বিশ্বাস টিম-ৰ তদন্তত জানিব পৰা গৈছে যে এই পোষ্ট মিছা হয়। মাধৱনে নিজে জনাইছে যে ‘ৰকেটৰি’ বোলছবিখন বনোৱাৰ কাৰণে তেওঁ নিজৰ ঘৰ বিক্ৰী কৰা নাই।
নতুন দিল্লী (বিশ্বাস নিউজ): ছ’চিয়েল মিডিয়াত টেক্সট এটা ভাইৰেল হৈ আছে। তাত দাবী কৰা হৈছে যে অভিনেতা মাধৱনে ‘ৰকেটৰি’ বোলছবিখন বনোৱাৰ কাৰণে নিজৰ ঘৰ বিক্ৰী কৰি দিছে। বিশ্বাস টিম তদন্ত কৰাৰ পাছত গম পাইছে যে এই পোষ্টত থকা কথাবোৰ মিছা হয়। মাধৱন নিজে এই কথা সদৰী কৰিছে।
ফেচবুক পেজ ‘ইণ্ডিয়া ৰাইজিং’-এ পোষ্টটো আপল’ড কৰিছিল, তাত মাধৱন নিজৰ পুত্ৰৰ সৈতে থকা এখন ছবি দিয়া হৈছিল। লগতে তাত লিখা আছিল, “ভাৰতীয় চিনেমাৰ অনালোচিত নায়ক: ৰকেটৰি বোলছবিখন বনোৱাৰ কাৰণে আৰ মাধৱনে নিজৰ ঘৰ হেৰুৱাবলগীয়া হৈছে আৰু আগৰ কিছুমান প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ কাৰণে ছবিখনৰ প্ৰকৃত পৰিচালকে বোলছবিখনৰপৰা ওলাই যোৱাৰ পাছত মাধৱনে ছবিখনৰ পৰিচালনাৰ দায়িত্ব কান্ধত লৈছিল। এই ছবিখনৰ বাবে ধনৰ যোগাৰ কৰাৰ কাৰণে হে তেওঁ আন বেলেগ-বেলেগ প্ৰজেক্টত কাম কৰিবলগীয়া হৈছিল। তেওঁ এই প্ৰজেক্টত 6 বছৰ ধৰি কাম কৰিছিলে। তেওঁ এইবোৰ কৰিছে কেৱল সেইজন ভাৰতীয় বিজ্ঞানীৰ কথা সকলৰ মাজত বিয়পাই দিবলৈ যিজনৰ বিৰুদ্ধে গুপ্তচৰ বৃত্তিৰ অভিযোগ উঠিছিল। তেওঁ কিংবদন্তী হয়! আনহাতে, তেওঁৰ পুত্ৰ বেদান্ত দেশৰ হৈ সাঁতোৰ প্ৰতিযোগিতাত পদক জিকি আছে। মোৰ বৰ ভাল লাগি আছে যে অৱশেষত গোটেই পৃথিৱী গম পাই আছে যে নাম্বি নাৰায়ণ প্ৰথম দিনাৰপৰাই এজন দেশপ্ৰেমী হে আছিলে। মেডিৰ প্ৰতি পৰম শ্ৰদ্ধা! দেশত এনেকুৱা ৰোল মডেলৰ হে প্ৰয়োজন।”
ভাইৰেল হোৱা পোষ্ট ইয়াত চাব পৰা যাব।
তদন্ত আৰম্ভ কৰাৰ বাবে, আমি প্ৰথমতে কী-ৱাৰ্ড দি ছাৰ্চ কৰিছিলোঁ। আমি এনেকুৱা কোনো বাতৰি ক’তো পোৱা নাই যে মাধৱনে নিজৰ ঘৰ বিক্ৰী কৰিছে।
অৱশ্যে, আমি অভিনেতা মাধৱনৰ পৰীক্ষিত টুইট হেণ্ডলত টুইট এটা পাইছোঁ য’ত লিখা আছে, “Oh Yaar. Pls don’t over patronize my sacrifice. I did not lose my house or anything. In fact all involved in Rocketry will be very proudly paying heavy Income Tax this year. Gods grace. We all made very good and proud profits. I still love and live in my house.” অসমীয়াত ইয়াৰ ভাঙনি, “আৰে বন্ধু, অনুগ্ৰহ কৰি মোৰ ত্যাগৰ অত্যধিক পৃষ্ঠপোষকতা নকৰিব। মই কোনো কাৰণতে নিজৰ ঘৰ হেৰুৱাবলগীয়া হোৱা নাই। আচলতে ৰকেটৰিৰ লগত যুক্ত সকলে এই বছৰ অত্যন্ত গৰ্বৰ সৈতে বিশাল অংকৰ আয়কৰ জমা কৰিছে। ঈশ্বৰৰ কৃপা। আমি সকলে বহুত ভালকৈ আৰু গৰ্বৰ সৈতে লাভবান হৈছোঁ। মই এতিয়াও মোৰ ঘৰখনক ভাল পাওঁ আৰু তাতেই থাকোঁ।”
এই সম্বন্ধে আমি বৰিষ্ঠ মনোৰঞ্জন সাংবাদিক পৰাগ ছাচেকৰৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেৱোঁ এয়া নিশ্চিত কৰিছে যে ‘ৰকেটৰি’ বোলছবিখন বনোৱাৰ কাৰণে মাধৱনৰ ঘৰ বিক্ৰী হোৱা নাই।
পোষ্টটোত আৰু বহুত কথা দাবী কৰা হৈছিল। এতিয়া সেইবোৰলৈ আহোঁ। এইটো ঠিকেই যে বোলছবিখনৰ পৰিচালনৰ দায়িত্বত প্ৰথমতে আছিলে অনন্ত মহাদেৱন কিন্তু ‘অনিবাৰ্য পৰিস্থিতি’-ৰ বাবে তেওঁ এই ছবিখনৰপৰা ওলাই গৈছিল আৰু তাৰ পাছত মাধৱন নিজে ছবিখন পৰিচালনা কৰাৰ দায়িত্ব কান্ধত লৈছিল। আনহাতে তেওঁৰ পুত্ৰ বেদান্তই সাঁতোৰত দেশৰ হৈ পদক জিকাৰ কথাও আছে। এইটো এশ শতাংশ সঁচা কথা যে বেদান্তে সাঁতোৰ প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় পদক জিকিছে। এপ্ৰিল 2022-ত আয়োজিত কোপেনহেগেনত ডেনিশ্ব অ’পেন-ত বেদান্তই পুৰুষৰ 800 মিটাৰ ফ্ৰিষ্টাইলত সোণৰ পদক আৰু 1500 মিটাৰ ফ্ৰিষ্টাইল ইভেণ্টত ৰূপৰ পদক লাভ কৰিছে।
সদৌ শেষত, আমি এই মিছা পোষ্ট ভাইৰেল কৰা ফেচবুক ইউজাৰ ইণ্ডিয়া ৰাইজিং-ৰ প্ৰ’ফাইলক ছ’চিয়েল স্কেনিং কৰি চাইছিলোঁ। এই পেজৰ অনুসৰণকাৰীৰ সংখ্যা 921,811।
নিষ্কৰ্ষঃ বিশ্বাস টিম-ৰ তদন্তত জানিব পৰা গৈছে যে এই পোষ্ট মিছা হয়। মাধৱনে নিজে জনাইছে যে ‘ৰকেটৰি’ বোলছবিখন বনোৱাৰ কাৰণে তেওঁ নিজৰ ঘৰ বিক্ৰী কৰা নাই।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ