X
X

Fact Check: কেবিচিয়ে হোৱাটছএপত অনলাইন লটাৰী চলোৱা নাই, ভাইৰেল দাবী ভুৱা

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত জানিব পাৰিছিল যে কেবিচি লটাৰী এটা কেলেংকাৰী আৰু পঢ়ুৱৈসকলক এই স্কেমাৰসকলৰ সৈতে কোনো ব্যক্তিগত তথা শ্বেয়াৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে।

  • By: Ankita Deshkar
  • Published: Feb 4, 2022 at 02:31 PM
  • Updated: Feb 7, 2022 at 12:48 AM

নতুন দিল্লী (বিশ্বাস নিউজ): বিশ্বাস নিউজে হোৱাটছএপত এটা ভাইৰেল বাৰ্তা পাইছিল, য’ত কোৱা হৈছিল যে KBC লাকী ড্ৰ ২০২২ প্ৰতিযোগিতাৰ পৰা মানুহে লটাৰী জিকিছে। বিশ্বাস নিউজে ভাইৰেল বাৰ্তাটো ইয়াৰ তথ্য পৰীক্ষাত এটা কেলেংকাৰী বুলি জানিব পাৰিছিল। বিশেষজ্ঞসকলে পঢ়ুৱৈসকলক এনে ধৰণৰ জালিয়াতিৰ চিকাৰ নহ’বলৈ পৰামৰ্শ দিয়ে।

কি এই ভাইৰেল পোষ্ট?

বিভিন্ন লোকে তেওঁলোকৰ হোৱাটছএপ নম্বৰত এটা গ্ৰাফিক আৰু এটা ভইচ নোট লাভ কৰিছে। বেনাৰখনত দাবী কৰা হৈছে যে তেওঁলোক লাকী ড্ৰ’ৰ বিজয়ী। ইয়াত অভিনেতা অমিতাভ বচ্চন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰতীয় ষ্টেট বেংক আৰু বিভিন্ন মোবাইল অপাৰেটৰৰ ছবি থকা এটা লটাৰী নম্বৰৰ কথাও উল্লেখ কৰা হৈছে। বেনাৰত এটা মোবাইল নম্বৰও লিখা আছে। বাৰ্তাটোৰ সৈতে এটা ভইচ নোট আছে য’ত দাবী কৰা হৈছে যে ব্যক্তিজনে নতুন দিল্লীৰ হোৱাটছএপ গ্ৰাহক কাৰ্যালয়ৰ পৰা ফোন কৰিছে।


ভইচ নোটত দাবী কৰা হৈছে যে এই ফোন নম্বৰটোৱে ২৫ লাখ টকা জিকিছে। লগে কোৱা হৈছে যে লটাৰীৰ ধনৰ পৰিমাণ মুম্বাইৰ ষ্টেট বেংক অৱ ইণ্ডিয়াত জমা হৈছে আৰু বেনাৰত থকা নম্বৰটো বেংকৰ মেনেজাৰৰ আৰু তাৰ পিছত তেওঁলোকে বিৱৰণ প্ৰদান কৰিব। লগতে, ব্যক্তিজনে আপোনাক কয় যে আপুনি নম্বৰটো সংৰক্ষণ কৰিব লাগিব আৰু তাৰ পিছত হোৱাটছএপ অডিঅ’ কল এটা কৰিব লাগিব।

অনুসন্ধান

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত, প্ৰথম বেনাৰত দিয়া নম্বৰটোলৈ স্বাভাৱিক কল কৰিছিল। আমি দেখিছিলো যে তেওঁৰ ইনকামিং কল সেৱাসমূহ বন্ধ আছিল। এইটো প্ৰথম দিশ আছিল, এজন এছ.বি.আই. মেনেজাৰে তেওঁৰ ইনকামিং কল সেৱা কিয় বন্ধ ৰাখিব?

বিশ্বাস নিউজেও হোৱাটছএপৰ জৰিয়তে নম্বৰটো পৰীক্ষা কৰিছিল। মানুহজনে তেওঁৰ Bio ত ‘কেবিচি অফিচ মেনেজাৰ’ বুলি উল্লেখ কৰিছিল। আমি একেটা নম্বৰত এটা হোৱাটছএপ কল কৰিছিলো। মেনেজাৰে তেওঁৰ নাম ৰাণা প্ৰতাপ বুলি কৈছিল আৰু আমাক যোগাযোগৰ বিৱৰণ সুধিছিল আৰু আন এটা ভইচ নোট প্ৰেৰণ কৰিছিল। এই ভইচ নোটত, তেওঁ আমাক বেঙ্ক একাউণ্ট নম্বৰ, সম্পূৰ্ণ নাম আৰু নিজৰ এখন ছবি প্ৰেৰণ কৰিবলৈ কৈছিল। ভইচ নোটত এই লটাৰীৰ প্ৰচাৰ নকৰিবলৈ আৰু মানুহক ইয়াৰ বিষয়ে নক’বলৈ কোৱা হৈছে।

টুইটাৰত কেবিচি লটাৰী পৰীক্ষা কৰাৰ পিছত আমি ২৮ জুন, ২০২১ তাৰিখে আহমেদাবাদ আৰক্ষীৰ দ্বাৰা পোষ্ট কৰা এটা টুইট পাইছিলো। Vishvas News ৰ অনুসন্ধান অনুসৰি এইটো এটা পুৰণি কেলেংকাৰী আৰু এতিয়া ই পুনৰ প্ৰতাৰণাৰ জাল পেলাইছে।

অৰ্থনৈতিক অপৰাধ শাখা, চাইবৰাবাদেও ইয়াৰ টুইটাৰ প্ৰ’ফাইলত এই বিষয়ে পোষ্ট কৰিছিল।

https://twitter.com/AhmedabadPolice/status/1409412624509333507?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1409412624509333507%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.vishvasnews.com%2Fpolitics%2Ffact check kbc is not running an online lottery on whatsapp readers are asked to be cautious 2%2F

বিশ্বাস নিউজে গুগলত কীৱৰ্ড অনুসন্ধানৰ জৰিয়তে দিল্লীৰ চাইবাৰ চেলৰ এটা পৃষ্ঠাও বিচাৰি পাইছিল, যিয়ে কেবিচি লটাৰী জালিয়াতিৰ বিষয়ে কৈছিল আৰু কিছুমান সুৰক্ষা সতৰ্কতাৰ কথা উল্লেখ কৰিছিল।

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানৰ পৰৱৰ্তী পৰ্যায়ত চাইবাৰ নিৰাপত্তা বিশেষজ্ঞ মহেশ ৰাখেজাৰ সৈতে যোগাযোগ কৰিছিল আৰু তেওঁক এই ভাইৰেল কেবিচি লটাৰী বাৰ্তাৰ বিষয়ে সুধিছিল। ৰাখেজাই কয়, “এই কেলেংকাৰী ৩ বছৰৰো অধিক সময় ধৰি চলি আছে। মানুহে বুজিব লাগে যে যদি তেওঁলোকে লটাৰীৰ বাবে আবেদন কৰা নাই বা ক্ৰয় কৰা নাই তেন্তে তেওঁ জিকাৰ কোনো সম্ভাৱনা নাই। মহেশ ৰাখেজাই এইটোও কৈছিল যে এই বাৰ্তাবোৰ এটা ভাৰ্চুৱেল নম্বৰৰ পৰা প্ৰেৰণ কৰা হৈছে যিটো যিকোনো এণ্ড্ৰইড এপ্লিকেচনৰ পৰা ক্ৰয় কৰিব পাৰি আৰু মাত্ৰ ৮০ টকাত উপলব্ধ।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত জানিব পাৰিছিল যে কেবিচি লটাৰী এটা কেলেংকাৰী আৰু পঢ়ুৱৈসকলক এই স্কেমাৰসকলৰ সৈতে কোনো ব্যক্তিগত তথা শ্বেয়াৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later