Fact Check: পশ্চিমবঙ্গৰ পুৰণি ফটোকে অসম আৰক্ষীৰ বৰ্বৰতা বুলি ভুৱা প্ৰচাৰ

উপসংহাৰ: ভাইৰেল পোষ্টটো বিশ্বাস নিউজৰ অনুসন্ধানত বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। এয়া অসম আৰক্ষীয়ে এজন শাক-পাচলি বিক্ৰেতাক আক্ৰমণ কৰাৰ ছবি নহয়। এইখন পশ্চিমবঙ্গৰ এখন পুৰণি ছবি।

Fact Check: পশ্চিমবঙ্গৰ পুৰণি ফটোকে অসম আৰক্ষীৰ বৰ্বৰতা বুলি ভুৱা প্ৰচাৰ

গুৱাহাটী (Vishvas News)। সমগ্ৰ দেশকে ক’ৰোনা মহামাৰীয়ে গ্ৰাস কৰি অনাৰ মাজতো একাংশ লোকে কিছুমান ভুৱা বাতৰি প্ৰকাশ কৰি বিকৃত মানসিকতাৰ পৰিচয় দিবলৈ কুন্ঠাবোধ কৰা নাই। শেহতীয়াকৈ এখন ফটো অসমত ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হোৱা দেখা গৈছে। এই ফটোখনত এজন লোকে ৰাস্তাত ইফালে সিফালে পৰি থকা পাচলি সংগ্ৰহ কৰি থকা দেখা গৈছে। ছ’চিয়েল মিডিয়া ইউজাৰসকলে এই ফটোখন পোষ্ট কৰি উল্লেখ কৰিছে যে এয়া অসমত চলি থকা শেহতীয়া কাৰ্ফিউৰ সময়ৰ ফটো আৰু অসম আৰক্ষীয়ে কাৰ্ফিউৰ নামত ৰাইজক অত্যাচাৰ কৰি আছে। আৰু একেখিনি কথাৰেই বিভিন্ন লোকে এই ফটোখন বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰি আছে। বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ। ভাইৰেল ফটোখন ২০২০ চনৰ মে মাহত তোলা হৈছিল। ফটোখন পশ্চিমবঙ্গৰহে, অসমৰ নহয়।

কি এই ভাইৰেল পোষ্ট?

ফেচবুক ইউজাৰ কল্পজিৎ গগৈয়ে ২০২১ চনৰ ১৩ মে’ত এই বিশেষ ছবি আপলোড কৰি লিখিছিল, লাগিলে দুটা কোৱ দিয়ক। তথাপি এনেকুৱা অমানৱীয় কামবোৰ নকৰিব। বজাৰৰ সেইবোৰ খায়েই আপোনালোক জীয়াই থকা নাই জানো? কৃষকে ৰ’দক ৰ’দ নকৈ বৰষুণক বৰষুণ নকৈ সেইবোৰ বস্তু উৎপাদন কৰে। পাৰিলে খাকি পোচাক যোৰ খুলি থৈ এদিন পথাৰত নামিবচোন, তেতিয়া বুজি পাব। কিছুমান পুলিচ কৰ্মীক দেখিলেই অন্তৰত শ্ৰদ্ধা ভাৱ জন্মে আৰু কিছুমানক দেখিলে……।

          যেতিয়া দৰমহাৰ ৫০% হ্ৰাস কৰা হ’ব তেতিয়া সেইসকল পুলিচ কৰ্মীয়ে বুজি পাব সাধাৰণ খাটি খোৱা নিপীড়িত জনতাৰ চলিবলৈ কিমান অসুবিধা হয়। “

ফেচবুক পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণটো ইয়াত দেখা যাব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল ফটোখনৰ প্ৰকৃত দিশ নিশ্চিত কৰিবলৈ গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ টুলৰ সহায় লৈছিল। আমি এই ছবিখন ৱেবছাইটত প্ৰকাশিত এটা বাতৰিত দেখিবলৈ পাইছিলো। ২০২০ চনৰ ৯ ডিচেম্বৰত প্ৰকাশিত এই বাতৰি অনুসৰি, ফটোখন পশ্চিমবঙ্গৰ বৰাসতৰ।

সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়িবলৈ পাব।

বিশ্বাস নিউজে অসমৰ আগশাৰীৰ দৈনিক বাতৰি কাকত অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ উপ-সম্পাদক বিদ্যুৎ কুমাৰ শৰ্মাৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰে। শ্ৰীযুত শৰ্মাই বিশ্বাস নিউজক কয়, “এই ভাইৰেল পোষ্টটো বিভিন্ন সময়ত আমাৰ ডিজিটেল ডেস্কলৈও আহিছিল। এইটো প্ৰকৃততে পশ্চিমবঙ্গৰ আৰু CAA আন্দোলন, লক-ডাউন, কাৰ্ফিউ আদিৰ সময়ত এইখন ভাইৰেল হৈ থাকে। ছবিখন অসমৰ নহয়।”

শেষত আমি এই পোষ্টটো শ্বেয়াৰ কৰা ইউজাৰগৰাকীৰ প্ৰ’ফাইল স্কেন কৰিলো। আমি দেখিছিলো যে ফেচবুক ইউজাৰ কল্পজিৎ গগৈ ডিগবৈৰ বাসিন্দা। আৰু সম্প্ৰতি তেওঁৰ একাউণ্টটোত ১৮১২ জন ফ’ল’ৱাৰ্ছ আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: ভাইৰেল পোষ্টটো বিশ্বাস নিউজৰ অনুসন্ধানত বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। এয়া অসম আৰক্ষীয়ে এজন শাক-পাচলি বিক্ৰেতাক আক্ৰমণ কৰাৰ ছবি নহয়। এইখন পশ্চিমবঙ্গৰ এখন পুৰণি ছবি।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস