X
X

Fact Check: মেকড’নাল্ডছৰ গৰুৰ মাংস -থিম যুক্ত ল’গ’ৰ ভাইৰাল ছবি ভুৱা, এআই ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে

নতুন দিল্লী (বিশ্বাস নিউজ) সামাজিক মাধ্যমত এই ভুল দাবিৰ সৈতে এখন ছবি ভাইৰাল হৈ আছে যে, মেকড’নাল্ডছে গৰুৰ মাংস-থিম যুক্ত এটা নতুন ল’গ’ মুকলি কৰিছে। এই ছবিখন শ্বেয়াৰ কৰি কেইবাজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মেকডনাল্ড বৰ্জনৰ আহ্বান জঁনাইছে। 

বিশ্বাস নিউজৰ তদন্তত এই তথ্য ভুল বুলি প্ৰমানিত হৈছে। মেকড’নাল্ডছে তেঁওলোকৰ ল’গ’ত কোনো পৰিৱৰ্তন অনা নাই আৰু ভুল দাবিৰ লগত ভাইৰাল হোৱা ছবিখন প্ৰকৃততে এআই-ৰ সহায়ত প্ৰস্তুত কৰা হৈছে।

কি ভাইৰাল হৈ আছে?

সামাজিক মাধ্যম ব্যৱহাৰকাৰী বাবা আৰামদেব ভাইৰাল ছবিখন শ্বেয়াৰ কৰিছে আৰু লিখিছে যে, “আমেৰিকাত মেকড’নাল্ডছৰ নতুন ল’গ’ *  #BoycottMacdonald.” যিকিনহওক, এই গৰু বলি দিয়া কোম্পানীত প্ৰস্তুত হোৱা খাদ্য গ্ৰহণ কৰিবলৈ কাৰেবাৰ কি বাধ্যবাধকতা আছে?

কেইবাজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এই ভাইৰাল পোষ্টখন শ্বেয়াৰ কৰিছে। আঁৰৰ সত্য উন্মোচন কৰিবলৈ পোষ্টখন বিশ্বাস নিউজৰ ৱাটচএপ টিপলাইন নম্বৰত শ্বেয়াৰ কৰা হৈছিল।

তদন্ত

গুগল ৰিবাৰ্ছ ইমেজ ছাৰ্ছ ব্যৱহাৰ কৰি, এই ছবিখন ‘PETA 洲善待动物给组’,-ৰ ফেচবুক পেজত পোৱা গ’ল আৰু এয়া 15 ডিচেম্বৰত শ্বেয়াৰ কৰা হৈছিল।

ছবিখনৰ লগত মেণ্ডাৰিনত এখন বিৱৰণ আছিল, যি থুলমুলকৈ এনেদৰে অনুবাদ কৰিব পাৰি যে, “যদি কেৱল মেকড’নাল্ডছৰ ট্ৰেডমাৰ্কে প্ৰকৃতভাবে সত্য প্ৰতিফলিত কৰে! ” পোষ্ট ছবি সৌজন্যত ‘Itzhak Garbuz’ নাম পোৱা যায়। এই কিৱাৰ্ডৰ জৰিয়তে বিছাৰি আমি PETA-ৰ দ্বাৰা 11 ডিচেম্বৰ তাৰিখে এক্স-ত শ্বেয়াৰ কৰা এখন পোষ্ট পালো।

 ছবিখন ফেচবুকতও এই কেপচনৰ সৈতে শ্বেয়াৰ কৰা হৈছে, যদি কেৱল মেকড’নাল্ডছৰ মাৰ্কেটিঙে সঠিক” ‘Itzhak Garbuz’-ক এই পোষ্টখনত টেগ কৰা হৈছে। বিছাৰি থাকোঁতে আমি  ‘Itzhak Garbuz’ –ৰ নামত এখন ফেচবুক প্ৰ’ফাইল পালো, য’ত তেঁও চেপ্টেম্বৰৰ 19 তাৰিখে নিজৰ ছবি শ্বেয়াৰ কৰিছে আৰু কৈছে যে এয়া এআই-আহিলাৰ সহায়ত প্ৰস্তুত কৰা হৈছে। তেঁও কয় যে এই ছবিখন ‘Stable diffusion a1111 + ControlNet’. কমান্ডৰ সহায়ত প্ৰস্তুত কৰা হৈছে।

https://twitter.com/peta/status/1733939679550939264

আমাৰ এতিয়ালৈ কৰা তদন্তত এয়া স্পষ্ট হৈ পৰিছে যে, মেকড’নাল্ডছৰ ভাইৰাল হোৱা ল’গ’ এটা বিশেষ বাৰ্তা প্ৰচাৰ কৰিবলৈ এআই-ৰ সহায়ত প্ৰস্তুত কৰা হৈছে। 

ইয়াৰ পিছত, আমি ছবিখন এনে এখন আহিলাৰ সহায়ত চেক কৰিলো, যিটোক এআই ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ছবি চিনাক্ত কৰিবলৈ তৈয়াৰ কৰা হৈছে। এই তদন্তত, এই ছবিখনক এআই-ৰ সহায়ত প্ৰস্তুত কৰাৰ সম্ভাৱনা 99.9 শতাংশ পোৱা গ’ল। 

এই ভাইৰাল ছবি সন্দৰ্ভত, আমি অভিজিৎ পৰাশৰৰ লগত যোগাযোগ কৰিলোঁ, তেঁও এআই-ত কাম কৰা আৰু যন্ত্ৰপাতি অধ্যয়ন কৰা এজন বিশেষজ্ঞ। তেঁও আমাক নিশ্চিত কৰিলে যে এই ছবিসমূহ এআই আহিলাৰ সহায়ত প্ৰস্তুত কৰা হৈছে। 

তদন্তৰ শেষ ধাপত, আমি মেকড’নাল্ডছৰ ৱেবচাইট চেক কৰিলোঁ। ৱেবচাইটত থকা তথ্য মতে, মেকড’নাল্ডছৰ ৱাৰ্ডমাৰ্ক আৰু ল’গ’ত 2019 ৰ পৰা কোনো পৰিৱৰ্তন হোৱা নাই। ইয়াৰ প্ৰকৃত ট্ৰেডমাৰ্ক ইয়াত চাব পাৰিব।

ভুৱা দাবিৰ সৈতে ভাইৰাল ছবিখন শ্বেয়াৰ কৰা ফেচবুক পেজটোক প্ৰায় 30,000 মানুহে অনুসৰণ কৰে। এআই সন্দৰ্ভত অন্যান্য ফেক্ট চেক ৰিপোৰ্ট ইয়াত পঢ়িব পাৰিব

সামৰণিঃ মেকড’নাল্ডছৰ নতুন গৰুৰ মাংস-ল’গ’ যুক্ত ছবি ভুৱা আৰু এয়া এআইআহিলাৰ সহায়ত প্ৰস্তুত কৰা হৈছে। মেকড’নাল্ডছৰ ৱাৰ্ডমাৰ্ক আৰু ট্ৰেডমাৰ্ক 2019 ৰ পৰা অপৰিৱৰ্তিত আছে। 

  • Claim Review : সামাজিক মাধ্যমত এই ভুল দাবিৰ সৈতে
  • Claimed By : ফেচবুক ব্যৱহাৰকাৰী: বাবা আৰামদেব
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later