টো দেখা যায়। ভিডিঅ’টো শ্বুটিং কৰা লোকসকলে জোৰেৰে হাঁহি থকা আৰু আৰবী ভাষাত নিজৰ মাজত কথা কোৱা শুনিব পৰা যায়।

ভিডিঅ’টো কেতিয়া আৰু ক’ৰ পৰা আহিছে পৰীক্ষা কৰিবলৈ, আমি ভাইৰেল ভিডিঅ’ টো ইনভিড টুলত উপস্থাপন কৰি কীফ্ৰেমবোৰ আহৰণ কৰিছিলো আৰু গুগল ৰিভাৰ্চ ইমেজৰ জৰিয়তে সেইবোৰ অনুসন্ধান কৰিছিলো। অনুসন্ধানত, এই ভিডিঅ’টো আমি 27 নৱেম্বৰ, 2018 তাৰিখে ইৰাণৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা পাইছিলো। ভিডিঅ’টো ইয়াত শ্বেয়াৰ কৰাৰ সময়ত, তেওঁ ইয়াক ইৰাণৰ আহবাজ্ চহৰৰ বুলি বৰ্ণনা কৰিছে।

এই ভিত্তিত, আমি আমাৰ অনুসন্ধান আগুৱাই লৈ গৈছিলো আৰু গুগল নিউজ অনুসন্ধান কৰিছিলো। অনুসন্ধানত, এই ভিডিঅ’টোৰ সৈতে সম্পৰ্কিত বাতৰি ইৰাণৰ বাতৰি ৱেবছাইট খবৰOnline.ir ত পোৱা গৈছিল। ইয়াতো, ভিডিঅ’টো ইৰাণৰ আহবাজৰ বুলি কোৱা হৈছে।

আমি 6 ডিচেম্বৰ, 2018 তাৰিখে এটা ইউটিউব চেনেলত আপলোড কৰা একেটা ভিডিঅ’ পাইছিলো, আৰু ইয়াত এই ভিডিঅ’টো ইৰাকৰ বাগদাদৰ বুলি কোৱা হৈছে।

ভিডিঅ’টো 2018 চনত Arabic.rt.com নামৰ এটা ৱেবছাইটত আপলোড কৰা এটা বাতৰিতো পোৱা গৈছিল। ইয়াতো খবৰ ৰ ভিতৰৰ ভিডিঅ’টোক ইৰাকৰ বাগদাদৰ বুলি বৰ্ণনা কৰা হৈছে।

ভাইৰেল ভিডিঅ’টোৰ সৈতে সম্পৰ্কিত তথ্যৰ নিশ্চিতিৰ বাবে, আমি তথ্য পৰীক্ষক আৰু ইৰাকৰ আইএফচিএন চিগনেট্ৰী ‘Tech 4 Peace’ ৰ প্ৰতিষ্ঠাপক বাহাৰ জাছিনৰ সৈতে যোগাযোগ কৰিছিলো, আৰু ভাইৰেল পোষ্টটো তেওঁৰ সৈতে শ্বেয়াৰ কৰিছিলো। ভাইৰেল ভিডিঅ’টোৰ উদ্ধৃতি দি তেওঁ আমাক কয়, “এই ভিডিঅ’টো পাকিস্তানৰ নহয় কিয়নো ভিডিঅ’টোত থকা লোকসকলে আৰবী ভাষাত কথা পাতি আছে।” ইয়াৰ বাহিৰেও, বুলডোজাৰৰ নম্বৰ প্লেটৰ ডিজাইন ইৰাণত ব্যৱহাৰ কৰা হয়। এই ভিডিঅ’টো ইৰাণৰ আহবাজ চহৰৰ, আহবাজৰ লোকসকলে ইৰাকী উচ্চাৰণত আৰবী ভাষা কয়। তেওঁ আমাৰ সৈতে এটা বাতৰিৰ লিংক ও শ্বেয়াৰ কৰিছিল, য’ত একেটা ভিডিঅ’ৰ বিষয়ে কোৱা হৈছিল যে ই ইৰাকৰ আহবাজৰ এটা ভিডিঅ’।

বিশ্বাস নিউজে স্বতন্ত্ৰভাৱে নিশ্চিত নকৰে যে এই ভিডিঅ’টো ক’ৰ বা কেতিয়াৰ হয়, কিন্তু এয়া স্পষ্ট যে ভাইৰেল হৈ থকা এই ভিডিঅ’টো 2018 চনৰ পৰা ছ’চিয়েল মিডিয়াত বিদ্যমান আছে।

বিভ্ৰান্তিকৰ পোষ্টটো শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীজনৰ সামাজিক স্কেনিংত, আমি দেখিছিলো যে ব্যৱহাৰকাৰীজন অসমৰ আৰু এই প্ৰ’ফাইলৰ পৰা এটা নিৰ্দিষ্ট আদৰ্শ-অনুপ্ৰেৰিত পোষ্ট শ্বেয়াৰ কৰা হয়।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে ভাইৰেল ভিডিঅ’টো পৰীক্ষা কৰি জানিব পাৰিলে যে ভিডিঅ’টো 2018 চনৰ পৰা ছচিয়েল মিডিয়াত বিদ্যমান আৰু পাকিস্তানৰ শেহতীয়া বানপানীৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। অৱশ্যে, কিছুমান বাতৰি অনুসৰি, এই ভিডিঅ’টো পাকিস্তানৰ নহয়, মধ্য প্ৰাচ্যৰ।

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস