ফেক্ট চেক: কোনো আঁচনিয়ে বিনামূলীয়া চেলাই মেচিন প্ৰদান কৰা নাই, ভাইৰাল হোৱা দাবীটো অসত্য

বিশ্বাস নিউজ তেঁওলোকৰ তদন্তত বিছাৰি পালে যে, মোদি চৰকাৰে মহিলাসকলক বিনামূলীয়া চেলাই মেচিন প্ৰদান কৰাৰ আঁচনি আৰম্ভ কৰা বুলি ভাইৰাল হোৱা দাবীটো ভুৱা। চৰকাৰে এনে কোনো আঁচনি চলোৱা নাই।

ফেক্ট চেক: কোনো আঁচনিয়ে বিনামূলীয়া চেলাই মেচিন প্ৰদান কৰা নাই, ভাইৰাল হোৱা দাবীটো অসত্য

নিউ দিল্লি (বিশ্বাস নিউজ): সামাজিক মাধ্যমত এখন বাৰ্তা, এনে এখন দাবীৰ সৈতে ঘুৰি আছে যে, মহিলাসকলক আত্ম-নিৰ্ভৰ কৰাৰ বাবে, কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী বিনামূলীয়া চেলাই মেচিন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত, মোদি চৰকাৰে সকলো ৰাজ্যৰ মহিলাসকলক বিনামূলীয়া চেলাই মেচিন প্ৰদান কৰি আছে। বিশ্বাস নিউজে এয়া প্ৰমান কৰিছে যে এই বাৰ্তাটো ভুৱা।

দাবী :

এজন ফেচবুক ব্যৱহাৰকাৰী কৰ্ণেল কি পেহছান এই পোষ্টখন শ্বেয়াৰ কৰিছে আৰু লিখিছে যে, “চৰকাৰে দেশৰ মহিলাসকলক আত্ম-নিৰ্ভৰ কৰাৰ উদ্দেশ্যত বিনামূলীয়া চেলাই মেচিনৰ আঁচনি আৰম্ভ কৰিছে। মহিলাসকলে অনলাইন যোগেদি আবেদন কৰি এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব।ইয়াৰ বাবে আপুনি চৰকাৰৰ অফিছিয়েল ওৱেবচাইট www.india.gov.in আবেদন কৰিব লাগিব। ইয়াৰ পিছত পিডিএফ-ৰ এখন প্ৰিন্ট আউট ওলাব আৰু আঁচনিৰ দায়িত্বত থকা দপ্তৰত এয়া জমা দিব। ইয়াৰ পিছত, চৰকাৰে আবেদনকাৰীসকলক এয়া প্ৰদান কৰিব। #চেলাইমেচিন #কেন্দ্ৰীয়চৰকাৰ

পোষ্টখনৰ আৰ্কাইভ সংষ্কৰণ ইয়াত ক্লিক কৰি চাব পাৰিব।

তদন্ত:

আমি দাবীটোৰ বিশ্বাসযোগ্যতা চাবলৈ গুগলত বিভিন্ন কি-ৱাৰ্ডৰ জৰিয়তে বিছাৰিলো। কিন্ত আমি এই ভাইৰাল দাবী সন্দৰ্ভত কোনো মিডিয়া তথ্য নাপালো।

তদন্ত আগবঢ়াই নিঁওতে, আমি বিভিন্ন চৰকাৰী প’ৰ্টাল ষ্কেন কৰিবলৈ আৰম্ভ কৰিলো আৰু। কিন্তু আমি তাত একো তথ্য বিছাৰি নাপালো। আমি প্ৰধানমন্ত্ৰীৰ সামাজিক মাধ্যমৰ একাউণ্ট মোদি আৰু পিএমঅ-তও বিছাৰিলো, কিন্তু আমি তাতেও এনে কোনো আঁচনিৰ বিষয়ে কোনো তথ্য নাপালো।

পিআইবি-এ তেঁওলোকৰ 19 জুলাই 2022-ৰ টুইটত এনেধৰণৰ কিবা আঁচনিৰ কথা অস্বীকাৰ কৰিছে। তাত দিয়া কেপশ্বন মতে, চৰকাৰে এনে কোনো আঁচনি চলোৱা নাই। ইয়াৰ সৈতে পিআইবি-এ এনে ধৰণে আপোনাৰ ব্যক্তিগত তথ্য কোনো প্ৰদান নকৰিবলৈ পৰামৰ্শ দিছে।

আমি নিশ্চিতকৰণৰ বাবে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মিডিয়া কঅৰ্ডিনেটৰ শিব প্ৰসাদ-ক লগ কৰিলো। তেঁও আমাক জঁনালে যে ভাইৰাল দাবীটো অসত্য। চৰকাৰে এনে কোনো আঁচনি চলোৱা নাই। এনেধৰণৰ পোষ্ট সামাজিক মাধ্যমত মানুহক ঠগিবলৈ ভুল দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

তদন্তৰ শেষ ধাপত, আমি পোষ্টখন শ্বেয়াৰ কৰা পেজ, কৰ্ণেল কি পেহছান-ৰ আঁৰত থকা সত্য উদঘাটন কৰিবলৈ চেষ্টা কৰিলো। আমি গম পালো যে ব্যৱহাৰকাৰীজনৰ ফেচবুকত 130,946 অনুসৰণকাৰী আছে। এই পেজখন 3 ফেব্ৰুৱাৰী 2020-ৰ পৰা ফেচবুকত সক্ৰিয় হৈ আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজ তেঁওলোকৰ তদন্তত বিছাৰি পালে যে, মোদি চৰকাৰে মহিলাসকলক বিনামূলীয়া চেলাই মেচিন প্ৰদান কৰাৰ আঁচনি আৰম্ভ কৰা বুলি ভাইৰাল হোৱা দাবীটো ভুৱা। চৰকাৰে এনে কোনো আঁচনি চলোৱা নাই।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস