Fact Check: মুছলমান দম্পতিয়ে তুলি লোৱা হিন্দু ছোৱালীৰ বিবাহ সম্পন্ন কৰালে হিন্দু যুৱকৰ সৈতে, বিভ্ৰান্তিকৰ দাবীৰে সৈতে ফটো ভাইৰেল
উপসংহাৰ : Vishvas News এ নিজস্ব অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল দাবী বিভ্ৰান্তিকৰ। এই ভাইৰেল ফটো ২০২০ চনৰ। এটা মুছলমান দম্পতীয়ে তুলি লোৱা এগৰাকী হিন্দু ছোৱালীৰ বিবাহ এগৰাকী হিন্দু যুৱকৰ সৈতে এটা মন্দিৰত সম্পন্ন কৰোৱা হৈছিল।
- By: Pallavi Mishra
- Published: Apr 10, 2021 at 09:02 AM
নতুন দিল্লী (বিশ্বাস নিউজ) । ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এখন বিশেষ ছবি ভাইৰেল হৈ পৰা দেখা গৈছে, য’ত এগৰাকী হিন্দু কইনাই এহাল মুছলমান পুৰুষ মহিলাৰ ভৰি চুই আশীৰ্বাদ লৈ থকা দেখা গৈছে। এই ফটোখনৰ সৈতে লিখা পোষ্টত জৰিয়তে এই কথা প্ৰতীয়মান কৰিবলৈ চেষ্টা কৰা হৈছে যে এহাল মুছলমান পিতৃ-মাতৃয়ে তেওঁলোকৰ কন্যাৰ বিবাহ এগৰাকী হিন্দু যুৱকৰ সৈতে কৰাইছে। এই পোষ্টটোৰ সৈতে দাবী কৰা হৈছে, “কেৰেলাত এহাল পিতৃ-মাতৃয়ে তেওঁলোকৰ কন্যাৰ বিবাহ এগৰাকী হিন্দু যুৱকৰ সৈতে কৰাইছে।”
Vishvas News ৰ নিজস্ব অনুসন্ধানত এই ভাইৰেল দাবী ভুৱা বুলি প্ৰমাণিত হৈছে। এই ভাইৰেল ছবিখন ২০২০ চনৰ। এহাল মুছলমান দম্পতীয়ে তুলি লোৱা এগৰাকী হিন্দু কন্যাৰ বিবাহ এগৰাকী হিন্দু যুৱকৰ সৈতে এটা মন্দিৰত সম্পন্ন কৰোৱাইছিল।
কি এই ভাইৰেল পোষ্ট
ভাইৰেল হোৱা ফটোখনত এগৰাকী যুৱতীয়া হিন্দু পৰম্পৰাগত সাজ পৰিধান কৰি এহাল মুছলমান দম্পতীৰ চৰণ চুই সেৱা লোৱা দেখা গৈছে। এই পোষ্টটোৰ বিৱৰণত লিখা হৈছে, “কেৰেলাত মুছলমান পিতৃ-মাতৃয়ে তেওঁলোকৰ কন্যাৰ বিবাহ এগৰাকী #সনাতনী যুৱকৰ সৈতে কৰাইছে …ছোৱালীজনী #হিন্দুপৰিয়ালত সুৰক্ষিত থাকিব..!! #জয়শ্ৰী_ৰাম…🙏”
এই ভাইৰেল পোষ্টবোৰৰ আৰ্কাইভ লিংক ইয়াত ইয়াত আৰু ইয়াত চাব পাৰিব।
অনুসন্ধান
আমি নিজস্ব অনুসন্ধান আৰম্ভ কৰিয়েই এই বিশেষ ভাইৰেল ফটোখন গুগল ৰিভাৰ্ছ ইমেজ টুলৰ সহায়েৰে বিচাৰিবলৈ ললো। আমি এই ফটোখন jansatta.com/ ত প্ৰকাশিত এটা বাতৰিত লাভ কৰিলো। এই বাতৰিৰ শিৰোনাম আছিল, “মুছলমান পৰিয়ালে মন্দিৰত বিবাহ সম্পন্ন কৰানে তুলি লোৱা হিন্দু কন্যাৰ, সৰ্বত্ৰে চৰ্চা – এয়াই প্ৰকৃত হিন্দুস্তান।” এই খবৰ অনুসৰি এইযুৱতীগৰাকী হিন্দু আছিল, আৰু এই মুছলমান দম্পতীটোৱে তেওঁক তুলি লৈছিল।
আমি timesofindia.indiatimes.com ত থকা এটা বাতৰিতো এই ছবিখন দেখিবলৈ পাইছিলো। ১৯ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে প্ৰকাশিত এই বাতৰি অনুসৰি এই যুৱতীগৰাকী হিন্দু আছিল, কিন্তু শিশু অৱস্থাতে ছোৱালীজনীক এই মুছলমান দম্পতীয়ে তুলি লৈছিল আৰু ডাঙৰ-দীঘল কৰিছিল। এই খবৰ অনুসৰি এই বিবাহ অনুষ্ঠান হৈছিল কানহাগড়ৰ মণিয়াট্টু মন্দিৰত।
এই সমগ্ৰ বিষয়টোৰ সত্যতা নিশ্চিত কৰিবৰ বাবে আমি মণিয়াট্টু মন্দিৰৰ মহন্ত ৰামেশ্বৰ প্ৰসাদনৰ সৈতে যোগাযোগ কৰো। তেওঁ আমাক জনায়, “মণিয়াট্টু মন্দিৰৰ দুৱাৰ সকলো ধৰ্মৰ লোকৰ বাবেই খোলা থাকে। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ এই হিন্দু যুৱক-যুৱতীহালৰ বিবাহ সম্পন্ন হৈছিল। এই কথা সত্য যে এই যুৱতীগৰাকী এটা মুছলমান পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। কিন্তু যুৱতীগৰাকীৰ জন্ম এটা হিন্দু পৰিয়ালতহে হৈছিল। আৰু সেইবাবেই যুৱতীগৰাকীৰ বিবাহ সম্পূৰ্ণ হিন্দু প্ৰথাৰে আৰু এগৰাকী হিন্দু যুৱকৰ সৈতে সম্পন্ন কৰোৱা হৈছিল।”
এই পোষ্টটো ফে’চবুক ইউজাৰ ‘অৰবিন্দ কুমাৰ কট্টৰ হিন্দু’ৱে শ্বেয়াৰ কৰিছিল। ইউজাৰগৰাকী মুম্বাই নিবাসী। ফে’চবুকত এই ইউজাৰগৰাকীৰ আছে ৪৭৪১ গৰাকী বন্ধু।
নিষ্কৰ্ষঃ উপসংহাৰ : Vishvas News এ নিজস্ব অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল দাবী বিভ্ৰান্তিকৰ। এই ভাইৰেল ফটো ২০২০ চনৰ। এটা মুছলমান দম্পতীয়ে তুলি লোৱা এগৰাকী হিন্দু ছোৱালীৰ বিবাহ এগৰাকী হিন্দু যুৱকৰ সৈতে এটা মন্দিৰত সম্পন্ন কৰোৱা হৈছিল।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.