Fact Check: কোনো মৌলবীয়ে প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট ভদ্ৰাৰ বিবাহ সম্পন্ন কৰোৱা নাছিল, ভাইৰেল দাবী ভুৱা

বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ বিবাহ কোনো মৌলবীয়ে সম্পন্ন কৰোৱা নাছিল, বৰঞ্চ তেওঁলোকৰ পৰিয়ালৰ স্থায়ী পুৰোহিত তথা কাশ্মিৰী পণ্ডিত ইকবাল কিষাণ ৰেউৱেহে সম্পন্ন কৰোৱাইছিল।

নতুন দিল্লী (বিশ্বাস নিউজ) : প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট ভদ্ৰাক এজন মৌলবীয়ে বিবাহ সম্পন্ন কৰোৱাইছিল বুলি দাবী কৰা এটা পোষ্ট শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। বিশ্বাস নিউজে এই পোষ্টটো বিতংভাৱে পৰীক্ষা কৰিছিল আৰু দেখিছিল যে এই দাবীটো ভুল আছিল। প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট ভদ্ৰাৰ বিবাহ মৌলবীয়ে নহয়, বৰঞ্চ এগৰাকী কাশ্মীৰী পুৰোহিতেহে কৰোৱাইছিল।

কি এই ভাইৰেল পোষ্ট?

সত তিৱাৰী নামৰ এজন ব্যৱহাৰকাৰীয়ে টুইটাৰত এই পোষ্টটো শ্বেয়াৰ কৰি দাবী কৰিছিল যে প্ৰিয়ংকা গান্ধীৰ বিবাহ এজন মৌলবীয়ে সম্পন্ন কৰাইছিল। তেওঁ লিখিছে, “এইবোৰ কেৱল নামৰহে গান্ধী। দৰাচলতে, তেওঁলোকো মোল্লাহে হয়। নহ’লে প্ৰিয়ংকাৰ বিয়াত মৌলবীৰ কাম কি?” তেওঁ পোষ্টটোৰ সৈতে এখন ফটোও শ্বেয়াৰ কৰিছিল। এই ফটোখনতে লিখা আছে, “কোনোবাই মোৰ দৰে অজ্ঞজনক বুজাই দিয়কচোন যে মৌলবীক বিয়ালৈ মতা হয় নে নিকাহলৈ মতা হয়। ফটোখনত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু আন এজন ব্যক্তিক দেখুওৱা হৈছে যাক ধৰ্মগুৰু বুলি কোৱা হৈছে।

আমি সামাজিক মাধ্যমত একে ধৰণৰ দাবী কৰা কেইবাটাও পোষ্ট পাইছিলো। একেধৰণৰ পোষ্ট শৰ্মাজী, ৰাহুল কুমাৰ মাহাতো, কৈলাশ কৌশিক, এছ সনাতনী আইএনচিএ আদি টুইটাৰ একাউণ্টৰ পৰাও পোষ্ট কৰা হৈছে ।

কিছুমান পোষ্টত, ফটোখনত দাঢ়ি থকা ব্যক্তিজনক মৌলানা আৰু সাংসদ সদস্য ছফিকুৰ ৰহমান ভিৰ্ক বুলি উল্লেখ কৰা হৈছে। পোষ্টটোত কোৱা হৈছে যে প্ৰিয়ংকা গান্ধীৰ বিবাহৰ সময়ত মৌলানা আৰু সাংসদ সদস্য ছফিকুৰ ৰহমান ভিৰ্কক কিয় কিছুমান ইছলামিক ৰীতি-নীতি পালন কৰিবলৈ মাতি অনা হৈছিল?

এই পোষ্টটো বিগত বছৰবোৰত কেবাবাৰো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আহিছে। পোষ্টটো আৰু ইয়াৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।

বিশ্বাস নিউজে ইয়াৰ নিজস্ব ফেক্ট চেকিং হোৱাটছএপ্প চাটব’ট (+91 95992 99372) তো এই দাবীৰ সত্যতা নিৰূপণৰ বাবে লাভ কৰিছিল।

অনুসন্ধান

আমি এই ভাইৰেল পোষ্টটোৰ অনুসন্ধান কৰিবলৈ আমি প্ৰথমেই গুগল ৰিভাৰ্চ ইমেজ ছাৰ্ছ টুল ব্যৱহাৰ কৰিছিলো। ইয়াতেই আমি প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট ভদ্ৰাৰ বিয়াৰ বহুতো ছবি লাভ কৰিছিলোঁ। আমি ইয়াতেই এই ভাইৰেল ছবিখনো পাইছিলো। অৰ্থাৎ, এয়া প্ৰিয়ংকাৰ বিয়াৰ ছবিয়েই আছিল। এতিয়া অজ্ঞাত ব্যক্তিজন কোন সেয়া অনুসন্ধান কৰিবলৈ আৰম্ভ কৰিলোঁ। ইণ্টাৰনেটত অনুসন্ধান কৰি আমি  ডেইলী অ’ত এটা প্ৰবন্ধ পাইছিলোঁ যে গান্ধী পৰিয়ালৰ পুৰোহিত ইকবাল কিষাণ ৰেউৱে প্ৰিয়ংকা গান্ধীৰ বিয়াত পূজা সম্পন্ন কৰিছিল। বাতৰিটোত ৰাহুল গান্ধীয়ে কন্যাদান কৰাৰ কথাও উল্লেখ কৰা হৈছিল। অৰ্থাৎ, সেই বিবাহ হিন্দু ৰীতি-নীতি অনুসৰিয়েই হৈছিল।

ইণ্টাৰনেটত, আমি ইকবাল কিষাণ ৰেউৰ বিষয়ে অনুসন্ধান কৰিছিলো আৰু আমি আই কাশ্মীৰত প্ৰকাশিত এটা প্ৰবন্ধ পাইছিলোঁ। ইয়াত উল্লেখ আছিল যে পণ্ডিত স্বৰূপ কিষাণ ৰেউ হৈছে কাশ্মীৰৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট আম্পায়াৰ আৰু পদ্মশ্ৰী বঁটা প্ৰাপক। ইকবাল কিষাণ ৰেউ হৈছে এই গৰাকী স্বৰূপ কিষাণৰে ভাতৃ। ১৯৩২ চনত জন্মগ্ৰহণ কৰা পণ্ডিত ৰেউৱে অন্যান্য পণ্ডিতসকলৰ সৈতে কাশ্মীৰী ৰীতি-নীতিৰ কাম-কাজ সম্পাদন কৰি আহিছিল। তেওঁ ৰেলৱে’তো চাকৰি কৰিছিল। প্ৰিয়ংকা গান্ধীৰ বিবাহ কাৰ্য সম্পন্ন কৰোৱাৰ পিছত তেওঁ ১৯৯৬ চনত এই চাকৰি এৰিছিল। ইকবাল কিষাণ ৰেউৰ পৰিয়ালটোৱে কেবা প্ৰজন্ম ধৰি নেহৰু-গান্ধী পৰিয়ালৰ ঘৰুৱা যযমান বা পুৰোহিত হিচাপে কাৰ্য সম্পাদন কৰি আহিছে।

এই কথাৰ সত্যতা নিশ্চিত কৰিবলৈ, আমি ১০ জনপথত থকা কংগ্ৰেছ কাৰ্যালয়লৈ গৈছিলোঁ। কংগ্ৰেছ কাৰ্যালয়ৰ তৰফৰ পৰা আমাক কোৱা হৈছিল যে প্ৰিয়ংকা গান্ধীৰ বিয়াত মৌলবীৰ উপস্থিতিৰ দাবী মিছা আছিল। বিয়াখনত কংগ্ৰেছ কাৰ্যালয়ৰ লোকসকলো উপস্থিত আছিল। তেওঁলোকে লগতে কয় যে প্ৰিয়ংকা গান্ধীৰ বিবাহ এগৰাকী পণ্ডিতে হিন্দু ৰীতি-নীতিৰে সম্পন্ন কৰোৱাইছিল।

এই ভাইৰেল দাবীটো ছ’চিয়েল মিডিয়াত ভালেমান ইউজাৰে শ্বেয়াৰ কৰি আছে আৰু ইয়াৰ মাজৰে এগৰাকী হৈছে Sat Tiwari 🇮🇳 নামৰ টুইটাৰ ইউজাৰ। ইউজাৰগৰাকীৰ ৬৮১ গৰাকী ফ’ল’ৱাৰ্ছ আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ বিবাহ কোনো মৌলবীয়ে সম্পন্ন কৰোৱা নাছিল, বৰঞ্চ তেওঁলোকৰ পৰিয়ালৰ স্থায়ী পুৰোহিত তথা কাশ্মিৰী পণ্ডিত ইকবাল কিষাণ ৰেউৱেহে সম্পন্ন কৰোৱাইছিল।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস