উপসংহাৰ – ২০২১ চনৰ ১৩ জুলাইত দিল্লীৰ মিণ্টো ৰোডত বৰষুণৰ পানী জমা হোৱা নাছিল, কিন্তু এতিয়া বিভিন্ন লোকে ছ’চিয়েল মিডিয়াত এবছৰ পুৰণি এখন ফটো শ্বেয়াৰ কৰি এতিয়াৰ বুলি দাবী কৰিছে। এই পোষ্টটো আমাৰ অনুসন্ধানত বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে।
নতুন দিল্লী (বিশ্বাস নিউজ) । দেশৰ ৰাজধানী দিল্লীৰ মিণ্টো দলঙত পানী জমা হোৱাৰ পুৰণি ছবি এখন লগাই মিণ্টো দলং ডুবি যোৱাৰ বিষয়ে মিছা তথ্য ছচিয়েল মিডিয়াত বিয়পাই দিয়া হৈছে। পিছে বিশ্বাস নিউজৰ এক অনুসন্ধানত প্ৰকাশ পাইছে যে ২০২১ চনৰ ১৩ জুলাইত হোৱা বৰষুণত মিণ্টো দলংৰ তলত পানী জমা হোৱা নাছিল। এখন পুৰণি ছবিকে শ্বেয়াৰ কৰি বিভিন্ন মানুহে বিভ্ৰান্তিকৰ তথ্য বিয়পাই আছে। এই ফটোখন আমাৰ অনুসন্ধানত পুৰণি বুলি প্ৰমাণিত হৈছে।
কপিল শৰ্মা নামৰ এগৰাকী
ফে’চবুক ইউজাৰে এখন পুৰণি ছবি শ্বেয়াৰ কৰি লিখিছে – Arvind Kejriwal ৰ
দিল্লী
তাৰিখ – ১৩ জুলাই ২০২১
স্থান – মিণ্টো ব্ৰীজ
ইয়াৰ লগতে ফটোত লিখা হৈছে যে দিল্লীত প্ৰথমবাৰৰ বাবে পানীত চলিব পৰা বাছ মুকলি কৰা হৈছে।
এই পোষ্টটো ১৩ জুলাই, ২০২১ তাৰিখে শ্বেয়াৰ কৰা হৈছিল। এই পোষ্টটোত এতিয়ালৈকে দুগৰাকী লোকে মন্তব্য প্ৰকাশ কৰিছে আৰু ৪ বাৰ শ্বেয়াৰ কৰা হৈছে।
ঠিক তেনেকুৱাই আন এক পোষ্ট আমি ফে’চবুকত দেখিবলৈ পাইছিলোঁ।
প্ৰথমে আমি গুগল ৰিভাৰ্চ ইমেজৰ সহায়ত ফে’চবুক পোষ্টত ফটোখন অনুসন্ধান কৰিছিলোঁ। আমি বহুতো প্ৰতিবেদন পাইছিলো যিয়ে আমাক নিশ্চিত কৰিছিল যে এই ছবিখন যোৱা বছৰৰ আছিল। হিন্দুস্তান টাইমছৰ তথ্য অনুসৰিও নতুন দিল্লীত ধাৰাসাৰ বৰষুণৰ বাবে ডিটিচি বাছখন সেইসময়ত মিণ্টো দলঙৰ তলত ডুব গৈছিল।
একেটা খণ্ডতে, আমি ANI ৰ পৰা এটা টুইট পাইছিলো, য’ত এখন বাছ মিণ্টো দলঙৰ তলত ডুব যোৱা দেখুওৱা হৈছিল। টুইটটো ১৯ জুলাই, ২০২০ তাৰিখে পুৱা ১০:২২ বজাত কৰা হৈছিল। এই টুইটটো ইয়াত ক্লিক কৰি চাব পাৰিব।
যদি মিণ্টো দলংখন এতিয়া ডুবিলহেতেন, তেন্তে সেই বাতৰি নিশ্চয়কৈ বিভিন্ন সংবাদ মাধ্যমে পৰিৱেশন কৰিলেহেতেন। ইয়াৰ পিছতে আমি গুগলত এই সন্দৰ্ভত অনুসন্ধান কৰিছিলোঁ। আমি নৱভাৰত টাইমছত এটা প্ৰতিবেদন পাইছিলো, যিটো ১৩ জুলাই, ২০২১ তাৰিখেই প্ৰকাশিত হৈছিল। প্ৰতিবেদনখনত উল্লেখ আছিল – দিল্লীৰ বৰষুণ: এইবাৰ ধাৰাসাৰ বৰষুণৰ পাছতো, মিণ্টো দলঙৰ ওচৰত পানী জমা হোৱা নাই, টুইটাৰত জনসাধাৰণৰ প্ৰতিক্ৰিয়া। সম্পূৰ্ণ প্ৰতিবেদনটো পঢ়িবলৈ ইয়াত ক্লিক কৰক।
এই প্ৰতিবেদন মতে ১৩ জুলাই, ২০২১ তাৰিখে মিণ্টো দলংত পানী জমা হোৱা নাছিল।
তাৰ পিছত আমি ১৩ জুলাই, ২০২১ তাৰিখৰ আম আদমী পাৰ্টিৰ (আপ) টুইটাৰ হেণ্ডেলত এটা টুইট পাইছিলোঁ, য’ত কোৱা হৈছিল যে এইবাৰ মিণ্টো পথটো বৰষুণৰ পানীৰে ভৰি থকা নাছিল। তাত এটা ভিডিঅ’ও পোষ্ট কৰা হৈছে। এই টুইটটো ইয়াত ক্লিক কৰি চাব পাৰিব।
তাৰ পিছত আমি নতুন দিল্লীৰ দৈনিক জাগৰণৰ উপ মুখ্য প্ৰতিবেদক নেমিশ হেমন্তৰ সৈতে কথা পাতিছিলো। তেওঁ আমাক কৈছিল যে ১৩ জুলাইৰ বৰষুণে মিণ্টো দলংখন বৰষুণৰ পানীৰে ভৰাই দিয়া নাছিল। এয়া হৈছে পুৰণি ছবি, যাক মানুহে শ্বেয়াৰ কৰি আছে।
কপিল বাৰ্মাৰ ফেচবুক প্ৰ’ফাইল অনুসৰি, ব্যৱহাৰকাৰীজন দিল্লীত বাস কৰে। ফেচবুকত তেওঁৰ ২২৬৫ গৰাকী বন্ধু আছে।
নিষ্কৰ্ষঃ উপসংহাৰ – ২০২১ চনৰ ১৩ জুলাইত দিল্লীৰ মিণ্টো ৰোডত বৰষুণৰ পানী জমা হোৱা নাছিল, কিন্তু এতিয়া বিভিন্ন লোকে ছ’চিয়েল মিডিয়াত এবছৰ পুৰণি এখন ফটো শ্বেয়াৰ কৰি এতিয়াৰ বুলি দাবী কৰিছে। এই পোষ্টটো আমাৰ অনুসন্ধানত বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ