Fact Check: 2007-ত অসমত হোৱা ঘটনাৰ ছবিক উত্তৰাখণ্ডৰ নামত ভাইৰেল কৰা হৈ আছে

Fact Check: 2007-ত অসমত হোৱা ঘটনাৰ ছবিক উত্তৰাখণ্ডৰ নামত ভাইৰেল কৰা হৈ আছে

নতুন দিল্লী (বিশ্বাস নিউজ)। পঞ্জাবৰ অমৃতসৰত অৱস্থিত স্বৰ্ণ মন্দিৰত এজনী ছোৱালীক সোমাবলৈ বাধা দিয়াৰ পাছতেই বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই বিতৰ্কৰ লগত যুক্ত কৰি এখন বাতৰিৰ কাকতৰ অংশক ভাইৰেল কৰা হৈ আছে। তাত দেখা পোৱা গৈ আছে যে এগৰাকী মহিলাক এজন ব্যক্তিয়ে গোৰ মাৰি আছে। বাতৰি কাকতৰ সেই অংশক শ্বেয়াৰ কৰি এই দাবী কৰা হৈ আছে যে এই ঘটনা উত্তৰাখণ্ডৰ এখন মন্দিৰৰ হয়। য’ত পূজাৰীয়ে এগৰাকী দলিত ছোৱালীক মন্দিৰত সোমাই অহাৰ কাৰণে পিটিছে। বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত এই দাবীক মিছা বুলি গম পাইছে। বাতৰি কাকতৰ যিটো অংশ ভাইৰেল হৈ আছে, সেয়া 2007-ত অসমত সংঘটিত এটা পুৰণি ঘটনা হয়। সেইখনক হে এতিয়া উত্তৰাখণ্ডৰ বুলি ভুল দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

কি আছে ভাইৰেল পোষ্টত?

ফেচবুক ইউজাৰ ‘দীপ কৌৰ’ 21 এপ্ৰিলত নিজৰ ফেচবুক প্ৰাইলত ভাইৰেল হোৱা বাতৰিৰ কাকতৰ অংশক শ্বেয়াৰ কৰিছিলে আৰু তাত লিখিছে, “যাৰ মৃত্যু হৈছে, তেওঁ ignore কৰি দিয়ক, যিসকলে জীয়াই আছে, তেওঁলোকে শ্বেয়াৰ কৰক। (মানুহৰ বেয়া মনোভাৱ চাই বহুত খং উঠি আছে)” ছবিখনৰ উপৰত লিখা আছে, “দৰবাৰ চাহিবত এজনী ছোৱালী স্কাৰ্ট পিন্ধি গৈছিল কাৰণে তাক সোমাবলৈ বাধা দিয়া হৈছিল, তেতিয়া তোমালোক বুকু চাপৰি-চাপৰি কান্দিছা। আৰু এইটো চাই তোমালোকৰ মুখ বন্ধ হৈ গৈছে ডাঙৰ বিদ্বানসকল। এতিয়া কিবা কোৱা, তোমালোক কিমান বিদ্বান চোৱা যাওক।”

ছ’চিয়েল মিডিয়াত বহু কেইজন ইউজাৰে এই পোষ্টক একে ধৰণৰ বা প্ৰায় এনেকুৱা দাবীৰ সৈতে শ্বেয়াৰ কৰিছে। পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাব পাৰে।

তদন্ত

ভাইৰেল হোৱা দাবীৰ সত্যতা গম পোৱাৰ কাৰণে বিশ্বাস নিউজে গুগল ৰিভাৰ্ছ ইমেজৰ সহায়ত ভাইৰেল হোৱা বাতৰিৰ কাকতৰ অংশক ছাৰ্চ কৰি চাইছে। সেয়া কৰি থাকোঁতে এনেকুৱা বাতৰি বহু কেইখন নিউজ ৱেবছাইটত পুৰণি তাৰিখত আপলোড হৈ থকা দেখা পোৱা গৈছে। ট্ৰিবিউন ডট কম-ত ৮ ডিচেম্বৰ 2007-ত প্ৰকাশ পোৱা ৰিপোৰ্টত ভাইৰেল হোৱা ছবিখন পোৱা গৈছে। তাত থকা তথ্য অনুসৰি, “অল আদিবাসী ষ্টুডেণ্টছ এছচিয়েছন অফ অসম (এএএছএএ)-এ এই সমদলৰ আয়োজন কৰিছিল। এই ঘটনাটো গুৱাহাটীৰ বেলতলা ছাৰ্ভে ৰোডত হৈছিল। এগৰাকী আদিবাসী তৰুণীক কেইজনমান দাংগাকাৰীয়ে বিবস্ত্ৰ কৰি দিওঁতে সেই তৰুণী গৰাকী নিজক বচাবলৈ বাটৰ মাজেদি দৌৰিব লগা হৈছিল।” সম্পূৰ্ণ বাতৰি ইয়াত পঢ়ি চাব পাৰে।ছাৰ্চ কৰি থাকোঁতে আমি ‘jharkhand.org.in ‘-ত ভাইৰেল বাতৰি কাকতৰ অংশৰ লগত যুক্ত ব্লগ এটা পাইছোঁ, যিটো 27 নৱেম্বৰ 2007-ত আপলোড হৈছিল। তাত থকা তথ্য অনুসৰি, “এই ঘটনাটো বেলতলা ছাৰ্ভে ৰোডত হৈছিল।”

ভাইৰেল হোৱা বাতৰি কাকতৰ অংশত যি ছবি দেখা পোৱা গৈ আছে সেয়া ‘হেডলাইন্স টুডে’-ৰ ভিডিঅ’ ৰিপোৰ্টতো পোৱা গৈছে। 15 জুলাই 2012-ত আপলোড হোৱা ডেস্ক্ৰিপছনত লিখা হৈছিল, নিৰ্যাতিতাই অসমত হোৱা নিৰ্যাতনৰ ঘটনাত ন্যায় বিচাৰি আবেদন জনাইছে।

আমি ইমান পৰে যি তদন্ত কৰিছোঁ, তাৰপৰা এটা কথা স্পষ্ট হৈ পৰিছে যে এই ঘটনা অসমত 2007-ত সংঘটিত হৈছিল। কিন্তু বাতৰিৰ কাকতৰ অংশক ভাইৰেল কৰি কোৱা হৈছে যে এই ঘটনা দেৰাদুনৰ হণ্ডোল মন্দিৰত সংঘটিত হৈছে। সেয়ে আমি দেৰাদুন হণ্ডোল মন্দিৰ কীৱৰ্ড দি গুগলত ছাৰ্চ কৰি চাইছিলোঁ। আমি এনেকুৱা কোনো মন্দিৰৰ বিষয়ে কোনো প্ৰকাৰ তথ্য পোৱা নাই। অৱশ্যে ছাৰ্চ কৰাৰ সময়ত আমি হনোল মন্দিৰৰ বিষয়ে তথ্য পাইছিলোঁ। দেৰাদুন জিলাৰ জনগোষ্ঠীয় অঞ্চল জৌনছাৰ বাৱৰৰ গাঁও হনোলত পাণ্ডৱৰ দিনৰ শ্ৰী মহাসু দেৱতাৰ মন্দিৰ আছে। সেইখন বহুত প্ৰসিদ্ধ মন্দিৰ হয়।

আগতো এই পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। সেই সময় কোৱা হৈছিল যে এই ঘটনা পশ্চিমবংগত সংঘটিত হৈছে। তেতিয়া বিশ্বাস নিউজে তদন্ত কৰি প্ৰকৃত সত্য উদঘাটন কৰিছিল। আপোনালোকে আমাৰ আগৰ ফেক্ট চেক ষ্টোৰী ইয়াত পঢ়ি চাব পাৰে।

বিতং জানিবলৈ আমি দৈনিক জাগৰণ, দেৰাদুনৰ ছিনিয়ৰ ৰিপোৰ্টাৰ চন্দৰাম ৰাজগুৰুৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ কৈছে, “এয়া দেৰাদুনৰ ঘটনা নহয়, আনকি দেৰাদুনত হণ্ডোল নামৰ কোনো মন্দিৰে নাই। দেৰাদুন জিলাৰ জনগোষ্ঠীয় অঞ্চল জৌনছাৰ বাৱৰৰ গাঁও হনোলত পাণ্ডৱৰ দিনৰ শ্ৰী মহাসু দেৱতাৰ মন্দিৰ আছে। ভাইৰেল হোৱা ছবিখন হনোল মন্দিৰৰো নহয়।”

তদন্তৰ অন্তিম পৰ্যায়ত আমি ফেচবুকত এই পোষ্ট শ্বেয়াৰ কৰা ইউজাৰ দীপ কৌৰৰ প্ৰফাইল স্কেন কৰি চাইছোঁ। স্কেনিং কৰাৰ পাছত আমি গম পাইছোঁ যে, এই ইউজাৰক ফেচবুকত 7 হেজাৰৰো অধিক মানুহে ফলো কৰি থাকে। এই ইউজাৰ 26 ডিচেম্বৰ 2019-ৰপৰা ফেচবুকত এক্টিভ হৈ আছে।

উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত ভাইৰেল দাবী বিভ্ৰান্তিমূলক বুলি প্ৰমাণিত হৈছে। 2007-ত অসত হোৱা এটা পুৰণি ঘটনাক দেৰাদুনৰ ঘটনা বুলি কৈ মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। এই ঘটনাৰ লগত দেৰাদুনৰ কোনো সম্বন্ধ নাই।

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস