সত্যতা নিৰীক্ষণ: 128 ফুট ওখ ভগৱান গণেশৰ এই মূৰ্তি থাইলেণ্ডত আছে, ইণ্ডোনেছিয়াত নহয়

সত্যতা নিৰীক্ষণ: 128 ফুট ওখ ভগৱান গণেশৰ এই মূৰ্তি থাইলেণ্ডত আছে, ইণ্ডোনেছিয়াত নহয়

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত ভগৱান গণেশৰ বিশালকায় মূৰ্তিৰ এটা ভিডিও ভাইৰেল হৈ আছে। 1 মিনিট দৈৰ্ঘ্যৰ এই ভিডিওটো ভাইৰেল কৰা ব্যৱহাৰকাৰীজনে এই 128 ফুট ওখ মূৰ্তিটো মুছলিম দেশ ইণ্ডোনেছিয়াত আছে বুলি দাবী কৰিছে।

বিশ্বাস নিউজ এ নিজাববীয়াকৈ কৰা অনুসন্ধানত এইটো পাইছে যে 128 ফুট ওখ ভগৱান গণেশৰ এই মূৰ্তিটো থাইলেণ্ডত আছে, ইণ্ডোনেছিয়াত নহয়। ভিডিওটো ভূল দাবীৰ সৈতে ভাইৰেল কৰি থকা হৈছে।

इस खबर को हिंदी में पढ़ने के लिए यहां क्लिक करें।

কি আছে এই ভাইৰেল হৈ থকা পোষ্টটোত

ফেচবুক ব্যৱহাৰকাৰী কানখাৰা কিৰিত (আৰ্কাইব লিংক) এ 25 অক্টোবৰ 2022ত ভিডিওটো প্ৰচাৰ কৰি লিখিছে, 128 ফুট ওখ পৃথিৱীৰ সৰ্বোচ্চ ভগৱান গণেশৰ মূৰ্তিটো মুছলিম দেশ ইন্দোনেছিয়াত অৱস্থিত।

অনুসন্ধান

ভাইৰেল ভিডিওটোৰ অনুসন্ধান কৰিবলৈ আমি প্ৰথমে গুগলৰ ইনবিদ প্ৰক্ৰিয়াৰে ইয়াৰ কিফ্ৰেম উলিয়ালো আৰু সেইখন গুগল ৰিভাৰ্চ ইমেজত বিছাৰিলো। অনুসন্ধানত আমি এই ভিডিওটো টুইটাৰ ব্যৱহাৰকাৰী অংকিতা (আৰ্কাইভ লিংক) ৰ প্ৰফাইলত পোৱা গ’ল। ইয়াত লিখা আছে যে এই মূৰ্তিটো ভাৰতৰ নহয়। 39 মিটাৰ ওখ এই মূৰ্তিটো থাইলেণ্ডৰ খলং খুৱান চাচেওংচাও ত আছে।

https://twitter.com/ankitabnsl/status/1549574137844465667

শ্ৰীগণেশ ৱেবচাইটত 20 জুলাই 2022 ত প্ৰকাশিত বাতৰি মতে ইয়াৰ লগত জড়িত অন্য ফটো আৰু ভিডিও পোৱা যায়। এই অনুসৰি, পৃথিৱীৰ সৰ্ব্বোচ্চ ভগৱান গণেশৰ মূৰ্তিটো ভাৰত বা নেপালত নাই, থাইলেণ্ডৰ চাচেওংচাওত আছে। 2012 চনত ইয়াৰ নিৰ্মাণ কৰা হৈছিল। 2008 ত এই কাস্যৰ মূৰ্তিৰ নিৰ্মাণ আৰম্ভ কৰা হৈছিল আৰু 2012 ত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল। এই মূৰ্তিটো মাটিৰ পৰা 39 মিটাৰ (প্ৰায় 128 ফুট) ওখ, যি প্ৰায় 14 মহলাৰ অট্টালিকাৰ সমান। মূৰ্তিটোৰ 4খন হাত আছে। ওপৰৰ সোঁ হাতত কঁঠাল, ওপৰৰ বাওঁ হাতত কুঁহিয়াৰ, তলৰ সোঁ হাতত কল আৰু তলৰ বাওঁ হাতত আম ধৰি আছে। মূৰ্তিটোক ক্লোং কেউন জিলাৰ চাচেওংচাওত 40000 বৰ্গ মিটাৰ মাটিত বনোৱা হৈছে।

থাইলেণ্ড পৰ্য্যটনৰ ৱেবচাইটটো এই মূৰ্তিটোৰ বিষয়ে তথ্য দিয়া আছে। এই অনুসৰি, চাচেওংচাওত খ্লোং খুৱা গণেশ আন্তঃৰাষ্ট্ৰীয় উদ্যান সেইটো স্থান, য’ত ভগৱান গণেশৰ 39 মিটাৰ ওখ কাস্যৰ মূৰ্তিটো স্থাপন কৰা হৈছে।

ইয়াৰ বিষয়ে অধিক জানিবলৈ আমি থাইলেণ্ডৰ পৰ্য্যটন বিভাগলৈ মেইলৰ জৰিয়তে সম্পৰ্ক কৰিলোঁ। তেওঁলোকৰ মতে, ‘ভগৱান গণেশৰ এই মূৰ্তিটো থাইলেণ্ডৰ চাচেওংচাওত অৱস্থিত’। ইয়াৰ লগতে তেওঁলোকে ৱেবচাইটৰ এটা লিংকো প্ৰেৰণ কৰিছে। ইয়াত মূৰ্তিটোৰ অন্য ছবিও দেখা পোৱা যায়।

ইয়াৰ পিছত আমি ইন্দোনেছিয়াৰ ভগৱান গণেশৰ মূৰ্তিটোৰ বিষয়ে অনুসন্ধান কৰিলোঁ। ৰেফ্লেক্সনচ ডট লাইভ ৱেবছাইটটোত 25 আগষ্ট 2020ত প্ৰকাশিত বাতৰি অনুসৰি, ইন্দোনেছিয়াত মাউণ্ট ব্ৰমো নামৰ আগ্নেয়গৰিৰ উপৰত ভগৱান গণেশৰ 700 বছৰ পুৰণি, সৰু আৰু গৌৰৱময় মূৰ্তি আছে।

ভূল তথ্য শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী কানখাৰ কিৰিটৰ প্ৰফাইল আমি স্কেন কৰিলোঁ। এই অনুসৰি, তেওঁ জামনগৰত থাকে।

সামৰণি: সামাজিক মাধ্যমত ভাইৰেল ভিডিওত দেখি থকা ভগৱান গণেশৰ মূৰ্তিটো থাইলেণ্ডত অৱস্থিত। এই ভিডিওটোৰ ইন্দোনেছিয়াৰ লগত কোনো সম্পৰ্ক নায়।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস