Fact Check: নেটফ্লিক্সে আঁতৰোৱা নাই আটাইবোৰ খ্ৰীষ্টিয়ান ছবি, ভাইৰেল পোষ্ট ভুৱা

উপসংহাৰ: এই OTT প্লেটফৰ্মে আটাইবোৰ খ্ৰীষ্টিয়ান ছবি প্লেটফৰ্মৰ পৰা আঁতৰোৱা নাই। ভাইৰেল পোষ্ট ভুৱা।

বিশ্বাস নিউজ (নতুন দিল্লী) । শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা বিশেষ পোষ্টত দাবী কৰা হৈছে যে জনপ্ৰিয় অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সে আটাইবোৰ খ্ৰীষ্টিয়ান ছবি ইয়াৰ নিজৰ প্লেটফৰ্মৰ পৰা আঁতৰ কৰিছে। বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী ভুৱা বুলি প্ৰমাণিত হৈছে।

কি এই ভাইৰেল পোষ্ট

ছ’চিয়েল মিডিয়াৰ এটা ভাইৰেল পোষ্টত লিখা হৈছে, ‘নেটফ্লিক্সে আটাইবোৰ খ্ৰীষ্টিয়ান ছবি আঁতৰ কৰিছে..।’

এই পোষ্ট ৰ আৰ্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে এই দাবীটোৰ অনুসন্ধান কৰি সৰ্বপ্ৰথমে নেটফ্লিক্সত খ্ৰীষ্টিয়ান (Christian) শব্দটো ছাৰ্ছ কৰে। আমি ধৰ্মীয় বিষয়ৰ সৈতে জড়িত কেবাটাও নাম যেনে The Gospel of Matthew (2014), The Young Messiah” (2016), Soul Surfer” (2011) আদি লাভ কৰিছো। সেইবোৰ আপুনি ইয়াত ক্লিক কৰি চাব পাৰিব।

বিশ্বাস নিউজে এই ভাইৰেল দাবী সন্দৰ্ভত নেটফ্লিক্সৰ সৈতেও যোগাযোগ কৰে। আমি নেটফ্লিক্সৰ গ্ৰাহক সেৱা বিভাগৰ বিষয়া আশীষৰ সৈতে মত বিনিময় কৰাত তেওঁ জনায়, ‘নেটফ্লিক্সে ইয়াৰ ষ্ট্ৰিমিং প্লেটফৰ্মৰ পৰা খ্ৰীষ্টিয়ান শিৰোনামবোৰ আঁতৰোৱা নাই আৰু তেনে কোনো আমাৰ পৰিকল্পনাও নাই।!’ তেওঁ লগতে কয়, “এনেধৰণৰ পোষ্টৰ ওপৰত গুৰুত্ব নিদিব, এয়া সম্পূৰ্ণ ভুৱা।”

উল্লেখ্য যে আমি নেটফ্লিক্সৰ অফিচিয়েল ৱেবছাইটতো এনেধৰণৰ কোনো জাননী লাভ নকৰিলো।

বিশ্বাস নিউজে এই ভাইৰেল পোষ্ট শ্বেয়াৰ কৰা ইউজাৰ Darin Hibbs ৰ প্ৰ’ফাইল স্কেন কৰে যদিও ইউজাৰগৰাকীৰ প্ৰ’ফাইল ৰাজহুৱা নকৰাৰ বাবে আন বিশেষ তথ্য লাভ কৰিব পৰা নগ’ল।

নিষ্কৰ্ষঃ উপসংহাৰ: এই OTT প্লেটফৰ্মে আটাইবোৰ খ্ৰীষ্টিয়ান ছবি প্লেটফৰ্মৰ পৰা আঁতৰোৱা নাই। ভাইৰেল পোষ্ট ভুৱা।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস