ফেক্ট চেক: হলীউদৰ অভিনেতা ৰবাৰ্ট ডাউনী জুনিয়ৰৰ ভুলকৈ কৈ দাবী কৰা ছবি ভাইৰেল হৈ পৰিছে


নতুন দিল্লী (বিশ্বাস টীম)| ফেচবুকত এটা পোষ্ট ভাইৰেল হৈ পৰিছে| এই পোষ্টত ব্যৱহাৰ কৰা ছবিত দেখুৱা ব্যক্তিৰ বিষয়ে দাবী কৰা হৈছে যে সেই ব্যক্তি গৰাকীৰ গম্ভীৰ বেমাৰ হৈছে তাৰ বাবে ডাক্তৰসকলে তেখেতৰ বুকুত আৰ্টিফিচিয়েল হাৰ্ট লগাইছে| পোষ্টটোত লিখিছে যে হাৰ্ট ট্ৰাসপ্লান্টৰ বাবে ৫ কোটি টকাৰ আৱশ্যক হ’ব,  ইমান টকা ব্যক্তি গৰাকীৰ নাই| তাৰ পিচত দাবী কৰিছে যে এই পোষ্টটো ছেয়াৰ কৰাৰ পাচত ফেচবুক্ সাহাৰ্য্যৰ সিদ্ধান্ত লৈছে| বিশ্বাস নিউজৰ অনুসন্ধানত এইটো যে নকল গম পোৱা গ’ল|  প্ৰকৃততে ভাইৰেল পোষ্টত দেখুৱা ছবিখন আমেৰিকান এক্টৰ ৰবাৰ্ট ডাউনী জুনিয়ৰৰ| এই ছবিখনত ২০০৮ চনত ৰবাৰ্টে নিজৰ চুপাৰহিট ফিল্ম “আয়ৰণ মেন”ৰ বাবে মেকাপ কৰিছিল|

ভাইৰেল পোষ্টটোত কি আছে ?

ফেচবুকত বিদ্যুত গগৈ (Bidyut Gogoi) নামৰ এজনে এটা পোষ্ট ছেয়াৰ কৰিছিল| পোষ্টটোত কিছুমান ফটো দিছিল য’ত এজন ব্যক্তিক গম্ভীৰ ৰোগত পীড়িত হোৱা দেখা গৈছিল| এই পোষ্টত ব্যৱহাৰ কৰা ফটোত দেখুৱা ব্যক্তিজনৰ বিষয়ে দাবী কৰা হৈছে যে তেওঁৰ বৰ গম্ভীৰ ৰোগ হৈছে| সেয়ে ডাক্তৰ সকলে তেওঁৰ বুকুত আৰ্টিফিচিয়েল হাৰ্ট লগায়| পোষ্টত লিখা গৈছিল যে হাৰ্ট ট্ৰাচপ্লান্ট ৰ বাবদ ৫ কোটি টকাৰ আৱশ্যক হ’ব আৰু তেওঁৰ হাতত সিমান টকা নাই| তাৰ পিচত দাবী কৰে যে ফেচবুকে এই পোষ্ট টো ছেয়াৰ কৰাত সাহায্য কৰিবলৈ সিদ্ধান্ত লৈছে|

অনুসন্ধান

বিশ্বাস নিউজে এই পোষ্টৰ ওপৰত কমেন্টৰ অনুসন্ধান কৰে| অধিকতৰ কমেন্টততো এই পোষ্টটো মিছা বুলি কৈছে|

আমি Yandexত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰাত ২ ইন্স্টাগ্ৰাম পোষ্ট পোৱা গ’ল| সেই পোষ্টটো লচএঞ্জেলচৰ মেকাপ আৰ্টিত জেমী কেলমেনৰ পেজৰ পৰা ছেয়াৰ কৰা গৈছিল| ইয়াত সেই পোষ্টটোৰ স্ক্ৰীনচট দিয়া গৈছে|

এইখন ফটো ২২ ফব্ৰুৱাৰী ২০১৮ চনত ছেয়াৰ কৰা হৈছিল| ইন্স্টাগ্ৰাম পোষ্টত কেপচন লিখা আছিল ‘ IRON MAN(2008) — মাৰ্বল স্টুডিওই নিজৰ ১০ম বৰ্ষপূৰ্ত্তি পালন কৰি আছিল,  – ১০ বছৰৰ অভুতপূৰ্ব সাফল্যতা মাৰ্বল| মই তেওঁৰ প্ৰথম আৰু আজিলৈকে কৰা সবাটোতকৈ সুন্দৰ মাৰ্বল  এন্টাৰটেনমেন্ট এমসীয়ু মুভীৰ মুখ্য মেকআপ আৰ্টিচ আছিলো,  কিন্তু মই জানো যে মই পক্ষপাতীত্ব কৰিছোঁ|”

ফটোত আৰু লিখিছে : এক অতি অত্যন্ত ভাল এক্টৰ ৰবাৰ্ট ডাউনী জুনিয়ৰৰ ওপৰত চিলিকন এপ্লাইয়েঞ্চ মেকআপ কৰা গৈছে,  সেইটো মই নিজৰ হোম Fxলেব,  কেলমেন স্টুডিওত তৈয়াৰ কৰিছিলো|

দ্বিতীয় ফটো ১২ মাৰ্চ ২০১৮ত ছেয়াৰ কৰা গৈছে| এই ফটোৰ কেপচনত লিখা হৈছে,  এই প্ৰোস্থেটিক মেকআপ স্টেন ভিন্স্টন স্টুডিও ত তৈয়াৰ কৰা| ইয়াক শেন মহান ৰ নিৰ্শনাক আমি তিনি – মোৰ বচ, ,  ডেৱৰা লা মিয়া ডেনেৱৰৰ মেকআপ ডিপাৰ্টমেন্টৰ হেড,  ৰীচী অলোঞ্জো আৰু মই তৈয়াৰ কৰিছো|’ তাত আৰু লিখিছে যে এই ছবি প্ৰথমে আইৰণ মেন ফিল্মৰ প্ৰথম দিনা অৰ্থাৎ ১২ মাৰ্চ ২০০৭ত কৰা|

তাৰ পিচৰ অনুসন্ধানত লচএঞ্জেচৰ মেকআপ আৰ্টিচ জেমী কেলমেনৰ অাধিকাৰিক ৱেবচাইট ঘুকতিলো|তাতো আমি এই ফটো পালো|

২০০৮ চনৰ মাৰ্বল স্টুডিওৰ মুভী আয়ৰণ মেনত টোনী স্টৰ্কে/ আয়ৰণ মেনৰ ৰোলত অভিনেতা ৰবাৰ্ট ডাউনী জুনিয়ৰে অভিনয় কৰিছিলে|আয়ৰণ মেনৰ এই আইএমডীৱী পেজতো ৰবাৰ্ট ডাউনী জুনিয়ৰক লীড এক্টৰ টোনী স্টাৰ্ক / আয়ৰণ মেন আৰু জেমী কেলমেনক মুখ্য মেকআপ আৰ্টিচ হিচাবে তালিকাভুক্ত কৰা হৈছে|

ইয়াৰ ওপৰিও ভাইৰেল পোষ্টত দেখুৱা কথিত ৰোগীৰ বাবে ফেচবুকৰ তৰফৰ পৰা পইচা যোগোৱাৰো কোনো প্ৰমান পোৱা নগ’ল| অন্তত  বিশ্বাস টীমে এই পোষ্টটো ভাইৰেল কৰা ইউজাৰ বিদ্যুত গগৈৰ ফেচবুক একাউন্টৰ স্পেচিয়েল স্কেনিং কৰে| তাত পোৱা গ’ল যে ইউজাৰক ৬২২ লোকে ফ’লো কৰে আৰু ইউজাৰে এই একাউন্ট ২০০৪ চনত বনাইছিল|

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধাত এই ফেচবুকৰ পোষ্টত কৰা দাবী ফৰ্জী বুলি  পালে| প্ৰকৃততে এই ফটে এমেৰিকান এক্টৰ ৰাবাৰ্ট ডাউনী জুনিয়ৰৰ,  তেওঁ ২০০৮ চনত সুপাৰ (সুপাৰ হিৰো) হিট ফিল্ম  আয়ৰণ মেনৰ বাবে প্ৰস্থেটিক মেকআপ কৰি আছিল|

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস