চছিয়েল মিডিয়াত এজন মানুহে শিশু এটিক মুৰত তুলি নিয়া এখন ছবি ভাইৰেল হৈছে | মানুহ জন কান্ধলৈকে পানীত ডুবা, এই ভাইৰেল হোৱা ফটোখন 2019 চনৰ 14 জুলাইৰ ,অসমৰ বানপানীৰ বুলি জনোৱা হৈছে |
এজন মানুহৰ শৰীৰৰ অৰ্ধেক অংশ পানীত ডুব গৈ আছে আৰু তেওঁৰ কান্ধৰ ওপৰত এটি শিশুক কঢ়িয়াই নিয়া দেখুৱা এটা পোষ্ট মিডিয়াত ঘূৰি ফুৰিছে | এই ভাইৰেল ফটোখনৰ সৈতে জনোৱা হৈছেঃ “অসমৰ বানপানীত এজন মানুহে তুলি নিয়ে এটি শিশু | অসমৰ বাবে প্ৰাৰ্থনা কৰক |” পোষ্টটো ফেচবুকত ছেয়াৰ কৰিছে 2019 চনৰ জুলাই মাহৰ 14 তাৰিখে |
বিশ্বাস নিউজে গুগুল ৰিভাৰ্জ ইমেজত ভাইৰেল এই ফটোৰ অনুসন্ধান আৰম্ভ কৰিলে | আমি এই গুগুলত এই ফটোৰ ওপৰত একাধিক ৰিপোৰ্ট দেখিবলৈ পালোঁ |
টাইম ফিল্টাৰ ব্যৱহাৰ কৰি আৰু অলপ অনুসন্ধান কৰাৰ পাচত আমি ডেইলি মেইলত এটা আৰ্টিকোল পালো |
আৰ্টিকোল 2016 চনৰ 19 চেপ্তেম্বৰ তাৰিখৰ, হেড লাইনঃ ভাৰতৰ অসহায় পিতৃয়ে দুঘন্টা ধৰি পানী ফালি অসুস্থ্য কন্যা সন্তানটিক ‘মুৰৰ’ ওপৰত লৈ হস্পিতাললৈ গৈছে |
2019 ৰ অসমৰ বানপানীৰ ফটো বুলি জনাই থকা ফটো খন প্ৰকৃততে 2016 ৰ অন্ধ্ৰ প্ৰদেশৰ বানপানীৰ হে |
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাতচাপ নাম্বাৰত 9205270923. আমালৈ মেচেজ পঠাব পাৰে. কপিৰাইট@2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ.