X
X

Fact Check : হিন্দুস্তান পাকিস্থানৰ বিষয়ে কই থকা মহিলা বালুচিস্তানৰ মূখ্যমন্ত্ৰী নহয়, দাবিটো ভুৱা

বিশ্বাস নিউজৰ তদন্তত এই দাবি ভুল বুলি প্ৰমানিত হৈছে। ভিডিঅ'টোত দেখা পোৱা মহিলাগৰাকী বালুচিস্তানৰ মূখ্যমন্ত্ৰী নহয়। এখেত নাইলা কাদৰি, যিজন বালুচিস্তানৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰি থকা  নেতা-নেতৃসকলৰ মাজৰ এগৰাকী নেতৃ।

  • By: Umam Noor
  • Published: Aug 19, 2024 at 12:38 PM

বিশ্বাস নিউজ (নতুন দিল্লী)। সামাজিক মাধ্যমত আকৌ এবাৰ এজন মহিলাৰ ভিডিঅ’ ভাইৰাল হৈ আছে, যত তেঁওক হিন্দুস্তান আৰু পাকিস্তানৰ বিষয়ে সাংবাদিকসকলৰ লগত কথা পাতি থকা দেখা যায়। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে, এই মহিলা বালুচিস্তানৰ মূখ্যমন্ত্ৰী, যিজনে পাকিস্তানৰ বিৰুদ্ধে মাত মাতিছে।

বিশ্বাস নিউজৰ তদন্তত এই দাবি ভুল বুলি প্ৰমানিত হৈছে। ভিডিঅ’টোত দেখা পোৱা মহিলাগৰাকী বালুচিস্তানৰ মূখ্যমন্ত্ৰী নহয়। এখেত নাইলা কাদৰি, যিজন বালুচিস্তানৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰি থকা  নেতা-নেতৃসকলৰ মাজৰ এগৰাকী নেতৃ।

কি আছে ভাইৰাল পোষ্টত?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, ’Notice For All Indian’s ………………………………………. (সকলো ভাৰতীয়ৰ বাবে জাননী) শুনক বালুচিস্তানৰ প্ৰধানমন্ত্ৰী নাইলা কাদৰিক।”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণীত আমি, পোনপ্ৰথমতে বালুচিস্তানৰ চৰকাৰৰ কৰ্তৃত্বাধীন ৱেবচাইট চালো আৰু জানিবলৈ চেষ্টা কৰিলোঁ যে, ভিডিঅ’ত দেখা পোৱা মহিলাগৰাকী বালুচিস্তানৰ মূখ্যমন্ত্ৰী নাইলা কাদৰি হয়নে নহয়। এই ৱেবচাইটত থকা তথ্য মতে, বালুচিস্তানৰ মূখ্যমন্ত্ৰী মীৰ সৰফৰাজ বুগতী হয়।  

ট্ৰিবিউনত, 15 আগষ্টত প্ৰকাশিত এখন প্ৰতিবেদনতও মীৰ সৰফৰাজ বুগতী-ক বালুচিস্তানৰ মূখ্যমন্ত্ৰী বুলি ঘোষণা কৰা হৈছে।

 এতিয়ালৈ কৰা তদন্তত এয়া স্পষ্ট হৈছে যে ভাইৰাল ভিডিঅ’টোত দেখা পোৱা মহিলাগৰাকী বালুচিস্তানৰ মূখ্যমন্ত্ৰী নহয়। তথাপিও তদন্ত আগবঢ়াই নিঁওতে আমি গুগলত নাইলা কাদৰি নামটো বিছাৰিলো। অনুসন্ধানত আমি এই নামৰ এটা ভেৰিফাই কৰা এক্স হেণ্ডেল পালোঁ। ইয়াত প্ৰদত্ত নিজা তথ্যত তেঁও নিজক বালুচিস্তানৰ প্ৰাক্তন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে চিনাকী দিছে। 

তদন্তত আমি দৈনিক জাগৰণৰ নাইলা কাদৰি লগত সম্পৰ্কিত এটা বাতৰী পালোঁ। ইয়াত তেঁওক বালুচিস্তানৰ স্বাধীনতা সংগ্ৰামৰ নেতৃ বুলি কোৱা হৈছে।

নাইলা কাদৰিৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ আমি পাকিস্তানৰ সাংবাদিক আদিল আলীৰ লগত যোগাযোগ কৰিলোঁ। তেঁও আমাক জঁনালে যে নাইলা কাদৰি বালুচিস্তানৰ মূখ্যমন্ত্ৰী নহয়, তেঁও এজন কৰ্মী হয়। 

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিঙত আমি গম পালোঁ যে, ব্যৱহাৰকাৰীজনক পাঁচ হাজাৰৰও অধিক মানুহে অনুসৰণ কৰে।

উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত এই দাবি ভুল বুলি প্ৰমানিত হৈছে। ভিডিঅ’টোত দেখা পোৱা মহিলাগৰাকী বালুচিস্তানৰ মূখ্যমন্ত্ৰী নহয়। এখেত নাইলা কাদৰি, যিজন বালুচিস্তানৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰি থকা  নেতা-নেতৃসকলৰ মাজৰ এগৰাকী নেতৃ।

  • Claim Review : এই মহিলাগৰাকী পাকিস্তানৰ বালুচিস্তানৰ মূখ্যমন্ত্ৰী
  • Claimed By : FB User- Binod Kumar (এফবি ব্যৱহাৰকাৰী- বিনোদ কুমাৰ)
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later