ফেক্ট চেক শৰদ পাৱাৰ আৰু একনাথ চিণ্ডেৰ সাক্ষাৎৰ পুৰণি ছবি এখন অলপতে হোৱা বুলি শ্বেয়াৰ কৰা হৈ আছে

বিশ্বাস নিউজৰ তদন্তত, একনাথ চিণ্ডে আৰু শৰদ পাৱাৰৰ মাজত হোৱা সাক্ষাৎৰ দাবী লৈ ভাইৰাল হোৱা ছবিখন ভ্ৰমাত্মক বুলি প্ৰমান হৈছে।ভাইৰাল হোৱা ছবিখন নভেম্বৰ 2021 ৰ।সেই সময়ত একনাথ চিণ্ডে মহাৰাষ্ট্ৰৰ মিত্ৰজোটৰ চৰকাৰৰ এজন মন্ত্ৰী আছিল আৰু এনচিপি-ৰ লগত কাম কৰিছিল।পাৱাৰ আৰু চিণ্ডেৰ সাক্ষাৎৰ এখন পুৰণি ছবি ভুল দাবীৰ সৈতে ভাইৰাল হৈ আছে।

ফেক্ট চেক শৰদ পাৱাৰ আৰু একনাথ চিণ্ডেৰ সাক্ষাৎৰ পুৰণি ছবি এখন অলপতে হোৱা বুলি শ্বেয়াৰ কৰা হৈ আছে

নিউ দিল্লি (বিশ্বাস টিম): সামাজিক মাধ্যমত শৰদ পাৱাৰ আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিণ্ডেৰ এখন ছবি ঘুৰি আছে। এয়া দাবী কৰা হৈছে যে শৰদ পাৱাৰ ফুল লৈ একনাথ চিণ্ডেৰ লগত সাক্ষাৎ কৰিবলৈ গৈছিল। বিশ্বাস নিউজৰ তদন্তত এই ভাইৰাল হোৱা দাবীটো ভ্ৰমাত্মক বুলি প্ৰমাণ হৈছে। ভাইৰাল হোৱা ছবিখন নভেম্বৰ 2021-ৰ।সেই সময়ত একনাথ চিণ্ডে মহাৰাষ্ট্ৰৰ মিত্ৰজোটৰ চৰকাৰৰ এজন মন্ত্ৰী আছিল আৰু এনচিপি-ৰ লগত কাম কৰিছিল। পাৱাৰ আৰু চিণ্ডেৰ সাক্ষাৎৰ এখন পুৰণি ছবি ভুল দাবীৰ সৈতে ভাইৰাল হৈ আছে।

দাবী:

ফেচবুক ব্যৱহাৰকাৰী প্ৰিথ ছিং ছবিখন শ্বেয়াৰ কৰিছে আৰু লিখিছে, “ এয়ায়ে হ’ল পাৱাৰৰ শক্তি!চিণ্ডে চাহাব, যিজনে উদ্ধৱ ঠাকৰে-ক এনচিপি-ৰ লগত জোট ভাঙিবলৈ ক’লে।”

পোষ্টটোৰ আকাৰ্ইভ লিঙ্ক ইয়াত চাব পাৰি।

তদন্ত:

আমি গুগল ৰিভাৰ্চ ইমেজ ছাৰ্চৰ জৰিয়তে ভাইৰাল হোৱা ছবিখন বিছাৰিলো। আমি ভাইৰাল হোৱা ছবিখন এনচিপি-ৰ অফিছিয়াল টুইটাৰ হেণ্ডেলত পালো। এয়া 11 নভেম্বৰ 2021 ত নিম্নলিখিত উদ্ধৃতিৰ সৈতে আপল’ড কৰা হৈছিল “ৰাজ্যিক নগৰ বিকাশ মন্ত্ৰী একনাথ চিণ্ডে, শৰদ পাৱাৰৰ মুম্বইস্থিত বাসভৱনত তেঁওৰ লগত সাক্ষাৎ কৰিলে।”

একনাথ চিণ্ডে 6th জুলাই 2022, তেঁওৰ অফিছিয়েল টুইটাৰ একাউণ্টত ছবিখন শ্বেয়াৰ কৰিছে আৰু এয়া স্পষ্ট কৰিছে যে এই ছবিখন পুৰণি। চিণ্ডে মাৰাঠীত লিখিছে যে, “ এতিয়া এনচিপি-ৰ সভাপতি শৰদ পাৱাৰৰ লগত মোৰ এখন ছবি ভাইৰাল হৈ আছে। এনে কোনো সাক্ষাৎ হোৱা নাই। অনুগ্ৰহ কৰি, এই উৰা বাতৰিবোৰত বিশ্বাস নকৰিব। এয়া এখন পুৰণি ছবি”

অধিক তথ্যৰ বাবে আমি মিড-ডে-ৰ উৰ্ধ্বতন সংবাদদাতা চামিউল্লা খানক লগ ধৰিলো। তেঁও আমাক ক’লে যে, “ভাইৰাল হোৱা দাবীটো অসত্য। এয়া বহুত পুৰণি ছবি। তেঁওলোকৰ অলপতে কোনো সাক্ষাৎ হোৱা নাই। এই ছবিখন প্ৰায় ছয়-সাত মাহ পুৰণি আৰু সেই সময়ৰ যেতিয়া একনাথ চিণ্ডে মহাৰাষ্ট্ৰৰ মিত্ৰজোটৰ চৰকাৰৰ এজন মন্ত্ৰী আছিল আৰু এনচিপি-ৰ লগত কাম কৰিছিল

তদন্তৰ শেষত, আমি ফেচবুক ব্যৱহাৰকাৰী প্ৰিথ ছিঙৰ একাউণ্ট ষ্কেন কৰিলো, যিজনে দাবীটো শ্বেয়াৰ কৰিছিল। ষ্কেন কৰি আমি গম পালো যে, ব্যৱহাৰকাৰীজনৰ ফেচবুকত 44 জন বন্ধু আছে। এই ব্যৱহাৰকাৰীজন একপ্ৰকাৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত, একনাথ চিণ্ডে আৰু শৰদ পাৱাৰৰ মাজত হোৱা সাক্ষাৎৰ দাবী লৈ ভাইৰাল হোৱা ছবিখন ভ্ৰমাত্মক বুলি প্ৰমান হৈছে।ভাইৰাল হোৱা ছবিখন নভেম্বৰ 2021 ৰ।সেই সময়ত একনাথ চিণ্ডে মহাৰাষ্ট্ৰৰ মিত্ৰজোটৰ চৰকাৰৰ এজন মন্ত্ৰী আছিল আৰু এনচিপি-ৰ লগত কাম কৰিছিল।পাৱাৰ আৰু চিণ্ডেৰ সাক্ষাৎৰ এখন পুৰণি ছবি ভুল দাবীৰ সৈতে ভাইৰাল হৈ আছে।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস