X
X

Fact Check: মোৰাদাবাদৰ মছজিদৰ ভিতৰত হোৱা মৰামৰি সাম্প্ৰদায়িক নহয়, বিভ্ৰান্তিকৰ দাবী ভাইৰেল হৈ আছে

বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে যিটো ভিডিঅ’ক ভাইৰেল কৰা হৈ আছে, সেয়া মোৰাদাবাদৰ এখন মছজিদৰ ভিডিঅ’ হয়। তাত একেখন সম্প্ৰদায়ৰ মানুহে নিজৰ মাজত মৰামৰি হৈছিল বুলি গম পোৱা গৈছে। এই ঘটনাত কোনো ধৰণৰ সাম্প্ৰদায়িক দিশ নাই, যি দাবীক ভাইৰেল কৰা হৈ আছে সেয়া বিভ্ৰান্তিকৰ হয়।  

  • By: Umam Noor
  • Published: Sep 13, 2024 at 05:51 PM
  • Updated: Sep 13, 2024 at 06:31 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, তাত দেখা পোৱা গৈ আছে যে এটা মছজিদৰ ভিতৰত বহু কেইজন মানুহ পৰস্পৰৰ সৈতে মৰামৰি কৰি আছে। এই ভাইৰেল হৈ থকা এই ভিডিঅ’ক বহু কেইজন ইউজাৰে সাম্প্ৰদায়িক ৰং সানি শ্বেয়াৰ কৰি আছে আৰু এই দাবী কৰি আছে এই মৰামৰি দুটা সম্প্ৰদায়ৰ মাজত হৈছিল, তেতিয়া এটা সম্প্ৰদায়ে মছজিদত সোমাই আন এটা সম্প্ৰদায়ৰ উপৰত আক্ৰমণ চলাইছে। 

বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে যিটো ভিডিঅ’ক ভাইৰেল কৰা হৈ আছে, সেয়া মোৰাদাবাদৰ এখন মছজিদৰ ভিডিঅ’ হয়। তাত একেখন সম্প্ৰদায়ৰ মানুহে নিজৰ মাজত মৰামৰি হৈছিল বুলি গম পোৱা গৈছে। এই ঘটনাত কোনো ধৰণৰ সাম্প্ৰদায়িক দিশ নাই, যি দাবীক ভাইৰেল কৰা হৈ আছে সেয়া বিভ্ৰান্তিকৰ হয়।  

ভাইৰেল পোষ্টত কি আছে?

ফেচবুকৰ এটা পেজ এই ভাইৰেল পোষ্টক শ্বেয়াৰ কৰি লিখিছে, “ঘৰখন জ্বলি গ’ল এই ঘৰতে জ্বলি থকা চাকিৰ জুইত! সদায় এনেকুৱা ঘটনা ঘটিয়ে আছে, কাজিয়া কৰি ভাল পোৱা হিন্দুত্বৰ ধ্বজাধাৰী কেইজনমান মানুহে মছজিদত সকলো ভাঙি-ছিঙি লণ্ডভণ্ড কৰে, স্ল’গান দি থাকে আৰু গেৰুৱা পতাকা উৰাই থাকে। এইবোৰ চাই মন বেয়া লাগি যায় আৰু বহুত খঙো উঠে, কিন্তু যেতিয়া এই ধৰণ বাতৰি দেখিবলৈ আৰু শুনিবলৈ পাওঁ তেতিয়া বিশ্বাস কৰক সেই মন বেয়া লাগি থকা আৰু খং ভাব নাইকিয়াৰ দৰে হৈ যায়, আৰু মনত কেৱল এই প্ৰশ্ন উঠি থাকে— সেইবোৰ মানুহৰ বিৰুদ্ধে কি অভিযোগ কৰিম যিসকলে মছজিদত গেৰুৱা পতাকা পুতি আছে? যিসকল মুছলমান মব লিঞ্চিং-ৰ চিকাৰ হৈছে সেইবোৰ ঘটনাক লৈ কি দুখ কৰিম? আমাৰ বিৰুদ্ধে যিসকলে বিষ উলিয়াই দি থাকে, তেওঁলোকক কি প্ৰত্যুত্তৰ দিম? আমাৰ বিৰুদ্ধে যিবোৰ আইন (বিল) লৈ অহা হৈছে সেইবোৰক কেনেকৈ ৰোধ কৰিব পৰা যায়? আমাৰ জীৱন আৰু সম্পদৰ যি ক্ষতি কৰা হয়, তাক কি সমাধান ওলাব পৰা যায়? তৰ্ক-বিতৰ্ক কৰি থাকক, প্ৰচাৰ চলাই থাকক, চৰকাৰৰ বিৰুদ্ধে কথা কৈ থাকক, ন্যায়ালয়ৰ দুৱাৰ খটখটাই থাকক, যদি কিবা সমাধান ওলাই আহে জনাব, মনত ৰাখিব কোনো ধৰ্ম কোনো চৰকাৰ আমাৰ বিৰোধিতা নকৰে, আচলতে আমি নিজেই নিজৰ শত্ৰু হয়, আমি নিজেই নিজৰ ধ্বংসৰ পতাকা টানি উপৰত তুলি আছোঁ, মই সদায় মোৰ ডাঙৰ সকলৰপৰা এটা কথা শুনিছোঁ যে, পৃথিৱীত আমি এই কাৰণে মাৰ খাই আছোঁ কাৰণ আমি সততাৰ পথত চলি থকা মানুহ হয় আৰু শেষত আল্লা আমাক এই বাবেই শাস্তি দিব যে পৃথিৱীত আমাৰ সততা ক’ত আছিল? আমি তেতিয়ালৈ মুছলমান হ’ব নোৱাৰিম যেতিয়ালৈ আমি কোৰাণ আৰু হদিছক নিজৰ বিচনা আৰু চাদৰ বনাব নোৱাৰিম, যেতিয়ালৈ আমাৰ ভিতৰৰ বিভ্ৰান্তি শেষ নহ’ব, তেতিয়ৈলৈ আমি গোটই পৃথিৱীত আনৰ তলতে থাকিম, আল্লা যেন আমাক সততাৰ পথত চলিব পৰা শক্তি দিয়ে, আমাৰ সকলৰ ভিতৰত থকা হিংসা যেন শেষ কৰি দিয়ে, আমাৰ শত্ৰুসকলৰ আক্ৰমণৰপৰা যেন ৰক্ষা কৰে!”      

পোষ্ট-ৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।

তদন্ত

নিজৰ তদন্ত আৰম্ভ কৰি আমি সদৌ প্ৰথমতে গুগল লেঞ্চৰ জৰিয়তে ভাইৰেল ভিডিঅ’ক বেলেগ-বেলেগ ফ্ৰেমক ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰি থাকোঁতে আমি দেখা পালোঁ যে, এই ভিডিঅ’টো বহু কেইখন নিউজ ৱেবছাইট আৰু তেওঁলোকৰ ইউটিউব চেনেলত আপল’ড হৈ আছে। ভাইৰেল এই ভিডিঅ’টোক নিউজ18-ৰ ইউটিউব চেনেলত 3 ছেপ্তেম্বৰ 2024-ত আপল’ড কৰা হৈছিল। তাত ভিডিঅ’ৰ লগত যি তথ্য দিয়া হৈছিল, সেয়া হ’ল, উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰপৰা আচৰিত কৰি দিব পৰা এটা ভিডিঅ’ পোৱা গৈছে। তাত মছদিত কিছুমান মানুহে বহুত মৰামৰি কৰিছে। উভয় পক্ষকে মছজিদৰ ভিতৰত লাঠি, টোকোন, আৰু বেল্ট লৈ মৰামৰি কৰি থকা দেখা পোৱা গৈছে। ৰিপ’ৰ্ট অনুসৰি, এয়া 30 অগষ্টৰ ঘটনা হয়। প্ৰথমতে দুটা শিশুৰ মাজত কাজিয়া হৈছিল, সেইটোক লৈ পাছত ডাঙৰ সকলৰ মাজত কাজিয়া লাগি গৈছিল।     

এই তথ্যৰ ভিত্তিত আমি নিজৰ তদন্ত আগবঢ়াইছিলোঁ। এই ঘটনাক লৈ দৈনিক জাগৰণত 3 ছেপ্তেম্বৰত প্ৰকাশ পোৱা বাতৰি-ত কোৱা হৈছে যে, মোৰাদাবাদৰ পাকবড়াৰ উমৰী ছব্জিপুৰৰ মছজিদত মৰামৰি হোৱাৰ ভিডিঅ’ মঙলবাৰে ইণ্টাৰনেট মিডিয়াত প্ৰচাৰ হোৱাৰ লগে-লগে অস্থিৰতাৰ সৃষ্টি হৈছে। এই ঘটনাত আৰক্ষীয়ে নজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে। পাঁচ দিন আগতে গাঁওৰ বাবলু আৰু ভুৰা নিজৰ মাজত ধেমালি কৰি থাকোঁতে মৰামৰি আৰম্ভ কৰি দিছিল। সেই ঠাইৰ মানুহে দুয়োজনক বুজাই ঘটনাক শান্ত কৰিছিল। শুকুৰবাৰে জুম্মাৰ নামাজৰ সময়ত সেই দুয়োজনৰ মাজত বাক-বিতণ্ড হৈছিল। তেতিয়া দুয়ো পক্ষৰ মানুহে বেল্ট আৰু লাঠি-টোকোন লৈ আক্ৰমণৰ বাবে উদ্যত হৈছিল। ছাদৰপৰা পাথৰো দলিওৱা হৈছিল। ইয়াৰ ফলত গোটেই এলেকাত বিশৃংখলাৰ সৃষ্টি হৈছিল। সেই ঘটনাত দাউদ, ছবাবুল, তৌফিক আঘাত প্ৰাপ্ত হৈছি। আৰক্ষীয়ে ঘটনাৰ কথা গম পোৱাৰ পাছত ঘটনাস্থলত গৈ পাছিল। মানুহৰ ভীৰত পাতল কৰিছিল। আঘাত প্ৰাপ্ত লোকসকলক হস্পিটেলত পঠিয়াইছিল। লগতে ঘটনা স্থলৰপৰা ছজনক ধৰি লৈ আৰক্ষীয়ে থানাত লৈ গৈছিল। আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে। এই বাতৰিত আমি ক’তো সাম্প্ৰদায়িক বিবাদৰ উল্লেখ পোৱা নাই।  

এনডিটিভি আৰু লাইভ হিন্দুস্তান-ৰ ৱেবছাইঠতো আমি এই ঘটনা সম্বন্ধীয় বাতৰিৰ সন্ধান পাইছোঁ। অৱশ্যে, সেইবোৰতো আমি এনেকুৱা তথ্য পোৱা নাই যে, সেয়া সাম্প্ৰদায়িক বিবাদৰ কোনো ঘটনা হয়। সেইবোৰ বাতৰিত যি তথ্য দিয়া হৈছে, সেয়া হ’ল, এয়া একেখন সম্প্ৰদায়ৰ মানুহৰ মাজতেই হোৱা বিবাদৰ ঘটনা হয়। 

ভাইৰেল দাবীক লৈ নিশ্চিত হোৱাৰ কাৰণে আমি মোৰাদাবাদৰ এডিশ্বনেল এছপি কুমাৰ ৰণবিজয় সিঙৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেওঁৰ লগত ভাইৰেল পোষ্ট শ্বেয়াৰো কৰিছিলোঁ। তেওঁ আমাক নিশ্চিত কৰি জনাইছে যে, মছজিদত যে এই কাজিয়াৰ ঘটনা ঘটিছে সেয়া একেখন সম্প্ৰদায়ৰ মানুহৰ মাজত কাজিয়া হোৱাৰ ঘটনা হয়, ইয়াত হিন্দু-মুছলমানৰ কোনো কথা নাই। সৰু কথা এটাক লৈ প্ৰথমতে মছজিদৰ বাহিৰত কাজিয়া হৈছিল, নামাজ শেষ হোৱাৰ পাছত আকৌ দুটা দলে পৰস্পৰৰ বিৰুদ্ধে কাজিয়াত লিপ্ত হৈছিল। এই ঘটনাত এফআইআৰ দাখিল হৈছে, কিন্তু এই ঘটনাত সাম্প্ৰদায়িক কোনো দিশ নাই।  

যিখন ফেচবুক পেজ-ৰপৰা এই বিভ্ৰান্তিকৰ পোষ্ট শ্বেয়াৰ কৰা হৈছিল, সেই পেজ-ক ছ’চিয়েল স্কেনিং কৰাৰ পাছত আমি দেখা পালোঁ যে, 16 লাখৰ অধিক মানুহে সেই পেজক ফলো কৰি থাকে।

উপসংহাৰ: বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, যিটো ভিডিঅ’ক ভাইৰেল কৰা হৈ আছে, সেয়া মোৰাদাবাদৰ এখন মছজিদৰ হয়। য’ত একেখন সম্প্ৰদায়ৰ মানুহে মৰামৰি কৰিছিল বুলি গম পোৱা গৈছে। এই ঘটনাত সাম্প্ৰদায়িক কোনো দিশ নাই। যিটো দাবী ভাইৰেল কৰা হৈ আছে, সেয়া বিভ্ৰান্তিকৰ হয়।

  • Claim Review : মছজিদত ভিতৰত হোৱা এই মৰামৰি দুটা সম্প্ৰদায়ৰ মানুহৰ মাজত হৈছিল।
  • Claimed By : FB Page- মৌলানা ছাদ ছাহেবক পছন্দ কৰা মানুহৰ গ্ৰুপ
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later