X
X

ফেক্ট চেকঃ পীএম ৰ মহাৱলীপুৰম সফাই অভিযানক লৈ ছচেয়েল মিডীয়াত চলি থকা উৰা বাতৰি

  • By: Pallavi Mishra
  • Published: Nov 12, 2019 at 02:55 PM
  • Updated: Aug 29, 2020 at 04:52 PM

নতুন দিল্লী (বিশ্বাস নিউজ)| প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে অক্টোবৰ 12 শনিবাৰৰ দিনা ফিচাৰমেন কোভ ৰিচোৰ্ট আৰু স্পাৰ বাহিৰত সমুদ্ৰ লটত পেলোৱা প্লাষ্টিকৰ বটল, প্লেট আৰু অন্য জাবৰ তুলিছিলে আৰু তাৰে এটা ভিডিও আৰু কিছু ফটো ছচিয়েল মীডিয়াত ছেয়াৰ কৰিছিল| এই ভিদিওটোত বহু লোকে শলাগ লৈছিল| আনহাতে, এতিয়া ছচিয়েল মীডিয়াত কিছু ছবি ভাইৰেল হৈ পৰিছে য’ত কেমেৰা ক্ৰু আৰু এটা বোমা ডিটেক্টৰ টীমক দেখা পোৱা যাব পাৰে| কোৱা হৈছে যে পীএম দুৱৰা বিচৰ সাফাইৰ ছুট কৰিবৰ বাবে দেখুৱা হৈছে, পূৰা কেমেৰা টীম আহিছিল আৰু তাৰ আগতে পূৰা বিচখন বোমা ডিটেক্টৰ টীমে পৰীক্ষা কৰিছিল| আমি আমাৰ অনুসন্ধানত পালো যে যিবোৰ ফটোত নৰেন্দ্ৰ মোডীক দেখা গৈছে সেই কেইখন সঠিক বাকী বোৰ পুৰণি|

কি আছে ভাইৰেল পোষ্টত

ভাইৰেল পোষ্টত 5 খন ছবি আৰু এটা ভিডিও আছে| প্ৰথম আৰু পঞ্চম ফটোত প্ৰধান মন্ত্রী মোডীয়ে হাতত জাবৰৰ বেগ লৈ আছে| দ্বিতীয় ফটোত জাবৰ বুটলি থকা দেখিবলৈ পোৱা গৈছে| তৃতীয় ফটোত এটা বোমা ডিটেক্সন টীম দেখা যায়| চতুৰ্থ ফটোত এটা কেমেৰা ক্ৰু আৰু ষষ্ঠ নম্বৰত এটা ভিডিও| পোষ্ট ত দাবী কৰিছে যে মোডীয়ে জাবৰ বোটলা ৰ আগতে কেমেৰা চেট কৰিব লগা হয়| মই অন্ধ| মোক মোডী লাগে|

অনুসন্ধান

এই পোষ্টটোৰ অনুসন্ধান কৰিবলৈআমি এখন এখন কৈ সকলো ফটোৰ নিৰক্ষণ কৰিবলৈ সিদ্ধান্ত ল’লো| প্ৰথম আৰু পঞ্চম ফটো একদম সঠিক| সেই কেইখন নৰেন্দ্ৰ মোডীৰ মহাবলীপুৰামৰ যাত্রাৰ সময়ৰ| দ্বিতীয় ফটোৰ বিষয়ে গুগুল ৰিভাৰ্চ ইমেজত বহু কথা জনা গ’ল|

ইয়াৰ পিচত আমি তৃতীয় ফটোৰ পৰীক্ষা কৰিবলৈ সেইখনো গুগুল ৰিভাৰ্ত ইমেজত ছাৰ্চ কৰিলোঁ| আমি পালো যে সেইখন কেৰলাৰ কোঝিকোড সমুদ্ৰৰ তটৰ আৰু পাচ মাহ পুৰণা| প্ৰধানমন্ত্রী মোডীয়ে 23 এপ্ৰিল 2019 ত কোঝিকোড ত 2019 ৰ লোকসভা নিৰ্বাচনৰ ৰেলীত সম্বোধিত কৰিছিল| ভাইৰেল ফটোত পী এমৰ সেই ৰেলীৰ আগতে বোমা দস্তা দৱৰা স্কেন কৰা থকা সমুদ্ৰ তট দেখুৱা গৈছে| এই ফটো ডা হিন্দু ৰ এটা বাতৰিত পালোঁ য’ত লিখা আছে ” ভাৰতীয় জনতা পাৰ্টী ( ভাজপা) শুক্ৰবাৰে কোঝিকোডত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ যাত্রাৰ সৈতে কোঝিকোডত শক্তি প্ৰদৰ্শণৰ প্ৰস্তুতি কৰি আছে |”

চতুৰ্থ ফটো খন গুগুল ৰিভাৰ্চ ইমেজত ছাৰ্চ কৰোতে আমি গম পালো যে সেই ফটোখন স্কটলেণ্ডৰ ৱেষ্টসেইস সমুদ্ৰৰ তটৰ| ফটো বোৰ taysceen.com. আৰু st-andrews.ac.uk ৰ ৱেবসাইটত দেখা পোৱা যায় |

ইয়াৰ পিচত আৰু বেছি জানিবলৈ আমি তাজৰ পী আৰ ও অখিলেশ ৰঞ্জনৰ সৈতে কথা পাতিলোঁ| তেখেতে ক’লে “ভাইৰেল হৈ থকা ফটোৰ এখনো তাজৰ প্ৰপাৰ্টি নহয়| কেৱল নৰেন্দ্ৰ মোডীৰ ফটো কেইখনহে সঠিক| “

নিষ্কৰ্ষঃ আমি নিজৰ অনুসন্ধানত পালো যে ভাইৰেল হৈ থকা ফটোবোৰৰ প্ৰথম আৰু তৃতীয় ফটো পীএম মোডীৰ মবাবলীপুৰম যাত্রাৰ| বাকী ফটোবোৰ পুৰণি|

  • Claim Review : CLAIM REVIEW ঃ পীএম নৰেন্দ্ৰ মোডীৰ মহাবলীপুৰম যাত্রাৰ ফটো
  • Claimed By : Ajmal Hoque
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later