X
X

Fact Check: নহয়, এই ভাইৰেল ফটোখন বৰ্তমান ঘটিত অসম বানপানীৰ নহয়।

  • By: Abhishek Parashar
  • Published: Aug 9, 2019 at 07:03 PM
  • Updated: Aug 9, 2019 at 07:32 PM

চছিয়েল মিডিয়াত কিছুমান ছবি ভাইৰেল হৈছে যিবোৰ ২০১৯ চনৰ সাম্প্ৰতিক সময়ৰ অসমৰ বানপানীৰ ছবি বুলি দাবী কৰা হৈছে। প্ৰথমখন ছবিত বানপানীত এটা মৃত বাঘৰ ছবি দেখুওৱা হৈছে, আনখনত ডুব গৈ থকা ঘৰ এটাৰ চালৰ ওপৰত ল’ৰা-ছোৱালী কেইটামান বহি আছে, আৰু তৃতীয়খন ছবিত ডুব গৈ থকা গছ-গছনি দেখুওৱা হৈছে।

বিশ্বাস নিউজে অনুসন্ধান কৰে আৰু দেখে যে ভাইৰেল ফটোসমূহ পুৰণি আৰু ২০১৯ চনৰ অসমৰ বানপানীৰ নহয়।

দাবী

তিনিখন ফটোৰ এটা পোষ্ট চছিয়েল মিডিয়াত ভাইৰেল হৈছে যিটোত দাবী কৰা হৈছে যে ফটোসমূহ অসমৰ ২০১৯ চনৰ বানপানীৰ। প্ৰথমখন ছবিত পানীত এটা মৃত বাঘক দেখুওৱা হৈছে, দ্বিতীয়খন ছবিত কেইটামান ল’ৰা-ছোৱালী ডুব গৈ থকা ঘৰ এটাৰ চালৰ ওপৰত বহি থকা দেখুওৱা হৈছে, আৰু তৃতীয়খন ছবিত ডুব গৈ থকা গছ-গছনি দেখুওৱা হৈছে।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমখন ছবিৰ ‘ৰিভাৰ্ছ ইমেজ চাৰ্চ’ কৰি অনুসন্ধান আৰম্ভ কৰে। ফটোখনত পানীত এটা মৃত বাঘ দেখা যায়।

আমাৰ অনুসন্ধানৰ সময়ত, আমি দেখিবলৈ পাওঁ যে ২০১৭ চনৰ আগষ্ট মাহত নিউজ পৰ্টেল ‘আল-জাজিৰাই’ অসমৰ বানত আক্ৰান্ত ছবি হিচাপে দেখুওৱায়।

এইটোৱে প্ৰমাণ কৰে যে মৃত বাঘটোৰ ছবি ২০১৯ চনৰ অসমৰ বানপানীৰ নহয়।

আমি দ্বিতীয়খন ফটোৰো অনুসন্ধান আৰম্ভ কৰোঁ যিখনকো অসমৰ বানপানীৰ ছবি বুলি দাবী কৰা হৈছে।

আমি দ্বিতীয়খন ছবিৰ ‘ৰিভাৰ্ছ ইমেজ চাৰ্চ’ কৰোঁ আৰু দেখিবলৈ পাওঁ যে এই ছবিখন ২৭ জুলাই ২০১৬ চনৰ গুৱাহাটীৰ দক্ষিণ-পশ্চিম দিশৰ ফালে থকা দক্ষিণ কামৰূপৰ বতাহীদিয়াৰ ব্ৰহ্মপুত্ৰ নদীৰ বানত ডুব যোৱা ঘৰ এটাৰ চালৰ ওপৰত উঠি থকা কেইটামান ল’ৰা-ছোৱালীৰ। কুলেন্দু কলিতা নামৰ ফটোগ্ৰাফাৰ এজনে তোলা মূল ছবিখন এ.এফ.পি.ত পোষ্ট কৰিছিল।

আমি এ.এফ.পি.ৰ কুলেন্দু কলিতাৰ সৈতে কথা পাতিছিলোঁ যিজনে মূল ছবিখন তুলিছিল। তেওঁ জনাইছিল যে ছবিখন ২০১৬ চনৰ আৰু অসমৰ বৰ্তমানৰ বানপানীৰ নহয়। তেওঁ নিজে ছবিখন তুলিছিল।

আমি তাৰ পাছত তৃতীয়খন ছবিৰ অনুসন্ধান আৰম্ভ কৰোঁ আৰু ৰাছিয়ান চাৰ্চ ইঞ্জিন য়ানডেক্সৰ সহায়ত ‘ৰিভাৰ্ছ ইমেজ চাৰ্চ’ কৰোঁ আৰু আৱিস্কাৰ কৰোঁ যে ছবিখন পুৰণি।

চাৰ্চৰ ফলাফলত দেখা গ’ল যে ছবিখন বিহাৰৰ বানপানীৰ। ছবিখন বহু বছৰৰ আগৰে পৰা প্ৰচলিত হৈ আছে আৰু এইখন ২০১৯ চনৰ অসমৰ বানপানীৰ নহয়।

সমাপ্তি / উপসংহাৰ

নহয়, ভাইৰেল হোৱা ছবিকেইখন অসমৰ সাম্প্ৰতিক সময়ৰ বানপানীৰ ছবি নহয়।

জানক পোৰা সত্য

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ  ৱাতচাপ নাম্বাৰত 9205270923আমালৈ মেচেজ পঠাব পাৰে কপিৰাইট@2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later