Fact Check: হাইদ্ৰাবাদৰ ৰাম’জি ফিল্ম স্টুডিঅ’ৰ ভিডিঅ’ক ৰাম মন্দিৰৰ ভিডিঅ’ বুলি ভাইৰাল কৰা হৈ আছে

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ’ৰ লগত কৰা দাবি ভুৱা হয়। এই ভিডিঅ’ৰ ৰাম মন্দিৰৰ লগত কোনো সম্পৰ্ক নাই, এয়া হাইদ্ৰাবাদৰ ৰাম’জি ফিল্ম স্টুডিঅ’ৰ দৃশ্য।

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এখন ভিডিঅ’ ভাইৰাল হৈ আছে, য’ত মন্দিৰৰ আকৃতি দেখা পোৱা যায়। ভিডিঅ’খনক শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকল দাবি কৰি আছে যে, এয়া ৰাম মন্দিৰৰ ভিডিঅ’, যিটোৰ জানুৱাৰি মাহত প্ৰাণ প্ৰতিষ্ঠা হ’ব।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ’ৰ লগত কৰা দাবি ভুৱা হয়। এই ভিডিঅ’ৰ ৰাম মন্দিৰৰ লগত কোনো সম্পৰ্ক নাই, এয়া হাইদ্ৰাবাদৰ ৰাম’জি ফিল্ম স্টুডিঅ’ৰ দৃশ্য।

কি আছে ভাইৰাল পোষ্টত?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, ”ৰাম মন্দিৰৰ দিব্য দৰ্শন”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত পুনপ্ৰথমতে আমি ভাইৰাল ভিডিঅ’ৰ কিফ্ৰেমক গুগল লেঞ্চৰ জৰিয়তে বিছাৰিলোঁ। এই প্ৰক্ৰিয়াত আমি ভাইৰাল ভিডিঅ’ত দেখা মন্দিৰৰ দৰে একে দৃশ্য পিকচি ডট কমৰ ৱেবচাইটত আপল’ড হোৱা দেখা পালো। ইয়াত থকা তথ্য মতে, এয়া হাইদ্ৰাবাদৰ ৰাম’জি ফিল্ম স্টুডিঅ’ৰ মহাৰাজা দৰবাৰৰ চেট-আপ হয়।

ইয়াৰ ভিত্তিত আমি আমাৰ তদন্ত আগবঢ়ালোঁ আৰু আমি এই ভিডিঅ’খন ৰাম’জি ফিল্ম চিটি নামৰ এখন ইউটিউব চেনেলতও আপল’ড হোৱা দেখা পালো। ইয়াত থকা তথ্য মতে, এয়া ৰাম’জি ফিল্ম চিটিৰ ভাগবতম চেটৰ ভিডিঅ’ হয়।

ভাইৰাল ভিডিঅ’ সন্দৰ্ভত নিশ্চিতিকৰণৰ বাবে আমি, অযোধ্যাৰ দৈনিক জাগৰণৰ বিউৰ’ চিফ ৰামচৰণ অৱস্থিৰ লগত যোগাযোগ কৰিলোঁ আৰু ভাইৰাল ভিডিঅ’ৰ বিষয়ে তেওঁক অৱগত কৰিলোঁ। তেঁও আমাক জঁনালে যে এই ভিডিঅ’খন ৰাম মন্দিৰৰ নহয়, এই দাবিখন ভুল।

ভাইৰাল হৈ থকা ভিডিঅ’ক আমি হাইদ্ৰাবাদৰ টিটিবি নিউজৰ সংবাদদাতা ৰিয়াজ আহমেদৰ লগতও শ্বেয়াৰ কৰিলোঁ। তেঁও আমাক এই সন্দৰ্ভত নিশ্চিত তথ্য দিলে যে এয়া হাইদ্ৰাবাদৰ ৰাম’জি ফিল্ম চিটিৰ ভিডিঅ’।

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজনৰ নিজা তথ্য অনুসৰি তেঁও বাংলাদেশৰ বাসিন্দা।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ’ৰ লগত কৰা দাবি ভুৱা হয়। এই ভিডিঅ’ৰ ৰাম মন্দিৰৰ লগত কোনো সম্পৰ্ক নাই, এয়া হাইদ্ৰাবাদৰ ৰাম’জি ফিল্ম স্টুডিঅ’ৰ দৃশ্য।

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস