ফেক্ট চেক: ডনি প’ল’ বিমানবন্দৰ আৰু অসমৰ অন্যান্য বিমানবন্দৰত চাকৰিৰ শূ্ন্যপদ সন্দৰ্ভত ভাইৰাল হোৱা বাতৰি ভুৱা আৰু এয়া এক কেলেঙ্কাৰি

ফেক্ট চেক: ডনি প’ল’ বিমানবন্দৰ আৰু অসমৰ অন্যান্য বিমানবন্দৰত চাকৰিৰ শূ্ন্যপদ সন্দৰ্ভত ভাইৰাল হোৱা বাতৰি ভুৱা আৰু এয়া এক কেলেঙ্কাৰি

নিউ দিল্লি (বিশ্বাস নিউজ):  অৰুনাচল প্ৰদেশৰ বিশ্বমানৰ ডনি প’ল’ বিমানবন্দৰ ইটানগৰৰ হলঙ্গিত 19 নভেম্বৰ 2022 ত উদ্ধোধন কৰা হৈছিল যদিও প্ৰথম বিমান 28 নভেম্বৰ 2022 ত পুন প্ৰথমবাৰৰ বাবে কলিকতা হৈ ইটানগৰৰ পৰা মুম্বাইৰ উদ্দেশ্যত উৰা মাৰিছিল। ইয়াৰ মাজতেই ডনি প’ল’ বিমানবন্দৰত চাকৰিৰ শূন্যপদৰ ভুৱা সংবাদ অনলাইন বিয়পি পড়িছে। অসমৰ অন্যান্য বিমানবন্দৰক লৈও একে দাবিৰ সৈতে সংবাদ অনলাইনত ঘুৰি ফুৰিছে।

বিশ্বাস নিউজৰ তদন্তত এনে সংবাদ ভুৱা আৰু এটা কেলেঙ্কাৰি বুলি প্ৰমানিত হৈছে কাৰণ সামাজিক মাধ্যমত বিয়পা এনে চাকৰিৰ সংবাদসমূহত বহুত বিসঙ্গতি দেখ পোৱা গৈছে। এই দাবিসমূহত, মানুহবিলাকক তেঁওলোকৰ ব্যক্তিগত তথ্য এটা অচিনাকি ৱাটচএপ নম্বৰত পঠাব দিয়া হৈছে যি ভাৰতৰ বিমানবন্দৰ কতৃপক্ষৰ(এএআই) ক্ষেত্ৰত কেতিয়াও নহয়।

ফেচবুক ব্যৱহাৰকাৰী চুমন মাগ্ৰিয়া নিলিং নভেম্বৰ ৮ ত এটা চাকৰিৰ বিজ্ঞপ্তি শ্বেয়াৰ কৰিলে, যি তেঁওৰ কাভাৰ ষ্ট’ৰিতও শ্বেয়াৰ কৰা আছিল। পোষ্টটোৰ আৰ্কিভ লিঙ্ক ইয়াত চাব পাৰে।

তদন্ত

বিশ্বাস নিউজে গুগল ৰিভাৰ্চ ইমেজ ছাৰ্চৰ মাধ্যমে ভাইৰাল হোৱা পোষ্টখনৰ এটা ফেক্ট চেক কৰিলে আৰু এনে ধৰণৰ বহুত দাবি যেনে এয়া আৰু এয়া; এইবিলাকৰ বিষয়ে গম পালে, যিজন ব্যৱহাৰকাৰীয়ে এই পোষ্টটো শ্বেয়াৰ কৰিছিল, এয়া বুজাব খুজিছে যে, এই চাকৰিৰ শূন্যপদৰ দাবিবোৰ ভুৱা।

আমাৰ পৰৱৰ্তী অনুসন্ধানত, আমি অসমৰ অন্যান্য বিমানবন্দৰ (গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰ, লিলাবাৰি, তেজপুৰ) সন্দৰ্ভত একে তথ্যযুক্ত এনে বহুত দাবি সামাজিক মাধ্যমত ঘুৰি থকা পালোঁ। এনে কিছুমান দাবি ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰে। এই পোষ্টসমূহ বিশেষকৈ চাকৰিৰ শূন্যপদৰ আবেদন পোষ্ট কৰা গ্ৰুপসমূহত নিশা বৰ্মন, সুনন্দা শইকিয়া আৰু পূজা বিশ্বাসৰ দ্বাৰা পোষ্ট কৰা হৈছে।

এই পোষ্টসমূহত বানান ভুল লক্ষ্য কৰা যায় যেনে, Payrole (Payroll), Groun (Ground), Adhar (Aadhar), Secendory (Secondary)

পোষ্টখনত বিমানবন্দৰ কতৃপক্ষৰ এটা ৱাটচএপ নম্বৰৰ বিষয়তও কোৱা হৈছে। যেতিয়া বিশ্বাস নিউজে এই ৱাটচএপ নম্বৰত-7365964213 যোগাযোগ কৰিবলৈ চেষ্টা কৰিলে- এয়া এটা শেষ পথত পৰিনত হ’ল। বেলেক এখন পোষ্টত আৰু এখন নম্বৰ পোৱা গ’ল-8240039935- যিটো বন্ধ আছিল।

বিশ্বাস নিউজে তেঁওলোকৰ পিছৰ পৰ্যায়ৰ তদন্তত, বিমানবন্দৰ কতৃপক্ষৰ ওৱেবচাইটৰ recruitment page খন চোৱাৰ সিদ্ধান্ত ল’লে, য’ত আমি বিমানবন্দৰৰ চাকৰি সন্দৰ্ভত সঠিক তথ্য আৰু নিৰ্দেশাৱলী থকা এখন যথাৰ্থ পেজৰ সন্ধান পালোঁ। অনুগ্ৰহ কৰি তথ্যসমূহ তলত চাওক:

লিঙ্কত কোনো ঠাইত কোনো ৱাটচএপ নম্বৰৰ কথা উল্লেখ কৰা নাছিলে, যাৰ মাধ্যমে চাকৰি প্ৰাৰ্থীৰ কোনো ধৰণৰ তথ্য পূৰণ কৰিব পৰা যাব, আৰু প্ৰাৰ্থী বাছনি কৰা হ’ব।

দিল্লিৰ এজন এএআই কৰ্মী, ইয়োগেশ কাডিয়ানৰ লগত কথা পাতি, আমি জানিব পাৰিলো যে, এনে পোষ্টবোৰ সদাই কিবা কেলেঙ্কাৰিৰ লগত যুক্ত থাকে আৰু ইয়াৰ উদ্দেশ্য সাধাৰণ মানুহৰ পৰা ধন লুন্ঠন কৰা হয়।

পৰৱৰ্তীতে আমি ইটানগৰৰ ডনি প’ল’ বিমানবন্দৰৰ গন অভিযোগ নিষ্পত্তিৰ দায়িত্তত থকা বিষয়া, অভিনাশ ৰঞ্জনক tm.veho@AAI.AERO. এই লিঙ্কত ই-মেইল পঁঠালো। আমি অতি সোনকালে তেঁওৰ প্ৰতিক্ৰিয়া জানিব পাৰিলো, যিটো হ’ল- “এয়া জ্ঞাতাৰ্থে জঁনোৱা হ’ল যে সংশ্লিষ্ট চাকৰিৰ শূন্যপদৰ বিজ্ঞাপন সম্পূৰ্ণ ভুৱা আৰু এয়া অনুসৰণ কৰা উচিত নহয়। ”

অধিক তথ্য জানিবৰ বাবে, বিশ্বাস নিউজে ভাৰতৰ বিমানবন্দৰ কতৃপক্ষৰ অধীনত থকা ডনি প’ল’ বিমানবন্দৰৰ অফিছিয়েটিং এপিডি দিলীপ মুৰলীধৰ ছজনানি-ৰ লগত যোগাযোগ কৰিলে। আমাৰ লগত ফোনত কথা পাতি থাকোতে তেঁও উক্ত সংবাদটোক ‘ভুৱা আৰু কেলেঙ্কাৰি’ বুলি ক’লে।

তদন্ত শেষ কৰাৰ স্বাৰ্থত, বিশ্বাস নিউজে অৱশেষত, এএআই কৰ্প’ৰেট হেডকুৱাটাৰৰ মানৱ সম্পদ বিভাগৰ সাধাৰণ প্ৰবন্ধক গিয়ান বাত্ৰাৰ লগত যোগাযোগ কৰিলে, যিজনে এয়া নিশ্চিত কৰিলে যে, “এএআই-ৰ নিয়োগ সম্বন্ধীয় যিকোনো সংবাদ সংশ্লিষ্ট ওৱেবচাইটত নাইবা সংবাদপত্ৰৰ মাধ্যমে প্ৰকাশ কৰা হয়।”

সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ সামাজিক ষ্কেনিঙত আমি গম পালো যে, চুমন মাগ্ৰিয়া নিলিঙৰ ফেচবুকত 27 জন বন্ধু আছে।

উপসংহাৰ: অৰুনাচলৰ অলপতে উদ্ধোধন হোৱা বিমানবন্দৰ আৰু অসমৰ বিভিন্ন বিমানবন্দৰত বিভিন্ন চাকৰিৰ শূন্যপদ সন্দৰ্ভত বিয়পা বাৰ্তা, সংবাদবোৰ ভুৱা আৰু এটা কেলেঙ্কাৰি।

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস