X
X

Fact Check: ভাইৰেল হৈ থকা ফটোখন অসমৰ নহয়, নাইজেৰিয়াৰ এগৰাকী লোকৰ পুৰণি ফটো

বিশ্বাস নিউজৰ তদন্তত ভাইৰেল হৈ থকা ফটোখন যথেষ্ট পুৰণি বুলি প্ৰমাণিত হৈছে। ইফালে ফটোৰ লগত কৰা দাবীটো ভুৱা বুলি প্ৰমাণিত হৈছে। ভাইৰেল পোষ্টত দেখা ফটোখনৰ সৈতে বৰপেটাৰ কয়াকুছিৰ কোনো সম্পৰ্ক নাই। ফটোখন সামাজিক মাধ্যমত মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে।

  • By: Rangman Das
  • Published: Jan 20, 2022 at 07:14 PM
  • Updated: Feb 21, 2022 at 07:07 PM

গুৱাহাটী (বিশ্বাস নিউজ) || ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এখন ছবি ভাইৰেল হৈ আছে। ভাইৰেল হৈ থকা ছবিখনত এজন লোকক হাস্পতালৰ বিচনাত শুই থকা দেখা গৈছে। লোকজনৰ গোপন অংগত তেজৰ চিহ্ন দেখা গৈছে। ছ’চিয়েল মিডিয়া ইউজাৰসকলে এই ফটো অসমৰ বৰপেটা জিলাৰ কয়াকুছিৰ বুলি দাবী কৰি এই ফটোখন শ্বেয়াৰ কৰিছে। বিশ্বাস নিউজে ভাইৰেল পোষ্টটো বিতংভাৱে পৰীক্ষা কৰিছিল। আমাৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি ফটোখনৰ সৈতে ভাইৰেল হৈ থকা দাবীটো ভুৱা। ফটোখন ২০১৬ চনত নাইজেৰিয়াত সংঘটিত এটা ঘটনাৰ সৈতেহে জড়িত। ইয়াৰ সৈতে অসমৰ বৰপেটাৰ কোনো সম্পৰ্ক নাই। গতিকে এই ভাইৰেল পোষ্ট ভুৱা।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক পেজ ”Assamese 24×7” এ ১৭ জানুৱাৰী তাৰিখে এই পোষ্টটো শ্বেয়াৰ কৰি লিখিছে – #Big_Breaking_News

বৰপেটা জিলাৰ কয়াঁগুছিত জঘন্য ঘটনা!পত্নী চাজেদা বেগমে ঘৰৰ পিচফালে কাম কৰি থকাৰ সুযোগ লৈ মছজিদৰ পৰা নামাজ পঢ়ি ঘৰলৈ উভতি অহা স্বামীয়ে ৮ বছৰীয়া নিজ কন্যাৰ মুখত সোপা দি ধৰ্ষণ কৰিব খোজতে পত্নী চাজেদা বেগমে আহি চোকা কটাৰীৰে লিংগ চ্ছেদ কৰে স্বামী আব্দুল হুছেইন নামৰ শান্তিৰ ধৰ্ম লম্পটটোৰ!ইতিমধ্যে পত্নী চাজেদা বেগমে এই ঘটনা সংঘটিত কৰি আৰক্ষী থানত আত্মসমৰ্পণ কৰে

ঠিক তেনেদৰে ফে’চবুকৰ আন আন ভালেমান ইউজাৰেও এইফটোখনৰ লগতে একেধৰণৰ দাবী শ্বেয়াৰ কৰি ইয়াক ব্যাপক ৰূপত ভাইৰেল কৰি তুলিছে।

অনুসন্ধান

বিশ্বাস নিউজে অনুসন্ধান আৰম্ভ কৰি সৰ্বপ্ৰথমে এই ফটোখন য়াণ্ডেক্স টুলত আপলোড কৰে। এই ভাইৰেল ফটোখন সন্দৰ্ভত আমি বহু প্ৰতিবেদন লাভ কৰো। ২৫ এপ্ৰিল ২০১৬ তাৰিখে www.informationng.com ৱেবছাইটটোত প্ৰকাশিত এটা বাতৰিত এই ভাইৰেল ফটোখন আমি দেখিবলৈ পাও।

এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি – : Man’s Manhood Chopped Off For Taking Another Wife. ইফালে আন এক প্ৰতিবেদনত উল্লেখ কৰা মতে –  A shocking incident has happened in Gombe State where it was reported how a married woman got so jealous after her husband married another wife and she had to cut off his manhood. “সম্পূৰ্ণ খবৰটো ইয়াত পঢ়ক।

পৰৱৰ্তী অনুসন্ধানত, আমি এই ফটোখন আন বিভিন্ন সময়ত পৃথক পৃথক দাবীৰে শ্বেয়াৰ হোৱা প্ৰতিবেদনো লাভ কৰিছিলো। ইয়েই প্ৰমাণ কৰে যে এই ফটোখন অসমৰ বৰপেটাৰ সৈতে কোনোধৰণে সম্পৰ্কিত নহয়। বিভিন্ন সময়ত শ্বেয়াৰ হোৱা এই ফটোৰ প্ৰতিবেদন ইয়াত ক্লিক কৰি চাব পাৰিব।

ইয়াৰ পিছতে বিশ্বাস নিউজে ভাইৰেল পোষ্টটোত উল্লেখ থকা ঘটনা সন্দৰ্ভত কয়াকুছি আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনায় যে শেহতীয়াকৈ তেনে কোনো ঘটনা কয়াকুছি আৰক্ষী থানাত পঞ্জীয়ন হোৱা নাই।

অনুসন্ধানৰ শেষত আমি ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফে’চবুক পেজ “Assamese 24×7” স্কেন কৰিছিলো। স্কেনিংত আমি পাইছিলো যে এই পেজটোত ৬৩৯ জন লোকে অনুসৰণ কৰে। ভাইৰেল পোষ্টটো ৩৫ লোকে বিভিন্ন ধৰণে শ্বেয়াৰ কৰিছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত ভাইৰেল হৈ থকা ফটোখন যথেষ্ট পুৰণি বুলি প্ৰমাণিত হৈছে। ইফালে ফটোৰ লগত কৰা দাবীটো ভুৱা বুলি প্ৰমাণিত হৈছে। ভাইৰেল পোষ্টত দেখা ফটোখনৰ সৈতে বৰপেটাৰ কয়াকুছিৰ কোনো সম্পৰ্ক নাই। ফটোখন সামাজিক মাধ্যমত মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে।

  • Claim Review : বৰপেটা জিলাৰ কয়াঁগুছিত জঘন্য ঘটনা!পত্নী চাজেদা বেগমে ঘৰৰ পিচফালে কাম কৰি থকাৰ সুযোগ লৈ মছজিদৰ পৰা নামাজ পঢ়ি ঘৰলৈ উভতি অহা স্বামীয়ে ৮ বছৰীয়া নিজ কন্যাৰ মুখত সোপা দি ধৰ্ষণ কৰিব খোজতে পত্নী চাজেদা বেগমে আহি চোকা কটাৰীৰে লিংগ চ্ছেদ কৰে স্বামী আব্দুল হুছেইন নামৰ শান্তিৰ ধৰ্ম লম্পটটোৰ!ইতিমধ্যে পত্নী চাজেদা বেগমে এই ঘটনা সংঘটিত কৰি আৰক্ষী থানত আত্মসমৰ্পণ কৰে
  • Claimed By : Assamese 24×7
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later