Fact Check: কলকাতা ধৰ্ষণ কাণ্ডৰ নিপীড়িতাৰ মাতৃক বিৰাট কোহলীয়ে 50 কোটি টকা দিয়া বুলি দাবী ভুৱা হয়

বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, কলকাতা ধৰ্ষণ কাণ্ডৰ নিপীড়িতাৰ মাতৃক বিৰাট কোহলীয়ে 50 কোটি টকা দান কৰা নাই আৰু তেওঁ এনেকুৱা কোনো কথা সদৰীও কৰা নাই। ভাইৰেল হৈ থকা দাবী মিছা হয়।

Fact Check: কলকাতা ধৰ্ষণ কাণ্ডৰ নিপীড়িতাৰ মাতৃক বিৰাট কোহলীয়ে 50 কোটি টকা দিয়া বুলি দাবী ভুৱা হয়

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত বিৰাট কোহলীৰ নামত দ্ৰুত গতিত এটা পোষ্ট ভাইৰেল হৈ আছে। কেইজনমান ইউজাৰে এই পোষ্টা শ্বেয়াৰ কৰি এই দাবী কৰি আছে যে, ভাৰতীয় ক্ৰিকেট খেলুৱৈ বিৰাট কোহলীয়ে কলকাতা ধৰ্ষণ কাণ্ডৰ নিপীড়িতাৰ মাতৃক 50 কোটি টকা দান কৰিছে। কেইজনমান ইউজাৰে আকৌ এই দাবী সঁচা বুলি ভাবি পোষ্টটোক ভাইৰেল কৰি আছে।

বিশ্বাস নিউজে ভাইৰেল পোষ্টক লৈ তদন্ত কৰাৰ পাছত গম পাইছে যে এই দাবী মিছা হয়। বিৰাট কোহলীয়া এতিয়ালৈ এনেকুৱা কোনো কথা সদৰী কৰা নাই আৰু এনেকুৱা কোনো ধন দান কৰা নাই। বিৰাট কোহলী ধন দান কৰা সম্বন্ধীয় ভুৱা পোষ্ট আগতেও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।  

কি ভাইৰেল হৈ আছে ?

ফেচবুক ইউজাৰ Makeovers Rakhi-য়ে (আৰ্কাইভ লিংক) 21 আগষ্টত পোষ্ট এটা শ্বেয়াৰ কৰি লিখিছিলে, “Respect sir, ভাল তেওঁক হে পাব লাগে, যিজনে বেয়া সময়ত আহি সহায় কৰে কলকাতা ধৰ্ষণ কাণ্ডৰ নিপীড়িতাৰ মাতৃক সকাহ দিবলৈ 50 কোটি টকা দান কৰিলে বিৰাট কোহলী।”

তদন্ত

ভাইৰেল হোৱা দাবীৰ সত্যতা জানিবলৈ আমি গুগল এই বিষয়ত কী-ৱৰ্ড দি ছাৰ্চ কৰিছিলোঁ। আমি দাবীৰ লগত যুক্ত কোনো বাতৰি পোৱা নাই।

তদন্তক আগবঢ়াই আমি বিৰাট কোহলী-ৰ অফিচিয়েল চিয়েল মিডিয়া একাউণ্টছ-ক চালি-জাৰি চাইছোঁ। ভাইৰেল দাবী সম্বন্ধীয় কোনো পোষ্ট আমি পোৱা নাই। 

ভাবিবলগীয়া কথা এয়াই যে, বিৰাট কোহলীয়ে এনেকুৱা ধন দান কৰিলে, সেই বিষয়ত অৱশ্যেই মিডিয়া ৰিপ’ৰ্ট হ’লহেঁতেন। কিন্তু আমি এনেকুৱা কোনো নিউজ ৰিপ’ৰ্ট আৰু পোষ্ট পোৱা নাই।

বিৰাট কোহলীৰ নামত এনেকুৱা পোষ্ট ভাইৰেল হোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ আগতে ওড়িছা ৰে’ল দুৰ্ঘটনাক লৈয়ো এনেকুৱা পোষ্ট ভাইৰেল হৈছিল। তেতিয়া দাবী কৰা হৈছিল যে, ওড়িছা ৰে’ল দুৰ্ঘটনাৰ ভুক্তভোগীসকলৰ কাৰণে বিৰাট কোহলীয়ে 30 কোটি টকা দান কৰিছে। কিন্তু বিশ্বাস নিউজে তদন্ত কৰি গম পাইছিল যে সেই দাবী মিছা হয়। সেইখন ফেক্ট চেক ৰিপ’ৰ্ট ইয়াত পঢ়ি চাব পাৰে।

শেহতীয়াকৈ মহেন্দ্ৰ সিং ধোনী, বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ নামত এটা পোষ্ট ভাইৰেল হৈছিল। তাত দাবী কৰা হৈছিল যে, এই তিনি জনে কলকাতা ধৰ্ষণ কাণ্ডৰ নিপীড়িতাৰ সমৰ্থনত পোষ্ট শ্বেয়াৰ কৰিছে। বিশ্বাস নিউজে সেই পোষ্টক লৈয়ো তদন্ত কৰিছে আৰু সেই দাবী ভুৱা বুলি গম পাইছে। সেইখন ফেক্ট চেক ৰিপ’ৰ্ট ইয়াত পঢ়ি চাব পাৰে। 

পোষ্টৰ বিষয়ে আমি দৈনিক জাগৰণৰ ক্ৰীড়া সম্পাদক অভিষেক ত্ৰিপাঠীৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছে যে, বিৰাট কোহলীৰ ফালৰপৰা এতিয়ালৈ এনেকুৱা কোনো কথা সদৰী কৰা হোৱা নাই। 

সদৌ শেষত আমি সেই ইউজাৰৰ প্ৰ’ফাইল স্কেন কৰি চাইছোঁ, যিজনে উক্ত পোষ্ট শ্বেয়াৰ কৰিছিলে। আমি গম পাইছোঁ যে, সেই গৰাকী ইউজাৰক 8 হেজাৰ মানুহে ফলো কৰে। প্ৰ’ফাইলত থকা তথ্য অনুসৰি, ইউজাৰ গৰাকী কলকাতাৰ নিবাসী হয়।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, কলকাতা ধৰ্ষণ কাণ্ডৰ নিপীড়িতাৰ মাতৃক বিৰাট কোহলীয়ে 50 কোটি টকা দান কৰা নাই আৰু তেওঁ এনেকুৱা কোনো কথা সদৰীও কৰা নাই। ভাইৰেল হৈ থকা দাবী মিছা হয়।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস