Fact Check: অসমত ফ্ৰিজত বন্ধ কৰি ছোৱালীক হত্যা কৰা হোৱা নাই, ভাইৰেল পোষ্টত কোনো সত্যতা নাই
- By: Ashish Maharishi
- Published: Dec 23, 2022 at 03:07 PM
নতুন দিল্লী (বিশ্বাস নিউজ)। সমগ্ৰ দেশত চৰ্চা হৈ থকা শ্ৰদ্ধা হত্যাকাণ্ডৰ পাছতে ছ’চিয়েল মিডিয়াত কিছুমান মিছা আৰু সাম্প্ৰদায়িক পোষ্ট ভাইৰেল হৈ আছে। এতিয়া এখন ছবিক ভাইৰেল কৰি এই দাবী কৰা হৈ আছে যে অমসত এজন মুছলমান ব্যক্তিয়ে এজনী হিন্দু ছোৱালীক ধৰ্ষণ কৰাই সেইজনীক ফ্ৰিজত বন্ধ কৰি হত্যা কৰিছে। বিশ্বাস নিউজে ভাইৰেল হোৱা পোষ্ট অনুসন্ধান কৰি চাইছে। এয়া মিছা বুলি প্ৰমাণিত হৈছে। যিখন ছবিক অসমৰ বুলি ভাইৰেল কৰা হৈ আছে, সেয়া বিদেশৰ হয়। ইয়াৰ লগত অসমৰ কোনো সম্পৰ্ক নাই।
কি ভাইৰেল হৈ আছে
ফেচবুক ইউজাৰ ৰোহতাস শ্ৰীবাস্তৱে 8 ডিচেম্বৰ তাৰিখে এখন ছবি আপলোড কৰি এই দাবী কৰিছে, “অসমত আৰু এজনী শ্ৰদ্ধা ফ্ৰিজত বন্দী হ’ল। লিভ-ইন সম্পৰ্কত থকা কাজলক গফ্ফাৰ মিঞাই প্ৰথমত 7 জন মুছলমান ল’ৰাৰ দ্বাৰা ধৰ্ষণ কৰাইছে তাৰ পাছত তাইক অজ্ঞান অৱস্থাত ফ্ৰিজত পেক কৰি থৈ দিছিল। ফ্ৰিজৰ ঠাণ্ডাত তাইৰ মৃত্যু হ’ল। নৃশংসতাৰ সকলো সীমা পাৰ হৈ গৈছে তেতিয়া, যেতিয়া গফ্ফাৰ মিঞা আৰু তাৰ সংগীসকলে 8 দিন ধৰি নিতৌ ফ্ৰিজৰপৰা ছোৱালী জনীৰ মৃতদেহক ফ্ৰিজৰপৰা উলিয়াই ধৰ্ষণ কৰিছে তাৰ পাছত আকৌ ফ্ৰিজত ভৰাই থৈছে।”
ভাইৰেল হোৱা পোষ্টক অবিকল ভাৱে ইযাত উল্লেখ কৰা হ’ল। এই পোষ্টক সঁচা বুলি ভাবি অন্যান্য ইউজাৰেও ভাইৰেল কৰি আছে।
এই পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাব পৰা যাব।
অনুসন্ধান
বিশ্বাস নিউজে এই পোষ্টৰ তদন্ত দুটা পৰ্যায়ত কৰিছে। পোন প্ৰথমতে আমি জানিবলগীয়া আছিল যে, ভাইৰেল পোষ্টত যি দাবী কৰা হৈ আছে, এনেকুৱা ঘটনা সঁচাকৈ অসমত সংঘটিত হৈছে নে নাই। গুগল ছাৰ্চ কৰি আমি এনেকুৱা কোনো বাতৰি পোৱা নাই। এনেকুৱা ঘটনা সংঘটিত হ’লে, ইয়াৰ বাতৰি নিশ্চয় ওলালে হয়।
ইয়াৰ পাছত ভাইৰেল হোৱা পোষ্টৰ সৈতে ব্যৱহাৰ হোৱা ছবিখনৰ সত্যতা পৰীক্ষা কৰি চাবলগীয়া হৈছিল।
গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ টুল-ত এই ছবিখনক আপলোড কৰি অনুসন্ধান কৰাৰ পাছত এই ছবিখনৰ লগত যুক্ত 2021 আৰু 2010 চনৰ বাতৰি পাইছিলোঁ। ইয়াহু নিউজে 2021 চনত এটা বাতৰিত ভাইৰেল হোৱা এই ছবিখন ব্যৱহাৰ কৰি কৈছে যে এয়া ভেনেজুয়েলাৰ ঘটনা হয়।
আনহাতে এটা ব্লগত এই ছবিখনক 2021 চনত ব্যৱহাৰ কৰা হৈছিল। তাত কোৱা হৈছিল যে ব্ৰাজিলৰ গ্ৰেটাৰ ছাও পাওলোত এজন ব্যক্তিয়ে নিজৰ পত্নীৰ হত্যা কৰি মৃতদেহক ফ্ৰিজত থৈ দিছে।
অসম আৰক্ষীৰ ফালৰপৰাও ভাইৰেল হোৱা পোষ্টৰ সতত্যাক অস্বীকাৰ কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট জাৰী কৰা হৈছে। সেইটো আপোনালোকে তলত পঢ়ি চাব পাৰে।
বিশ্বাস নিউজে তদন্ত আগবঢ়াই অসমৰ ইষ্ট মোজো-ৰ সাংবাদিক চন্দন বৰগোহাঞিৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ স্পষ্ট কৰি কৈছে যে, ভাইৰেল পোষ্ট যি দাবী কৰা হৈছে, অসমত এনেকুৱা কোনো ঘটনা সংঘটিত হোৱা নাই। লগতে ভাইৰেল হোৱা ছবিৰ সৈতে অসমৰ কোনো সম্পৰ্কও নাই।
অনুসন্ধানৰ শেষত মিছা পোষ্ট শ্বেয়াৰ কৰা ইউজাৰৰ বিষয়ে অনুসন্ধান কৰা হৈছে। ফেচবুক ইউজাৰ ৰোহতাস শ্ৰীবাস্তৱৰ 1900-ৰ অধিক ফলোৱাৰ আছে। এইজন ইউজাৰ গোৰক্ষপুৰৰ বাসিন্দা হয়। এই একাউণ্ট তৈয়াৰ কৰা হৈছিল 2009 চনত।
সিদ্ধান্ত: অসমৰ নামত ভাইৰেল হোৱা সাম্প্ৰদায়িক পোষ্ট সম্পূৰ্ণ ৰূপত মিছা বুলি প্ৰমাণিত হৈছে। বিশ্বাস নিউজৰ তদন্তত গম পোৱা গৈছে যে এনেকুৱা কোনো ঘটনা অসমত সংঘটিত হোৱা নাই। ফ্ৰিজত এজনী যুৱতীৰ মৃতদেহ থকা ছবিখন যোৱা কেই বছৰ ধৰি ইণ্টাৰনেট আছে। ইণ্টাৰনেটত আটাইতকৈ পুৰণি ছবিখন ব্ৰাজিলৰ নামত আছে।
- Claim Review : অসমত হিন্দু যুৱতীক ফ্ৰিজত থৈ হত্যা কৰি হৈছে।
- Claimed By : ফেচবুক ইউজাৰ ৰোহতাস শ্ৰীবাস্তৱ
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.