Fact Check : ৰায়পুৰ ৰেল ষ্টেচনত স্থাপন কৰা ৱাটাৰ কুলাৰৰ পুৰণি ছবি এতিয়া দিল্লীৰ নামত ভাইৰেল হৈ পৰিছে

উপসংহাৰঃ বিশ্বাস নিউজৰ এক অনুসন্ধানত প্ৰকাশ পাইছে যে হজৰত ইমাম হুছেইনৰ নামত ৰায়পুৰ ষ্টেচনত স্থাপন কৰা ৱাটাৰ কুলাৰৰ এখন পুৰণি ছবি এতিয়া দিল্লীৰ নামত ভাইৰেল হৈ আছে। অনুসন্ধানত এই ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে।

বিশ্বাস নিউজ (নতুন দিল্লী) || শেহতীয়াকৈ ৱাটাৰ কুলাৰৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ইয়াত ‘হু ইজ হুছেইন’ লিখা আছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ভাৰতৰ ইছলামীকৰণৰ বাবে দিল্লী ৰে’ল ষ্টেচনত এটা ৱাটাৰ কুলাৰ স্থাপন কৰা হৈছে। ভাইৰেল পোষ্টটোৰ দাবীটো বিশ্বাস নিউজৰ অনুসন্ধানত ভুৱা বুলি প্ৰমাণিত হৈছে। উল্লেখ্য যে ৰায়পুৰ ষ্টেচনৰ পুৰণি ছবিখন এতিয়া কিছু লোকে ইয়াক দিল্লীৰ বুলি কৈ ভাইৰেল কৰিবলৈ লৈছে। তথ্য অনুসৰি, ৰায়পুৰত হোৱা প্ৰতিবাদৰ পিছত ইয়াক আঁতৰোৱা হৈছিল।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ব্যৱহাৰকাৰী ঠাকুৰ নীৰজ সিঙে ১৫ জুনত এখন ফটো পোষ্ট কৰি দাবী কৰিছিল: “দিল্লী ৰে’ল ষ্টেচনত পানী খোৱাৰ আগতে ভাৰতৰ ইছলামীকৰণৰ প্ৰস্তুতকৰ্তা হুছেইনৰ ওচৰলৈ যাব লাগিব। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পানী খোৱাৰ আগতে হুছেইনক মনত ৰাখিবলৈ মানুহক অনুৰোধ কৰিবলৈ বিচাৰে।’

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাওক।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে Yandex টুলত ৱাটাৰ কুলাৰৰ এখন ছবি আপলোড কৰি অনুসন্ধান আৰম্ভ কৰিছিল। আমি মূল ছবিখন Shaharnama.com নামৰ এটা ৱেবছাইটত পাইছিলোঁ। এইটো ২০১৮ চনৰ মে’ মাহত এটা বাতৰিৰ সৈতে পোষ্ট কৰা হৈছিল। আমি খবৰটোৰ পৰা গম পাইছিলো যে ছট্টিশগড়ৰ ৰায়পুৰ ৰেল ষ্টেচনত হজৰত ইমাম হুছেইনৰ নামত পেয়জলৰ এটা যন্ত্ৰ স্থাপন কৰা হৈছিল। সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক।

অনুসন্ধানৰ সময়ত আমি এটা পুৰণি টুইটো পাইছিলোঁ। ইয়াত উল্লেখ আছিল যে ৰায়পুৰ ৰেল ষ্টেচনত পেয়জল শীতলীকৰণ যন্ত্ৰৰ দুখন বিশেষ ছবি ব্যৱহাৰ কৰা হৈছিল। এইটো টুইটাৰ হেণ্ডেল হুছেইন ৰিজভি নামৰ এজন সাংবাদিকৰ। ফটোখন ৫ মে, ২০১৮ তাৰিখে আপলোড কৰা হৈছিল।

তদন্ত আগবঢ়াই বিশ্বাস নিউজে ৰায়পুৰৰ পৰা প্ৰকাশিত নই দুনিয়া কাকতৰ জ্যেষ্ঠ সাংবাদিক শংকৰ শুক্লাৰ সৈতে যোগাযোগ কৰে। তেওঁ তেতিয়াৰ ষ্টেচন মেনেজাৰ ভি টি ৰাওৰ সৈতে যোগাযোগ কৰিছিল আৰু আমাক জনাইছিল যে কেইবছৰমান আগতে ৰায়পুৰ ৰেল ষ্টেচনৰ পাঁচ নম্বৰ প্লেটফৰ্মত এটা এনজিঅ’ৰ দ্বাৰা এটা ৱাটাৰ কুলাৰ স্থাপন কৰা হৈছিল। অৱশ্যে কৰ্তৃপক্ষই বিশেষ দৃষ্টিগোচৰ হোৱাৰ পিছত পোষ্টাৰখন আঁতৰাই দিয়া হৈছিল।

শেষত দিল্লীৰ নামত ৰায়পুৰ ৰে’ল ষ্টেচনৰ পুৰণি ছবিখন ভাইৰেল কৰা ফে’চবুক ব্যৱহাৰকাৰী ঠাকুৰ নীৰজ সিঙৰ সামাজিক স্কেনিংত প্ৰকাশ পোৱা তথ্য অনুসৰি এই ব্যৱহাৰকাৰীজন উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ লোক যদিও সম্প্ৰতি তেওঁ আমেথিত বাস কৰে।

নিষ্কৰ্ষঃ উপসংহাৰঃ বিশ্বাস নিউজৰ এক অনুসন্ধানত প্ৰকাশ পাইছে যে হজৰত ইমাম হুছেইনৰ নামত ৰায়পুৰ ষ্টেচনত স্থাপন কৰা ৱাটাৰ কুলাৰৰ এখন পুৰণি ছবি এতিয়া দিল্লীৰ নামত ভাইৰেল হৈ আছে। অনুসন্ধানত এই ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস