X
X

Fact Check: ৰামদেব পীৰৰ সমাধিত উপস্থিত হোৱা শঙ্কৰাচাৰ্যৰ পুৰণি ছবিক মাজাৰৰ লগত যুক্ত কৰি শ্বেয়াৰ কৰা হৈ আছে

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, এয়া দেৰ দশকৰো আগৰ ছবি, সেই সময়ৰ ছবি যেতিয়া শঙ্কৰাচাৰ্য ৰামদেব পীৰৰ সমাধিৰ প্ৰতিৰুপত শ্ৰদ্ধা জ্ঞাপন কৰিব গৈছিল। পুৰণি ছবিক মাজাৰৰ নামত ভুৱা দাবিৰ সৈতে বিয়পাই দিয়া হৈছে।

  • By: Umam Noor
  • Published: Jul 29, 2024 at 10:13 AM
  • Updated: Jul 29, 2024 at 10:22 AM

নতুন দিল্লী(বিশ্বাস নিউজ)। সামাজিক মাধ্যমত জ্যোতিষ পীঠৰ শঙ্কৰাচাৰ্য অবিমুক্তেশ্বৰানন্দ সৰস্বতীৰ এখন ছবি ভাইৰাল হৈ আছে যিটোক শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে শঙ্কৰাচাৰ্যৰ ওপৰত অভিযোগ কৰিছে। ব্যৱহাৰকাৰীসকলে দাবি কৰি আছে যে শঙ্কৰাচাৰ্য কেইদিনমান আগত মাজাৰত চাদৰ অৰ্পণ কৰিব গৈছিল।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, এয়া দেৰ দশকৰো আগৰ ছবি, সেই সময়ৰ ছবি যেতিয়া শঙ্কৰাচাৰ্য ৰামদেব পীৰৰ সমাধিৰ প্ৰতিৰুপত শ্ৰদ্ধা জ্ঞাপন কৰিব গৈছিল। পুৰণি ছবিক মাজাৰৰ নামত ভুৱা দাবিৰ সৈতে বিয়পাই দিয়া হৈছে।

কি আছে ভাইৰাল পোষ্টত?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে যে,  ‘ৰাম মন্দিৰ যোৱা নাই কাৰণ তাত সব শাস্ত্ৰ বিৰোধী কাম হৈ আছে, ইয়াত সব ঠিকে আছিলে, সেইবাবে গলে! মাজাৰ বাবাৰ জয় হক।’

পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত পোনপ্ৰথমতে আমি গুগল লেঞ্চৰ জৰিয়তে ভাইৰাল ছবিখন বিছাৰিলোঁ। অনুসন্ধানত, ভাইৰাল ছবিখন ইমেঞ্চ নামৰ এটি ফেচবুক পেজত 17 জুলাই 2023-ত আপলড হোৱা দেখা পোৱা গল। ইয়াত থকা তথ্য মতে, এই ছবিখন সেই সময়ৰ যেতিয়া দিল্লীত শঙ্কৰাচাৰ্যই স্বামী অৰবিন্দৰ গুৰুৰ সমাধিত শ্ৰদ্ধা অৰ্পণ কৰিছিল। তাত ভাইৰাল ছবিৰ পিছফালে বগা কাপোৰ পৰিধান কৰা ব্যক্তিজন স্বামী অৰবিন্দ।

এই তথ্যৰ ভিত্তিত আমি আমাৰ তদন্ত আগবঢ়ালো আৰু জ্যোৰ্তিমঠ শঙ্কৰাচাৰ্যৰ এক্স হেণ্ডেলত 16 জানুৱাৰি  2024-ত এটা সাক্ষাৎকাৰ পোষ্ট হোৱা পোৱা গল। এই সাক্ষাৎকাৰত যেতিয়া শঙ্কৰাচাৰ্যক আজমেৰ শৰিফত চাদৰ অৰ্পণ কৰা প্ৰসঙ্গত প্ৰশ্ন সোধা হল, তেতিয়া তেঁও এই সন্দৰ্ভত কলে যে, তেঁও কোনো মাজাৰ বা দৰগাহত যোৱা নাই। তেঁওৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ উদ্দেশ্যেত এই ভুৱা দাবি কৰৈ হৈছে। যেতিয়া ৰামসেতুক লৈ আন্দোলন হৈ আছিল, তেতিয়া অৰবিন্দ স্বামী নামৰ ব্যক্তিয়ে তেঁওক দিল্লীত অৱস্থিত আশ্ৰমত যাবলৈ অনুৰোধ জঁনাইছিল। তাত ৰামদেব পীৰৰ প্ৰতিকৃতি বনাই পুজা কৰা হৈ  আছিল। অৰবিন্দ স্বামীৰ অনুৰোধত তেঁও তাত গৈছিল।

এই পোষ্টটো ইয়াৰ আগতেও ভাইৰাল হৈছিল তেতিয়া আমি জ্যোতিৰ্মঠৰ সামাজিক মাধ্যমৰ মুখপাত্ৰ সন্তোষ পাণ্ডেৰ লগত যোগাযোগ কৰিছিলো। তেঁও এই সন্দৰ্ভত জঁনালে যে, শঙ্কৰাচাৰ্য ৰামদেব পীৰৰ সমাধিৰ প্ৰতিৰুপত গৈছিল। মাজাৰত যোৱাৰ দাবি ভুল।

এতিয়া সময় আহি পৰিছিল ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেণিঙ কৰাৰ। আমি গম পালো যে, ব্যৱহাৰকাৰীজন বিশেষ মতাদৰ্শৰ লগত যুক্ত পোষ্ট শ্বেয়াৰ কৰে। 


নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, এয়া দেৰ দশকৰো আগৰ ছবি, সেই সময়ৰ ছবি যেতিয়া শঙ্কৰাচাৰ্য ৰামদেব পীৰৰ সমাধিৰ প্ৰতিৰুপত শ্ৰদ্ধা জ্ঞাপন কৰিব গৈছিল। পুৰণি ছবিক মাজাৰৰ নামত ভুৱা দাবিৰ সৈতে বিয়পাই দিয়া হৈছে।

  • Claim Review : কৰি আছে যে শঙ্কৰাচাৰ্য কেইদিনমান আগত মাজাৰত চাদৰ অৰ্পণ কৰিব গৈছিল।
  • Claimed By : FB User- कायस्थ बंधु
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later