নতুন দিল্লী (বিশ্বাস নিউজ)। মণিপুৰত চলি থকা হিংসাৰ মাজত সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰাল হৈ আছে, য’ত চাৰ্চৰ দৰে দেখা এখন ভৱনত জুই লগা দেখা পোৱা যায়। পোষ্টৰ লগত দাবি কৰা হৈছে যে, এই চাৰ্চ মণিপুৰত আছে, যত প্ৰদৰ্শনকাৰীসকলে 300 বছৰ পুৰণি এই চাৰ্চত অগ্নিসংযোগ কৰিছে।
বিশ্বাস নিউজৰ তদন্তত এই দাবি ভুৱা বুলি প্ৰমানিত হৈছে। জ্বলি থকা এই ভিডিঅ’ ফ্ৰাঞ্চৰ হয়। ইয়াৰ মণিপুৰ হিংসাৰ লগত কোনো সম্পৰ্ক নাই।
জ্বলি থকা চাৰ্চৰ ভাইৰাল ভিডিঅ’খনক 15 জুলাই ড. ৱিনীত কুমাৰ গৰ্গ নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছে। লগতে কেপচন লিখিছে যে, “#মণিপুৰ ছুগ্নু ইম্ফল। হিংসা, অগ্নিসংযোগ বন্ধ হোৱা নাই। বিজেপি সমৰ্থক উগ্ৰপন্থিয়ে 300 বছৰৰও অধিক পুৰণি St. Joseph’s চার্চ জ্বলাই দিলে। 74 দিনৰ পৰা মণিপুৰ জ্বলিছে।”
পোষ্টৰ আকাৰ্ইভ সংষ্কৰণ ইয়াত চাব পৰা যাব।
আমি ভিডিঅ’ৰ তদন্তৰ বাবে ইয়াৰ ষ্ক্ৰিনশ্বটক গুগল ৰিভাৰ্ছ ইমেজত বিছাৰিলো। আমি এই ষ্ক্ৰীণশ্বটখন ফ্ৰাঞ্চৰ বিখ্যাত টিভি চেনেল, ফ্ৰাঞ্চ 3 ৰ ৱেবচাইটত এটা সংবাদত পালো। সংবাদটোৰ মতে, ফ্ৰাঞ্চৰ মাৰ্নেত কাঠেৰে গঢ়া ঐতিহাসিক চাৰ্চ, এল’এগ্লিছ ন’ট্রে ডেম-ডি ড্র’ছনে-ত জুই লাগি গল আৰু কিছু সময় পিছত ভৱন ভাঙি গ’ল। জুই লগাৰ কাৰণ গম পোৱা নগল।
আমি এই জ্বলি থকা চাৰ্চৰ ছবি ফ্ৰাঞ্চৰ নিউজ ৱেবচাইট bfmtv.com তও পালো। তাত থকা তথ্য অনুসৰি, এই চাৰ্চখন ফ্ৰাঞ্চৰ মাৰ্নেত অৱস্থিত, যাৰ নাম এল’এগ্লিছ ন’ট্রে ডেম-ডি ড্র’ছনে আছিল।
বিশ্বাস নিউজে তদন্তৰ দ্বিতীয় ধাপত, মণিপুৰ হিংসাৰ সংবাদ কাভাৰ কৰা ফ্ৰিলাঞ্চ সংবাদদাতা জেমচ খাঙ্গেবামৰ লগত যোগাযোগ কৰিলে। জেমচ এ এই তথ্য স্পষ্ট কৰিলে যে, ভাইৰাল ছবিৰ মণিপুৰত চলি থকা হিংসাৰ লগত কোনো সম্পৰ্ক নাই আৰু এয়া মণিপুৰৰ ছেইণ্ট জ’ছেফ চাৰ্চ নহয়।
3 মে-ত মৈতি আৰু কুকি সম্প্ৰদায়ৰ মাজত হোৱা জাতীয় সংঘৰ্ষৰ পিছত মণিপুৰৰ পৰিস্থিতি উত্তপ্ত হৈ আছে। ৰিপোৰ্টাৰ সকলৰ মতে, এতিয়ালৈ, 100 ৰও অধিক লোক এই হিংসাৰ বলি হৈছে। মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিক লৈ অধিক তথ্য এই সংবাদসমূহত পঢ়িব পাৰি।
জ্বলি থকা চার্চৰ ভিডিঅ’ক ড. ৱিনীত কুমাৰ গৰ্গ নামৰ ফেচবুক ব্যৱহাৰকাৰীয়ে ভুল দাবিৰ সৈতে আপল’ড কৰিছে। ব্যৱহাৰকাৰীজনৰ 900ৰ অধিক অনুসৰণকাৰী আছে।
উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত এই দাবি ভুল প্ৰমানিত হৈছে। জ্বলি থকা চাৰ্চৰ এই ভিডিঅ’ ফ্ৰাঞ্চৰ হয়, ইয়াৰ মণিপুৰ হিংসাৰ লগত কোনো সম্পৰ্ক নাই।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ