X
X

Fact Check: পাকিস্তানৰ বিজয়ৰ পিছত পুৰণি ২০১৯ ৰ ভিডিঅ’ ভাইৰেল হৈছে

ভাৰত-পাকিস্তানৰ খেলৰ পিছত ভাইৰেল হোৱা ভিডিঅ’টো বিশ্বাস নিউজৰ অনুসন্ধানত বিভ্ৰান্তিকৰ প্ৰমাণিত হৈছে। দৰাচলতে, ২০১৯ চনৰ এখন খেলৰ সময়ত এগৰাকী মহিলাই পাকিস্তানৰ সমৰ্থনত শ্ল’গান দিছিল। এতিয়া কিছুমান ছ’চিয়েল মিডিয়া ইউজাৰে ইয়াক শেহতীয়া বুলি উল্লেখ কৰি ভাইৰেল কৰি তুলিছে।

নতুন দিল্লী (Vishvas News) শেহতীয়াকৈ, ভাৰত-পাকিস্তানৰ খেলৰ পিছত, দেশৰ বহু ঠাইত কিছুমান লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। তেওঁলোকে পাকিস্তান জিন্দাবাদৰ শ্ল’গান দিছিল বা পাকিস্তানৰ বিজয়ত উৎফুল্লিত হৈ বিভিন্ন সামাজিক মাধ্যমত লিখিছিল বুলি অভিযোগ কৰা হৈছে। এতিয়া, একেধৰণৰ ভিডিঅ’ ভাইৰেল হৈ আছে আৰু দাবী কৰা হৈছে যে এগৰাকী ভাৰতীয় মহিলাই ষ্টেডিয়ামত পাকিস্তান জিন্দাবাদৰ শ্ল’গানো দিছিল। ভিডিঅ’টো ভাইৰেল কৰি ব্যৱহাৰকাৰীসকলে লিখিছে যে মহিলাগৰাকী গুজৰাটৰ। বিশ্বাস নিউজৰ নিজস্ব তদন্তত এই ভাইৰেল ভিডিঅ’ তথা পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ব্যৱহাৰকাৰীসকলে এতিয়া ২০১৯ ৰ এই পুৰণি ভিডিঅ’টো ভাইৰেল কৰি তুলিছে।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ সুভাষ ভাটিয়াই ২৮ অক্টোবৰ তাৰিখে এটা ভিডিঅ’ নিজৰ ফে’চবুক প্ৰ’ফাইলত আপলোড কৰি লিখিছে : এয়া হৈছে ভাৰতৰ প্ৰকৃত বিশ্বাসঘাতক, গুজৰাটৰ বাসিন্দা আহমেদাবাদৰ বাসিন্দা ইয়াক ইমান ভাইৰেল কৰক যে তেওঁলোক পাকিস্তানত থকা পিতৃগহলৈ যেন গুচি যায়।

ফেচবুক পোষ্টটোৰ অনুবাদ ইয়াত হুবহু লিখা হৈছে। আন ব্যৱহাৰকাৰীসকলেও ইয়াক সঁচা বুলি ভাইৰেল কৰি তুলিছে। পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাওক।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ সত্যতা বিচাৰিবলৈ গুগল চাৰ্চৰ সহায় লয়। প্ৰাসঙ্গিক কী-ৱৰ্ডৰ জৰিয়তে অনুসন্ধান কৰাত আমি ইউটিউবত কেইবাটাও ভিডিঅ’ দেখিবলৈ পাইছিলোঁ। অধিকাংশ ভিডিঅ’ জুলাই ২০১৯ ত আপলোড কৰা হৈছিল। খবৰ পোৱা গৈছিল যে ৪ জুলাই, ২০১৯ তাৰিখে এটা ভিডিঅ’ আপলোড কৰি আহমেদাবাদৰ এগৰাকী মুছলমান মহিলাই পাকিস্তান জিন্দাবাদৰ শ্ল’গান দিছিল। এই ভিডিঅ’টো ইয়াত চাব পাৰিব।

অনুসন্ধানৰ সময়ত, আমি TV9 India ৱেবছাইটত এটা বাতৰিও পাইছিলো। ইয়াক ৪ জুলাই, ২০১৯ তাৰিখে প্ৰকাশ কৰা হৈছিল। প্ৰতিবেদনখনত কোৱা হৈছে যে ২০১৯ চনৰ পাকিস্তান আৰু আফগানিস্তানৰ খেলৰ সময়ত এগৰাকী মহিলাই বিখ্যাত ক্ৰিকেট অনুৰাগী চৌধুৰী আব্দুল জলিলৰ সৈতে ফটো তুলিছিল আৰু পাকিস্তানৰ সপক্ষে শ্ল’গান দিছিল। আহমেদাবাদ আৰক্ষীৰ অপৰাধ শাখাই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত ইয়াৰ সন্ধান আৰম্ভ কৰিছিল। সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক।

তদন্তটো আগুৱাই নি বিশ্বাস নিউজে দৈনিক জাগৰণৰ ক্ৰীড়া সম্পাদক অভিষেক ত্ৰিপাঠীৰ সৈতে ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰে। তেওঁ কৈছিল যে ভাইৰেল ভিডিঅ’টো ২০১৯ ৰ। শেহতীয়া ভাৰত-পাকিস্তানৰ বিশ্বকাপ খেলখনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

অৱশেষত, আমি বিভ্ৰান্তিকৰ পোষ্ট কৰা ব্যৱহাৰকাৰীজনৰ ছ’চিয়েল মিডিয়া প্ৰ’ফাইল পৰীক্ষা কৰিলোঁ। লাভ কৰা তথ্য অনুসৰি ব্যৱহাৰকাৰী সুভাষ ভাটিয়া জলন্ধৰৰ বাসিন্দা। তেওঁৰ একাউণ্টৰ সৈতে ৪৫০০ তকৈও অধিক লোক আছে। ব্যৱহাৰকাৰীজন এটা বিশেষ ৰাজনৈতিক দলৰ দ্বাৰা প্ৰভাৱিত বুলি প্ৰতীয়মান হয়।

নিষ্কৰ্ষঃ ভাৰত-পাকিস্তানৰ খেলৰ পিছত ভাইৰেল হোৱা ভিডিঅ’টো বিশ্বাস নিউজৰ অনুসন্ধানত বিভ্ৰান্তিকৰ প্ৰমাণিত হৈছে। দৰাচলতে, ২০১৯ চনৰ এখন খেলৰ সময়ত এগৰাকী মহিলাই পাকিস্তানৰ সমৰ্থনত শ্ল’গান দিছিল। এতিয়া কিছুমান ছ’চিয়েল মিডিয়া ইউজাৰে ইয়াক শেহতীয়া বুলি উল্লেখ কৰি ভাইৰেল কৰি তুলিছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later