Fact Check: 4 বছৰ আগত বান্দাত লগোৱা জীৱ জন্তু বিষয়ক ব’ৰ্ডৰ ছবি ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে

Fact Check: 4 বছৰ আগত বান্দাত লগোৱা জীৱ জন্তু বিষয়ক ব’ৰ্ডৰ ছবি ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে

বিশ্বাস নিউজ (নতুন দিল্লী) সামাজিক মাধ্যমত এখন ছবি দ্ৰুত গতিত ভাইৰাল হৈ আছে। ছবিত মানুহক ৰাস্তাত এখন ব’ৰ্ড লগোৱা অৱস্থাত দেখা পোৱা যায়।  বেনাৰখনত জীৱ জন্তুৰ সুৰক্ষাৰ বাবে যানবাহন লাহে চলোৱাৰ বাবে আবেদন কৰা হৈছে।  এই ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে,  উত্তৰ প্ৰদেশৰ পুলিশে সাম্প্ৰতিক কালত এই বেনাৰখন ৰাস্তাত লগাইছে।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, এই ভাইৰাল দাবিটো ভ্ৰমাত্মক। এই ছবিখন প্ৰায় চাৰিবছৰ পুৰণি।  2019 চনত বান্দা পুলিছে এইটো লগাইছিল, যিটোক পিছত আঁতৰাই দিয়া হৈছিল। পুৰণি ছবিক ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

কি ভাইৰাল হৈ আছে?

ফেচবুক ব্যৱহাৰকাৰী পিন্দৰ সিধু-এ 22 সেপ্টেম্বৰ 2023 –ত এই ছবিখন শ্বেয়াৰ কৰি কেপশ্বনত লিখিছে যে, জয় জৱান, জয় কিচান জয় মজদুৰ সঙ্গীসকল…এই বেনাৰখনে উত্তৰ প্ৰদেশৰ চৰকাৰৰ চকু মেলি দিলে, এতিয়া শাসন প্ৰশাসনৰ লগত জড়িত মানুহসকলেও বেনাৰ লগোৱাত ব্যস্ত হৈ গৈছে, যে,  আগতে ৰাস্তাত জীব জন্তু বহি থাকিব পাৰে চৰকাৰৰ ওচৰত আপোনাৰ প্ৰাণৰ কোনো মূল্য নাই, প্ৰতিদিনেই বিপথগামী ষাঁড়গৰুৰ বাবে দূৰ্ঘটনা ঘটে নাইবা ষাঁড়ে আঘাত কৰাৰ বাবে কোনোবা নাই কোনোবাৰ মৃত্যু হয়।… আপোনালোকে ভাবক, ক্ষেতিয়কৰ ফচল নষ্ট কৰাৰ পিছত জন্তুবিলাক ৰাস্তাত বহি থাকে, কেনেকোৱা হলে হেঁতেন যদি এই বিলাক জন্তুক চৰকাৰী সহায়ত গৌশালাত ৰখাৰ ব্যৱস্থা কৰিব পৰা গলে হেঁতেন… সেইবিলাকৰ ব্যৱস্থা কৰিব পৰা গল হেঁতেন। ”  

তদন্ত

ভাইৰাল দাবিৰ সত্যতা জানিবলৈ এই ছবিৰ লগত সম্পৰ্কিত কিৱাৰ্ডৰ সৈতে আমি গুগলত বিছৰা আৰম্ভ কৰিলোঁ। এই প্ৰক্ৰিয়াত আমি দাবি সন্দৰ্ভত এখন পোষ্ট সুৰেন্দ্ৰ পাঠক নামৰ এটা ফেচবুক পেজত পালো। ছবিখন আগষ্ট 2019 ত শ্বেয়াৰ কৰা হৈছিল। তাত থকা তথ্য অনুসৰি, পুলিছে কেইদিনমান আগত ব’ৰ্ডখন বান্দাত লগাইছিল। 

পোৱা তথ্যৰ ভিত্তিত আমি গুগলত থকা বান্দা পুলিছৰ অফিছিয়াল সামাজিক মাধ্যম একাউন্টখন চালিজাৰি চোৱা আৰম্ভ কৰিলোঁ। আমি এই ছবিখন তেঁওলোকৰ অফিছিয়াল টুইটাৰ একাউন্টত 22 আগষ্ট  2019 ত পোষ্ট হোৱা দেখা পালো। ছবিখন শ্বেয়াৰ কৰি বান্দা পুলিছৰ অধ্যক্ষয় মানুহৰ ওচৰত আবেদন কৰিছে যে,  জীৱ জন্তুৰ সুৰক্ষাৰ প্ৰতি নজৰ দিওক।  ৰাস্তাত জীৱ জন্তু বহি থাকিব পাৰে  এই কথা মন কৰি যানবাহন লাহে চলাওক। এই পোষ্টখন এতিয়াও বান্দা পুলিছৰ অফিছিয়াল টুইটাৰ (এক্স) একাউন্টত আছে।


ভাইৰাল দাবি খন্ডন কৰা আৰু এখন পোষ্ট আমি বান্দা পুলিছৰ অফিছিয়াল টুইটাৰ (এক্স))একাউন্টত পালো। 22 সেপ্টম্বৰ 2023 ত এখন পোষ্ট শ্বেয়াৰ কৰি লিখা হৈছে যে, ভাইৰাল ছবিক লৈ কৰা দাবি ভুল। পুলিছে সাম্প্ৰতিক কালত এনে কোনো বেনাৰ লগোৱা নাই। আমি এই দাবিৰ খন্ডন কৰিছো। এই ধৰণৰ ভুল তথ্য বিয়পা মানুহসকলৰ বিৰুদ্ধে কঠিন পদক্ষেপ লোৱা হব। অনুগ্ৰহ কৰি ভ্ৰমাত্মক তথ্য বিয়পাই নিদিব নহলে আৱশ্যক আইনী ব্যৱস্থা লোৱা হব। 

অধিক তথ্যৰ বাবে, আমি বান্দা এচএচপি লক্ষী নিৱাসৰ লগত যোগাযোগ কৰিলো। তেঁও আমাক জঁনালে যে, বান্দা পুলিছে সাম্প্ৰতিক কালত কোনো ব’ৰ্ড লগোৱা নাই। এই ছবিখন পুৰণা, যিটোক এতিয়া আকৌ শ্বেয়াৰ কৰা হৈ আছে, যাৰ বিষয়ে বান্দা পুলিছ খন্ডন কৰিছে। ”


শেষত আমি পোষ্টখনক ভ্রমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ একাউন্ট স্কেন কৰিলো।  আমি গম পালো যে ব্যৱহাকাৰীৰ প্ৰায় পাঁচ হাজাৰ বন্ধু আছে আৰু  5.6 হাজাৰ অনুসৰণকাৰী আছে। প্ৰফাইলত ব্যৱহাকাৰীয়ে নিজক সীতাপুৰ, উত্তৰ প্ৰদেশৰ বাসিন্দা বুলি কৈছে। 


উপসংহাৰ: বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য গম পালে যে, জীৱ জন্তুৰ  সুৰক্ষাক লৈ বেনাৰ লগোৱা পুলিছৰ ছবিক লৈ কৰা ভাইৰাল দাবি ভ্ৰমাত্মক হয়।  এই ছবিখন প্ৰায় চাৰি বছৰ পুৰণি। 2019 ত বান্দা পুলিছে এই বেনাৰ লগাইছিল যি পিছত অঁতৰাই দিয়া হয়।  পুৰণা ছবিক ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। 

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস