ফেক্ট ফাইণ্ড: বিস্ফোৰণ আঘাতপ্ৰাপ্ত হোৱা গাইৰ এই ফটো হিমাচল প্ৰদেশৰ নহয়, ৰাজস্থানৰ পুৰণি ঘটনাৰ সৈতে সম্বন্ধিত
আহত গাইগৰুজনীৰ যি ফটোক হিমাচল প্ৰদেশৰ ঘটনাৰ লগত সম্বন্ধ থকা বুলি ভাইৰেল কৰা গৈছে ,সেইখন ৰাজস্থানৰ ৰায়পুৰৰ লিলাঁৱাত হোৱা ঘটনাৰ লগত সম্বন্ধিত, য’ত জাবৰৰ দমত হোৱা বিস্ফোৰণত অতি বেয়াকৈ আহত হৈছিল |
- By: Abhishek Parashar
- Published: Jun 29, 2020 at 12:10 PM
নতুন দিল্লী (বিশ্বাস টীম)| কেৰলৰ পলক্কড় জিলাত হোৱা হস্তিনীৰ মৃত্যুৰ পাচত চছিয়েল মিডিয়াত আঘাট প্ৰাপ্ত গাইৰ ফটো ভাইৰেল হৈ আছে, তাকে লৈ দাবী কৰিছে যে হিমাচল প্ৰদেশত হোৱা ঘটনাৰ ফটো বুলি, তাত এজনী গাইগৰুৰ মুৰটো বিস্ফোৰণৰ কাৰণে ফাটি গৈছে |
বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী ভুল যে সেইটো ওলাই পৰিল | আঘাতপ্ৰাপ্ত গাইৰ ভাইৰেল হোৱা ফটোখন ৰাজস্থানৰ পালী জিলাৰ এখন গাৱত ঘটা বহু বছৰৰ পুৰণি ঘটনাৰ ফটো |
ভাইৰেল ফটোত কি আছে ?
ফেজবুক ইউজাৰ Kamal Kakati New এ ভাইৰেল ফটোখন ছেয়াৰ কৰি লিখিছে যে,” কেৰেলাৰ পিছত হিমাচলত নৃশংস ঘটনা, গৰুক বিস্ফোৰক সামগ্ৰী খুৱালে, মানবতা নাই কিছুমানৰ ,ইহঁত যেন পঁচি পঁচি মৰে..”
অনুসন্ধান
নিউজ চাৰ্চত আমি এক স্থানীয় ৱেবচাইট সাক্ষী সমাচাৰ ত প্ৰকাশিত খবৰৰ লিংক পালোঁ, য’ত হিমাচল প্ৰদেশত বিস্ফোটত আঘাত পোৱা গাইৰ পোৱালীৰ জন্মৰ দিয়াৰ খবৰ আছে |
এই খবৰত গাইৰ ফটোও আছে আৰু এই ভাইৰেল হৈ থকা ফটোৰ লগত কিঞ্চিতো মিল নাই |
খবৰৰ অনুসৰি, ‘ হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাৰ ঝংডূতা ভিজ ক্ষেত্রৰ অন্তৰ্গত ডাঢ় গাওঁত গাইৰ লগত ক্ৰূৰতা ৰ ঘটনা চোছিয়েল মিডিয়াত বৰ ভাইৰেল হোৱাৰ পাচত অপৰাধীৰ বিৰুদ্ধে বিচাৰ কৰা গৈছিল | সেই গাইজনীয়ে এটি সুন্দৰ পোৱালীৰ জন্ম দিয়ে | লগতে, গাইজনীও লাহে লাহে সুস্থ হৈ আছে |
তাৰ পাচত আমি অন্য কী-বোৰ্ডৰ লগত আকৌ এবাৰ চাৰ্চ কৰিলোঁ | চাৰ্চত আমি পত্রিকা ডট কম ৰ ৱেবচাইটত 27 জুন 2015 ত প্ৰকাশিত খবৰ পালোঁ | সেই অনুসৰে,ৰাজস্থানৰ ৰায়পুৰৰ লিলাৱাঁ গাৱত জাবৰত দ’মত হোৱা বিস্ফোৰণৰ কাৰণে গাইজনী আহত হৈছিল |
খবৰটোত এই আহত গাইৰ ফটো লগোৱা আছিল আৰু সেইখন ভাইৰেল হোৱা ফটোৰ লগত মিলে | বিশ্বাস নিউজে তাৰ পাচত ৰায়পুৰ থানাৰ প্ৰভাৰী জসৱন্ত সিংহৰ লগত যোগাযোগ কৰে | সিংহই জনায়,” এই ঘটনা তেখেতৰ সময়ৰ নহয়,বৰং বহু পুৰণি | এই কথাত পুলিচে আৰোপ পত্রও দাখিল কৰিছিল আৰু ভাইৰেল হৈ থকা ফটো সেই ঘটনাৰ লগত জড়িত |”
সিংহই এই ঘটনাত দাখিল কৰা চাৰ্জসীটৰ কপিও পঠালে | সেই অনুসাৰে, এই ঘটনা ৰায়পুৰৰ লিলাঁৱা গাঁৱত ঘটিছিল |
এই ফটোখন চছিয়েল মিডিয়াত বহুলোকে ছেয়াৰ কৰিছে আৰু তাৰে এজন হৈছে Kamal Kakati New নামৰ ফেচবুক ইউজাৰ | এই ইউজাৰজন গুৱাহাটীত থাকে আৰু প্ৰোফাইল ইন্ট্ৰোৰ অনুসাৰে তেখেতৰ এটা ৰাজনৈতিক পাৰ্টীৰ লগতো সম্বন্ধ আছে |
নিষ্কৰ্ষঃ আহত গাইগৰুজনীৰ যি ফটোক হিমাচল প্ৰদেশৰ ঘটনাৰ লগত সম্বন্ধ থকা বুলি ভাইৰেল কৰা গৈছে ,সেইখন ৰাজস্থানৰ ৰায়পুৰৰ লিলাঁৱাত হোৱা ঘটনাৰ লগত সম্বন্ধিত, য’ত জাবৰৰ দমত হোৱা বিস্ফোৰণত অতি বেয়াকৈ আহত হৈছিল |
- Claim Review : কেৰেলাৰ পিছত হিমাচলত নৃশংস ঘটনা, গৰুক বিস্ফোৰক সামগ্ৰী খুৱালে, মানবতা নাই কিছুমানৰ ,ইহঁত যেন পঁচি পঁচি মৰে
- Claimed By : FB User- Kamal Kakati New
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.