X
X

Fact Check : অসমৰ বন্যাৰ এক বছৰ পুৰণি ভিডিঅ’ক দিল্লীৰ বুলি ভাইৰাল কৰা হৈ আছে।

বিশ্বাস নিউজ (নতুন দিল্লী)। দিল্লীত অহা বন্যাৰ সময়চোৱাত সামাজিক মাধ্যমত এটা ভিডিঅ’ দ্ৰুত গতিত ভাইৰাল হৈ আছে। ভিডিঅ’ত কিছুমান মানুহে কোঠা এটাত পানীত সাঁতুৰি থকা অৱস্থাত ভিডিঅ’ বনাই আছে। এই ভিডিঅ’ক শ্বেয়াৰ কৰি দাবি কৰা হৈছে যে এই ভিডিঅ’খন দিল্লীৰ এটা ছাত্ৰাবাসৰ।

 বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে এই ভিডিঅ’ৰ দিল্লীৰ লগত কোনো সম্পৰ্ক নাই। প্ৰকৃততে এই ভিডিঅ’ এক বছৰ আগত অসমৰ শিলচৰত অহা বন্যাৰ হয়।

কি ভাইৰাল হৈ আছে ?

ফেচবুক ব্যৱহাৰকাৰী নৰেশ যাদবে 15 জুলাই এই ভিডিঅ’খন শ্বেয়াৰ কৰি কেপচনত লিখিছে যে, দিল্লীৰ কোনোবা এটা হস্টেলত ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ।

পোষ্টৰ আকাৰ্ইভ লিঙ্কক ইয়াত চাওক।

তদন্ত

ভাইৰাল দাবিৰ সত্যতা জানিবলৈ আমি ভিডিঅ’ৰ বহুত কিফ্রেম ওলালো আৰু সেইসমূহক গুগল ৰিভাৰ্স ইমেজৰ জৰিয়তে বিছাৰিলো। এই প্ৰক্ৰিয়াত আমি এই ভিডিঅ’খনৰ এটা দীঘলীয়া সংষ্কৰণ সুৰজিত দাস নামৰ এটা ফেচবুক একাউণ্টত পালো। ভিডিঅ’ত মানুহবিলাকে নিজক অসমৰ শিলচৰৰ বুলি চিনাকী দি থকা দেখা গৈছে।

পোৱা তথ্যৰ ভিত্তিত আমি এই সন্দৰ্ভৰ কিৱাৰ্ডৰ সহায়তে গুগলত বিছৰা আৰম্ভ কৰিলো। আমি এই ভিডিঅ’খন জাষ্টিছ নামৰ এখন ইউটিউব একাউণ্টত জুন 2022ত আপল’ড হোৱা দেখা পালো। পোৱা তথ্য মতে, ভাইৰাল ভিডিঅ’খন অসমৰ শিলচৰত অহা বন্যাৰ হয়।

তদন্ত প্ৰক্ৰিয়া চলি থকা অৱস্থাত আমি এই ভিডিঅ’খন আইএনএন বাংলা নিউজ নামৰ এখন ফেচবুক পেজতও পালো। ভিডিঅ’খনক জুন 2022 ত শ্বেয়াৰ কৰা হৈছে।


 
পোষ্টৰ মতে, ভিডিঅ’ত লৰাবিলাকে অসমৰ শিলচৰত অহা ভয়াবহ বন্যাৰ দৃশ্য দেখুৱাই থকা দেখা গৈছে।

নৱভাৰত টাইমচত 24 জুন 2022 ত প্রকাশিত এখন ৰিপোৰ্ট মতে, “অসমত 45.34 লাখ মানুহ বন্যাৰ কৱলত পড়িছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী সেইবিলাকৰ সহযোগী নদীৰ লগত মিলি প্ৰলয়ঙ্কাৰী ৰুপ লৈছিল। ৰাজ্যত বন্যাৰ ফলত 24 ঘন্টাত সাতজনৰ মৃত্যু হোৱাৰ বাবে বন্যাত মৃতৰ সংখ্যা 108 পাইছগৈ।”

অধিক তথ্যৰ বাবে আমি অসমৰ অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সম্পাদক বিদ্যুত কুমাৰ শৰ্মাৰ লগত যোগযোগ কৰিলো। তেঁও আমাক জঁনালে যে এই ভিডিঅ’খন প্ৰায় এক বছৰ পুৰণি আৰু অসমত অহা বন্যাৰ হয়।

শেষতে আমি ভিডিঅ’খন ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ একাউণ্ট স্কেন কৰিলো। আমি গম পালো যে ব্যৱহাৰকাৰীজনৰ 5.3 হাজাৰ অনুসৰণকাৰী আছে।

উপসংহাৰ: বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, পানী ভৰ্তি কোঠাত সাঁতুৰি থকা লৰাবিলাকৰ ভাইৰাল ভিডিঅ’ৰ দিল্লীৰ লগত কোনো সম্পৰ্ক নাই। প্ৰকৃততে এই ভিডিঅ’খন অসমৰ শিলচৰত হোৱা বন্যাৰ সময়ৰ একবছৰ পুৰণি এখন ভিডিঅ’।

  • Claim Review : দিল্লীত অহা বন্যাৰ ভিডিঅ
  • Claimed By : ফেচবুক ব্যৱহাৰকাৰী ‘নৰেশ যাদব’
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later