ভাইৰাল পোষ্টটো বিশ্বাস নিউজৰ তদন্তত ভ্ৰমাত্মক বুলি প্ৰমানিত হৈছে। প্ৰকৃততে এই ভিডিওখন 2016-ৰ।সাম্প্ৰতিক কালত শাহৰুখ খানৰ বিমানবন্দৰত ৰখাই থোৱাৰ কোনো খবৰ নাই
নিউ দিল্লি(বিশ্বাস নিউজ). বিভিন্ন সামাজিক মাধ্যমত এখন ভিডিও ভাইৰাল হৈ আছে য’ত বলিউড অভিনেতা শাহৰুখ খানক লচ এঞ্জেলচ্ বিমানবন্দৰত ৰখি থকা বুলি ৰিপোৰ্ট কৰা হৈছে। এই ভিডিওখন এতিয়া শ্বেয়াৰ কৰাৰ মাধ্যমে এই দাবি কৰা হৈছে যে এয়া অলপতে ঘটি যোৱা এখন ঘটনা। বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত এই দাবি ভ্ৰমাত্মক বুলি গম পাইছে। আচলতে এই ভিডিওখন 2016-ৰ। সাম্প্ৰতিক কালত, শাহৰুখ খানৰ ইউএচ বিমানবন্দৰত ৰখি থকাৰ এনে কোনো খবৰ নাই।
ফেচবুক ব্যৱহাৰকাৰী ডাব্লিউএচএম.টিভি-এ এপ্ৰিলৰ 24 তাৰিখে এই ভাইৰাল পোষ্টটো শ্বেয়াৰ কৰিছে। ভিডিওৰ লগত থকা কেপচনত এই দৰে লিখা আছিল যে, “শাহৰুখ খান কিয় ইউএচ বিমানবন্দৰত ৰখিব লগা হ’ল” ।
ভাইৰাল ভিডিওটোত নিউজ২৪ ৰ ল’গ’টো স্পষ্টকৈ দেখা পোৱা যায়।বিশ্বাস নিউজে ভাইৰাল পোষ্টৰ সত্যতাৰ প্ৰমান বিছাৰিবলৈ কি-ৱাৰ্ডৰ সহায়ত গুগল ৰিৰ্ভাচ ইমেজ টুল ব্যৱহাৰ কৰে।আমি বিছাৰি পালো যে, এই ভিডিওখন নিউজ24-ৰ এখনি ভেৰিফাইড ইউটিউব চেনেলত 12 আগষ্ট 2016-ত আপল’ড কৰা হয়। লগতে থকা বিৱৰণিত এয়াও আছিল যে “ইউএচ কাষ্টমে শাহৰুখ খানক বিমানবন্দৰত ৰখিব লগা হোৱাৰ বাবে ক্ষমা খোজিছে”
আমি জাগৰণ.কম-তও শাহৰুখ খানৰ লচ এঞ্জেলচ্ বিমানবন্দৰত 2016-ত ৰখিব লগা হোৱাৰ এটা খবৰ পালো।
এই ঘটনাটোৰ বিষয়ে শাহৰুখ খানেও টুইট কৰিছিলে
পিছতে, ভাৰতত থকা ইউএচ ৰাষ্ট্ৰদূত আৰু ইউএচ ৰাজ্যিক বিভাগে এই ঘটনাৰ বাবে ক্ষমা খুঁজিছিল।
এটা নতুন খোঁজ কৰোতে, আমি জানিব পাইছো যে 2016 ৰ বাহিৰেও 2009 আৰু 2012-তও শাহৰুখ খান ইউএচ বিমানবন্দৰত ৰখিব লগা হৈছিল।২০১৬-ৰ পৰা কোনো দেশতে শাহৰুখ খানক ৰখাই থোৱাৰ কোনো খবৰ নাই।
আমি দৈনিক জাগৰণৰ বিনোদন সংবাদদাতা, স্মিতা শ্ৰীভাস্তবৰ লগত এই সন্দৰ্ভত কথা পাতিছো। তেঁও এই বিষয়ে নিশ্চিত কৰিছে যে সাম্প্ৰতিক সময়ত এনে কোনো ঘটনা ঘটা নাই।
তদন্তৰ শেষত, বিশ্বাস নিউজে ভিডিওটো ভাইৰাল কৰা ব্যৱহাৰকাৰীৰ ফেচবুক প্ৰ’ফাইল চেক কৰিছে। চ’চিয়েল ষ্কেনিঙৰ মাধ্যমে এই কথা পোহৰলৈ আহিছে যে ডাব্লিউএচএম.টিভি পেজটোৰ 2,802 অনুসৰণকাৰী আছে।
নিষ্কৰ্ষঃ ভাইৰাল পোষ্টটো বিশ্বাস নিউজৰ তদন্তত ভ্ৰমাত্মক বুলি প্ৰমানিত হৈছে। প্ৰকৃততে এই ভিডিওখন 2016-ৰ।সাম্প্ৰতিক কালত শাহৰুখ খানৰ বিমানবন্দৰত ৰখাই থোৱাৰ কোনো খবৰ নাই
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ