Fact Check: শচীন তেণ্ডুলকাৰে টুইটাৰযোগে কোনো সাংবাদিকক দিয়া নাছিল প্ৰত্যুত্তৰ, ভাইৰেল টুইট ভুৱা

শচীন তেণ্ডুলকাৰে সাংবাদিক ৰাণা আয়ুবৰ টুইটৰ কোনো উত্তৰ দিয়া নাছিল, এই ভাইৰেল পোষ্ট ভুৱা।

Fact Check: শচীন তেণ্ডুলকাৰে টুইটাৰযোগে কোনো সাংবাদিকক দিয়া নাছিল প্ৰত্যুত্তৰ, ভাইৰেল টুইট ভুৱা

নতুন দিল্লী (Vishvas News)। ছ’চিয়েল মিডিয়াত এটা বিশেষ টুইট যথেষ্ট ভাইৰেল হৈছে। প্ৰকৃততে এই টুইটটো ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ নামেৰে ভাইৰেল হৈছে। এই টুইটত সাংবাদিক ৰাণা আয়ুবৰ এটা টুইটৰ উত্তৰ দিয়া হৈছে। আয়ুবে তেণ্ডুলকাৰৰ প্ৰতি আক্ৰমণাত্মক ভুমিকাত অৱতীৰ্ণ হৈ ১৪ ফেব্ৰুৱাৰীত এটা টুইট কৰিছিল। আৰু সেইটো টুইটৰ প্ৰত্যুত্তৰত ভাইৰেল টুইটটোত কোৱা হৈছে যে মই তোমাৰ বাবে আদৰ্শ নহয়, কিয়নো মই ভাৰতীয়ৰ নায়ক। দাবী কৰা হৈছে যে এই টুইটটো তেণ্ডুলকাৰে কৰিছে।

বিশ্বাস নিউজে তদন্ত চলাই তথ্য লাভ কৰে যে ভাইৰেল পোষ্টৰ লগত কৰা দাবীখিনি সম্পূৰ্ণ ভুৱা। শচীন তেণ্ডুলকাৰে এনেধৰণৰ কোনোধৰণৰ টুইট কৰা নাই। বৰঞ্চ এই ভাইৰেল টুইট তেওঁৰ নামেৰে মুকলি কৰা এটা ভুৱা একাউণ্টেৰে কৰা হৈছিল।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ Rakhi Vaish এ এই পোষ্ট শ্বেয়াৰ কৰিছে, য’ত ৰাণা আয়ুবৰ টুইটৰ ওপৰত শচীন তেণ্ডুলকাৰৰ টুইট দেখা পোৱা গৈছে। উল্লেখ্য যে ৰাণা আয়ুবে দ্য কাৰৱা নামৰ এক ৱেবছাইটত শচীনৰ জীৱনৰ আধাৰত লিখা এটা লেখাৰ লিংক শ্বেয়াৰ কৰি ইংৰাজীত টুইট কৰছিল –


Sachin Tendulkar,a man without any beliefs at all, devoid of any ethical or moral concerns towards the society and country that has so deified and veneratçed him. I think @sachin_rt should certainly read this. Not my Hero https://caravanmagazine.in/amp/sports/the-moral-timidity-of-sachin-tendulkar?__twitter_impression=true&s=08

ভাইৰেল পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।


অনুসন্ধান

বিশ্বাস নিউজে অনুসন্ধান আৰম্ভ কৰি সৰ্বপ্ৰথমে ৰাণা আয়ুবৰ টুইটটো বিচাৰিলে। আমি তেওঁৰ টুইটটো লাভ কৰিলো, য’ত তেওঁ শচীন তেণ্ডুলকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। শচীন তেণ্ডুলকাৰে কৃষক আন্দোলনক লৈ বিদেশী তাৰকাসকলে সমৰ্থন আগবঢ়োৱা ঘটনাৰ বিৰোধ কৰা ঘটনাক লৈ তেওঁ অসন্তুষ্টি ব্যক্ত কৰিছিল।

আমি কিন্তু তেওঁৰ টুইটৰ উত্তৰত শচীন তেণ্ডুলকাৰৰ টুইট নেদেখিলো। ইয়াৰ পিছত আমি এই ভাইৰেল টুইটটো ভালদৰে পৰীক্ষা কৰোতে গম পালো যে এই টুইটটোো শচীন তেণ্ডুলকাৰৰ ভেৰিফাইড টুইটাৰ হেণ্ডেলৰ পৰা অহা টুইট নাছিল। শচীনৰ ভেৰিফাইড টুইটাৰ হেণ্ডেল @sachin_rt ক আয়ুবে নিজৰ টুইটতো টেগ কৰিছে, তাৰ বিপৰীতে ভাইৰেল টুইটটো কৰা হৈছে @sachin_rts_ টুইটাৰ হেণ্ডেলৰ পৰা আৰু ইয়াত কোনো ব্লু টিকো নাই।

আমি টুইটাৰত ভাইৰেল পোষ্ট কৰা হেণ্ডেলটো বিচাৰিবলৈ যত্ন কৰিছিলো, কিন্তু তেতিয়ালৈ এই একাউণ্টটো ডিলিট কৰি দিয়া হৈছে।

অধিক তথ্যৰ বাবে আমি মুম্বাইস্থিত দৈনিক জাগৰণৰ বাবে এণ্টাৰটেইনমেণ্ট আৰু চেলেব্ৰিটিৰ বাতৰি সংগ্ৰহ কৰা সাংবাদিক স্মিতা শ্ৰীবাস্তৱৰ সৈতে যোগাযোগ কৰো। তেওঁ আমাক জনায় যে এই টুইট শচীন তেণ্ডুলকাৰৰ নামত কোনো লোকে সৃষ্টি কৰা ‘পেৰ’ডী’ একাউণ্টেৰে কৰা হৈছিল। শচীন তেণ্ডুলকাৰে এই টুইটটো কৰা নাছিল। আৰু যদিহে শচীন তেণ্ডুলকাৰে এই টুইটটো কৰা হ’লে ইয়াক লৈ নিশ্চিতভাৱে বাতৰি পৰিৱেশন হ’লহেতেন।

এইবাৰ আমি এই পোষ্ট কৰা ইউজাৰ Rakhi Vaish সন্দৰ্ভতো তথ্য সংগ্ৰহ কৰিছিলো। আমি ইউজাৰৰ প্ৰ’ফাইলটোও স্কেন কৰি গম পালো যে ইউজাৰগৰাকী এগৰাকী আৰ্টিষ্ট আৰু তেওঁ এই ফে’চবুক একাউণ্টটো ২০১৪ চনৰ নৱেম্বৰ মাহত আৰম্ভ কৰিছিল।

নিষ্কৰ্ষঃ শচীন তেণ্ডুলকাৰে সাংবাদিক ৰাণা আয়ুবৰ টুইটৰ কোনো উত্তৰ দিয়া নাছিল, এই ভাইৰেল পোষ্ট ভুৱা।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস