Fact Check: অনলাইন প্ৰৱঞ্চনাৰ সজাগতা সৃষ্টিৰ বাবে শিল্পীসকলে বনোৱা কাল্পনিক ভিডিঅ’ মিছা দাবীৰে ভাইৰেল

বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল দাবীটো ভুৱা বুলি প্ৰমাণিত হৈছে। ভাইৰেল ভিডিঅ’ এটা কাল্পনিক ভিডিঅ’ৰহে অংশ, ইয়াক অনলাইন প্ৰবঞ্চকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে নিৰ্মাণ কৰা হৈছিল।

Fact Check: অনলাইন প্ৰৱঞ্চনাৰ সজাগতা সৃষ্টিৰ বাবে শিল্পীসকলে বনোৱা কাল্পনিক ভিডিঅ’ মিছা দাবীৰে ভাইৰেল

নতুন দিল্লী (Vishvas News)। এগৰাকী ছোৱালীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ব্যাপক ৰূপত শ্বেয়াৰ কৰা হৈছে, য’ত দাবী কৰা হৈছে যে ছোৱালীজনী অনলাইনত প্ৰৱঞ্চনা কৰোতে ধৰা পৰিছে। দৰাচলতে, ভিডিঅ’টোত, এজনী ছোৱালীয়ে প্ৰথমে এজন দোকানীৰ পৰা কিছু সামগ্ৰী লয় আৰু তাৰ পিছত অনলাইনত পেটিএমৰ জৰিয়তে পৰিশোধ কৰে আৰু ইয়াক তাইৰ ফোনত দেখুৱায়। ইয়াৰ পিছতে এজন মানুহ আহি দেখুৱায় যে ছোৱালীজনী কেনেকৈ অনলাইনযোগে প্ৰৱঞ্চনা কৰিছিল আৰু দোকানীজনক সাৱধান হ’বলৈ কয়। বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল দাবীটো ভুৱা বুলি প্ৰমাণিত হৈছে। ভাইৰেল ভিডিঅ’টো কিছু শিল্পীৰ দ্বাৰা সজাগতা সৃষ্টিৰ বাবে নিৰ্মাণ কৰা এটা কাল্পনিক ভিডিঅ’ৰ অংশ।

কি এই ভাইৰেল পোষ্ট?

ফেচবুক ব্যৱহাৰকাৰী Rahul idrisi Just true এ ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “সাৱধান: অনলাইনযোগে ধন পৰিশোধৰ প্ৰৱঞ্চনাৰ এটা নতুন উপায়, শেষলৈকে ভিডিঅ’টো চাওক আৰু ইয়াক আনলৈও শ্বেয়াৰ কৰক!”

ইয়াত ভাইৰেল বাৰ্তাটো যেনেকৈ আছে তেনেকৈ তুলি দিয়া হৈছে। আন আন ব্যৱহাৰকাৰীসকলেও দাবীটো টুইটাৰত শ্বেয়াৰ কৰিছে। পোষ্টটো সম্পৰ্কীয় আৰ্কাইভ লিংকটো ইয়াত চাব পাৰিব।

অনুসন্ধান

ভাইৰেল দাবীটোৰ সত্যতা বিচাৰিবলৈ আমি ফেচবুকত কিছুমান কীৱৰ্ডৰ জৰিয়তে অনুসন্ধান কৰিছিলো। ইয়াৰ মাজতে, আমি ৪ জানুৱাৰী, ২০২২ তাৰিখে ফেচবুক পৃষ্ঠা एनएस की दुनियाত আপলোড কৰা প্ৰকৃত ভিডিঅ’টো পাইছিলো। ভিডিঅ’টো চোৱাৰ পিছত আমি দেখিছিলো যে প্ৰকৃত ভিডিঅ’টো কাল্পনিক আৰু ইয়াৰ এটা অংশ ভুল দাবীৰ সৈতে ভাইৰেল হৈ আছে। প্ৰকৃত ভিডিঅ’টো শিল্পীসকলে সজাগতা হিচাপে সৃষ্টি কৰিছে। ভিডিঅ’টোৰ শেষত, এজন ব্যক্তিক কোৱা দেখা গৈছে যে বন্ধুসকল, সঠিক তথ্য থকাটো অতি গুৰুত্বপূৰ্ণ, সেয়েহে আমি আপোনাৰ সজাগতাৰ বাবে এই ভিডিঅ’টো প্ৰস্তুত কৰিছো। অনলাইন লেনদেন কৰোঁতে সাৱধান হ’ব।

এই ফেচবুক পৃষ্ঠাটো লৈ আমি দেখিলোঁ যে ভাইৰেল পেজটো অভিনেতা নিশান্ত ছোনীৰ। নিশান্তই মানুহক সজাগ কৰিবলৈ আৰু মানুহক মনোৰঞ্জন দিবলৈ এনে ভিডিঅ’ প্ৰস্তুত কৰে। নিশান্তই তেওঁৰ ফেচবুক পেজত এনে ধৰণৰ কেইবাটাও ভিডিঅ’ শ্বেয়াৰ কৰিছে।

সবিশেষ তথ্য লাভৰ বাবে আমি নিশান্ত ছোনীৰ সৈতে যোগাযোগ কৰিছিলো। আমি এই ভাইৰেল দাবীটো তেওঁলৈ প্ৰেৰণ কৰিছিলো। তেওঁ আমাক জনায় যে এই দাবী সম্পূৰ্ণ মিছা, এই ভিডিঅ’টো কাল্পনিকহে আছিল। ভিডিঅ’টো মই মোৰ কিছু সহযোগীৰ সৈতে লগ হৈ নিৰ্মাণ কৰিছিলো। এই ভিডিঅ’টোৰ জৰিয়তে জনসাধাৰণৰ সজাগ কৰি তোলাই আমাৰ উদ্দেশ্য আছিল। এতিয়া এই ভিডিঅ’টোকেই বিভিন্ন মানুহে মিছা দাবীৰে সৈতে শ্বেয়াৰ কৰি আছে।

অনুসন্ধানৰ অন্তত আমি এই পোষ্ট শ্বেয়াৰ কৰা ফে’চবুক ইউজাৰ Rahul idrisi Just true ৰ ছ’চিয়েল স্কেনিংক কৰো। এই স্কেনিংত আমি জানিব পাৰো যে এই পেজটো ১৬ হাজাৰ লোকে ফ’ল’ কৰি ৰাখিছে। ইউজাৰগৰাকীয়ে এই পেজটো ২৪ আগষ্ট ২০১১ তাৰিখে সৃষ্টি কৰিছিল।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল দাবীটো ভুৱা বুলি প্ৰমাণিত হৈছে। ভাইৰেল ভিডিঅ’ এটা কাল্পনিক ভিডিঅ’ৰহে অংশ, ইয়াক অনলাইন প্ৰবঞ্চকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে নিৰ্মাণ কৰা হৈছিল।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস