Fact Check: 30 নং অনুচ্ছেদ ভাষিক-ধৰ্মীয় সংখ্যালঘুৰ সৈতে জড়িত, Art 30 A সংবিধানত নাই, যিটো বিলুপ্ত হোৱাৰ দাবি কৰা হৈছে

বিশ্বাস নিউজৰ তদন্তত এই দাবি ভুল বুলি প্ৰমানিতহৈছে। প্ৰকৃততে ভাৰতীয় সংবিধানত এনে কোনো অনুচ্ছেদ নাই। ভাৰতীয় সংবিদানৰ তৃতীয় ভাগত মৌলিক অধিকাৰৰ বৰ্ণনা দিয়া হৈছে, য'ত অনুচ্ছেদ 25 -ৰ পৰা 28 -ত ধাৰ্মিক স্বাধীনতাৰ অধিকাৰৰ বিষয়ে কোৱা হৈছে, তাত আকৌ অনুচ্ছেদ 29 -ৰ পৰা 31-লৈ সংস্কৃতি আৰু শিক্ষা বিষয়ক অধিকাৰৰ কথা কোৱা হৈছে। সংবিধানৰ অনুচ্ছেদ 30 -ত স্পষ্টকৈ সংখ্যালঘুসকলক ধৰ্ম আৰু ভাষাৰ ভিত্তিত নিজৰ পছন্দ মতে শিক্ষা প্ৰতিষ্ঠান স্থাপন আৰু পৰিচালনা কৰাৰ অধিকাৰ প্ৰদানৰ কথা উল্লেখ কৰা হৈছে।

Fact Check: 30 নং অনুচ্ছেদ ভাষিক-ধৰ্মীয় সংখ্যালঘুৰ সৈতে জড়িত, Art 30 A সংবিধানত নাই, যিটো বিলুপ্ত হোৱাৰ দাবি কৰা হৈছে

নতুন দিল্লী(বিশ্বাস নিউজ) লোকসভা নিৰ্বাচন  24-ৰ সময়চোৱাত সংবিধান এটা মুখ্য বিষয় আছিল আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতও সামাজিক মাধ্যমত এই সন্দৰ্ভত দাবি শ্বেয়াৰ কৰা হৈ আছে। এনে এখন পোষ্টত দাবি কৰা হৈছে যে, কেন্দ্ৰত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন হোৱাৰ পিছত সংবিধানৰ অনুচ্ছেদ  30 এ-ক শেষ কৰা হ’ব পাৰে, যাৰ মতে, হিন্দু সম্প্ৰদায়ক বিদ্যালয়ত হিন্দুসকলৰ ধাৰ্মিক গ্ৰন্থসমূহ পঢ়োৱাৰ অনুমতি দিয়া নহয়, য’ত এয়া মুছলমান সম্প্ৰদায়ৰ মাদ্ৰাছাত তেঁওলোকৰ ধাৰ্মিক গ্ৰন্থ পঢ়োৱাৰ অধিকাৰ প্ৰদান কৰে।

বিশ্বাস নিউজৰ তদন্তত এই দাবি ভুল বুলি প্ৰমানিতহৈছে। প্ৰকৃততে ভাৰতীয় সংবিধানত এনে কোনো অনুচ্ছেদ নাই। ভাৰতীয় সংবিদানৰ তৃতীয় ভাগত মৌলিক অধিকাৰৰ বৰ্ণনা দিয়া হৈছে, য’ত অনুচ্ছেদ 25 -ৰ পৰা 28 -ত ধাৰ্মিক স্বাধীনতাৰ অধিকাৰৰ বিষয়ে কোৱা হৈছে, তাত আকৌ অনুচ্ছেদ 29 -ৰ পৰা 31-লৈ সংস্কৃতি আৰু শিক্ষা বিষয়ক অধিকাৰৰ কথা কোৱা হৈছে। সংবিধানৰ অনুচ্ছেদ 30 -ত স্পষ্টকৈ সংখ্যালঘুসকলক ধৰ্ম আৰু ভাষাৰ ভিত্তিত নিজৰ পছন্দ মতে শিক্ষা প্ৰতিষ্ঠান স্থাপন আৰু পৰিচালনা কৰাৰ অধিকাৰ প্ৰদানৰ কথা উল্লেখ কৰা হৈছে।

 কি ভাইৰাল হৈ আছে?

সামাজিক মাধ্যম ব্যৱহাৰকাৰী ‘Neelu Jain’ -এ ভাইৰাল পোষ্টটো (আৰ্কাইভ লিঙ্ক) শ্বেয়াৰ  কৰি লিখিছে যে “*মোদীৰ দ্বীতিয় ঝাটকা আহি আছে।*

*ধাৰা  30-এ শেষ হোৱাৰ সম্ভাৱনা আছে।*

*মোদী ডাঙৰিয়াই হিন্দুসকলক কৰা প্ৰতাৰণাবোৰ ঠিক কৰিবলৈ সম্পূৰ্ণৰুপে সাজু হৈছে **আপুনি “আইন 30” আৰু আইন “30-এ” বিষয়ে শুনিছে নে?* আপুনি জানেনে *”30A”* -ৰ হিন্দিত অৰ্থ কি ? অধিক জানিবৰ বাবে দেৰি নকৰিব

*30-A* সংবিধানত অন্তৰ্ভুক্ত এটা আইন। যেতিয়া নেহেৰু-এ এই আইনখন সংবিধানত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিলে, তেতিয়া চৰদাৰ বল্লব ভাই পেটেলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। চৰদাৰ পেটেলে কৈছিল, *”এই আইনখন হিন্দুসকলৰ লগত প্ৰতাৰণাহে, *সেইহে যদি এই আইনখন সংবিধানত অনা হয় তেন্তে মই কেবিনেট আৰু কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিম। শেষত ইয়াৰ বিৰুদ্ধে চৰদাৰ পেটেলৰ ইচ্ছাৰ আগত নেহেৰু-এ নত হ’বলৈ বাধ্য হৈছিল। কিন্তু কিবা অচিনাকী দুৰ্ভাগ্যৰ ফলত..এই ঘটনাৰ কেইটামান মাহ পিছত চৰদাৰ বল্লব ভাই পেটেলৰ অকস্মাৎ মৃত্যু হয়..?* চৰদাৰ পেটেলৰ মৃত্যুৰ পাছত, নেহেৰু-এ এই আইনখনক ততালিকে সংবিধানত অন্তৰ্ভুক্ত কৰিলে। *

*30-A আচলতে কি, মই আপোনাৰ ইয়াৰ বিশেষ বৈশিষ্ট্যবোৰ কই দিঁও!…এই আইন মতে, হিন্দুসকলক নিজৰ “হিন্দু ধৰ্ম” -ৰ বিষয়ে শিকোৱা/পঢ়োৱাৰ অনুমতি নাই।

*”ধাৰা 30-A”* তাক অনুমতি বা অধিকাৰ নিদিয়ে… .সেই বাবে হিন্দুসকলে নিজ কলেজসমূহত হিন্দু ধৰ্ম পঢ়াব নালাগে। 

হিন্দু ধৰ্ম শিকোৱা /পঢ়োৱাৰ বাবে কলেজ স্থাপন হ’ব নালাগে। হিন্দু বিদ্যালয়সমূহক হিন্দু ধৰ্ম পঢ়াবলৈ আৰম্ভ কৰিব নালাগে। ধাৰা 30-A মতে ৰাজহুৱা বিদ্যালয় বা কলেজ আদিত হ্ন্দু ধৰ্ম, সংস্কৃতি পঢ়োৱাৰ কাকো অনুমতি দিয়া নহ’ব। আচহুৱা যেন লাগে, ( 30-A) নেহেৰু-এ তেঁওৰ সংবিধানত আৰু এটা আইন বনাইছিল *”আইন 30″*। এই “আইন 30”-ৰ মতে, মুছলমান, শিখ আৰু খ্ৰিষ্টানসকলে নিজৰ ধাৰ্মিক শিক্ষাৰ বাবে ইছলামী, শিখ, খ্ৰিষ্টান স্কুল স্থাপন কৰিব পাৰিব। 

মুছলমান, শিখ আৰু খ্ৰিষ্টানে নিজৰ ধৰ্মৰ বিষয়ে শিকাব পাৰিব। আইন 30-এ মুছলমান সম্প্ৰদায়ৰ মানুহক নিজৰ মাদ্ৰাছা স্থাপন কৰাৰ সম্পূৰ্ণ অধিকাৰ আৰু অনুমতি দিয়ে আৰু সংবিধানৰ অনুচ্ছেদ  30-এ খ্ৰিষ্টান সম্প্ৰদায়ৰ মানুহক নিজৰ ধাৰ্মিক বিদ্যালয় আৰু কলেজ স্থাপন কৰাৰ আৰু শিক্ষা দান কৰাৰ সম্পূৰ্ণ অধিকাৰ আৰু অনুমতি দিয়ে।বিনামূলীয়াকৈ নিজৰ ধৰ্মৰ প্ৰচাৰ কৰক… ইয়াৰ অইন এটা আইনি ৰুপ হল হিন্দু মন্দিৰৰ সকলো টকা পইচা চৰকাৰৰ বিবেকৰ ওপৰত এৰি দিয়া যাব, হিন্দু মন্দিৰ বিলাকত ভক্তসকলে দান কৰা ধন আৰু অন্যান্য সামগ্ৰী ৰাজ্যৰ কোষাগাৰত আনিব পাৰিব। তাত আকৌ মুছলমান আৰু খ্ৰিষ্টান মছজিদ ও গীৰ্জা বিলাকত প্ৰদান কৰা দান আৰু ভিক্ষা কেৱল মুছলমান আৰু খ্ৰিষ্টান সম্প্ৰদায়ৰ বাবে দিয়া হয়।  *”আইন 30″* -ৰ বৈশিষ্ট্যবোৰ এনেকুৱা।

এই কাৰণে, *ধাৰা  30-এ” আৰু  *ধাৰা  30″* হিন্দুসকলৰ লগত জানিশুনি ভেদাভেদ আৰু পৰিকল্পিতভাবে কৰা ডাঙৰ এটা প্ৰতাৰণা। 

এই কথাটো সকলোৱে বুজি লোৱা প্ৰয়োজন যে, আজি হিন্দু লোককথাত সীমিত হই আছে। হিন্দুসকলৰ নিজৰ শাস্ত্ৰৰ জ্ঞান নাই।

*জানি লওক* আনৰ বাবে সচেতনতা, আহক আমি সকলোৱে সনাতন ধৰ্মক ৰক্ষা কৰোঁ। পঢ়ক, শিকক আৰু আগ বঢ়াওক..

এই *অনুচ্ছেদ 30-এ*-ৰ কাৰণ হল….যে আমি আমৰ দেশত তেকিয়া ভগবত গীতা পঢ়াব নোৱাৰোঁ। পঢ়াৰ পিছত সঠিক যেন লাগিলে ইয়াক নিশ্চয় ফৰৱাৰ্ড কৰিব। যাতে সকলোৱে জানিব পাৰে যে নেহেৰু-এ এয়া কিহৰ বাবে আৰু কিয় কৰিছিল? *যদি আপুনি হিন্দু তেন্তে ইয়াক  নিশ্চয় 5 জনক ফৰৱাৰ্ড কৰিব।* *ধন্যবাদ **মই হিন্তু সেইবাবে পঠাইছোঁ!!* জয় শ্ৰী ৰাম।”

সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত কেইবাজন অন্যান্য ব্যৱহাৰকাৰীয়ে এই পোষ্টক একে ধৰণৰ আৰু মিল থকা দাবিৰ সৈতে শ্বেয়াৰ কৰিছে।

তদন্ত

 যিহেতু ভাইৰাল পোষ্টত সংবিধানৰ অনুচ্ছেদ ’30 এ-ক সমাপ্ত কৰি দিয়াৰ কথা দাবি কৰা হৈছে, সেইহে আমি ভাৰতীয় সংবিধান চেক কৰিলোঁ, যিটো কেন্দ্ৰীয় চৰকাৰৰ ৱেবচাইট legislative.gov.in/constitution-of-india -ত হিন্দি, ইংৰাজী সহ অন্য বাৰতীয় ভাষাত উপলব্ধ আছে। 

ভাৰতৰ সংবিধানৰ ভাগ 3  য’ত মৌলিক অধিকাৰৰ বৰ্ণনা দিয়া হৈছে, তাত ভাগ 4-ত নীতি নিৰ্দেশক তথ্য সন্নিবিষ্ট কৰা হৈছে। ভাইৰাল পোষ্টত ধাৰ্মিক অধিকাৰ সন্দৰ্ভত দাবি কৰা হৈছে, যি খণ্ড  3-ৰ অংশ।

ভাৰতীয় সংবিধানৰ খণ্ড  3-ত অনুচ্ছেদ 25 ৰ পৰা 28 -ৰ মাজত ধাৰ্মিক স্বাধীনতাৰ অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

তাত আকৌ অনুচ্ছেদ 29-31  -ত সংস্কৃতি আৰু শিক্ষা বিষয়ক অধিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে।

অনুচ্ছেদ 30-ত ধৰ্ম নাইবা ভাষাৰ ভিত্তিত সকলো সংখ্যালঘু বৰ্গৰ মানুহক নিজৰ পছন্দ অনুসৰি শিক্ষা প্ৰতিষ্ঠান স্থাপন আৰু সেইটোক পৰিচালনা কৰাৰ অধিকাৰ দিয়া হৈছে। অনুচ্ছেদ 30 (1) আৰু 30 (1) (এ) আৰু অনুচ্ছেদ 30 (2) এই অধিকাবোৰৰ বিষয়েই হয়।অনুচ্ছেদ 30 (2) এয়া নিশ্চিত কৰে যে, (এনেধৰণৰ) শিক্ষা প্ৰতিষ্ঠানবোৰক সহায়তা কৰিবলৈ ৰাজ্য ধৰ্ম নাইবা ভাষাৰ ভিত্তিত কাৰোবাৰ লগত কোনো ধৰণৰ ভেদাভেদ কৰিব নোৱাৰিব।  

আমাৰ তদন্তত এয়া স্পষ্ট হৈছে যে, ভাৰতীয় সংবিধানত অনুচ্ছেদ 30 (এ) -ৰ দৰে কোনো ব্যৱস্থা নাই, যাৰ উল্লেখ ভাইৰাল পোষ্টত কৰা হৈছে।

যিহেতু, ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 30 (1)-এ  ধৰ্ম নাইবা ভাষা ভিত্তিক সকলো সংখ্যালঘু বৰ্গৰ মানুহক নিজৰ পছন্দ অনুসৰি শিক্ষা প্ৰতিষ্ঠান স্থাপন আৰু সেইটোক পৰিচালনা কৰাৰ অধিকাৰ দিয়ে, সেইবাবে বাৰতীয় সংসদৰ তৰফৰ পৰা এই অধিকাৰবোৰ ৰক্ষা কৰাৰ আইন বনাই ৰাষ্ট্ৰীয় সংখ্যালঘু শিক্ষা প্ৰতিষ্ঠান আয়োগ( এনসিএমইআই) স্থাপন কৰা হৈছে

এয়া উল্লেখযোগ্য যে, ভাৰতীয় সংবিধানত “সংখ্যালঘু” শব্দটোৰ কোনো ব্যাখ্যা প্ৰদান কৰা হোৱা নাই, কিন্তু সংবিধানে ধৰ্ম নাইবা ভাষা ভিত্তিক সকলো সংখ্যালঘু বৰ্গৰ মানুহক মান্যতা প্ৰদান কৰে, সেইবাবে কেন্দ্ৰীয় চৰকাৰে েই শ্ৰেণিত ছয়টা ধাৰ্মিক সংখ্যালঘু জাতিক তালিকাভুক্ত কৰিছে, মুছলমান খ্ৰিষ্টান, শিখ, বৌদ্ধ, আৰু জৈন ধৰ্ম অন্তৰ্ভুক্ত হৈ আছে।

স্পষ্ট কথাত বুজিব হলে, এয়া কব পাৰি যে, অনুচ্ছেদ 30 সংখ্যালঘুসকলক এই অধিকাৰ প্ৰদান কৰে যে, তেঁও নিজৰ সন্তানক নিজৰ ভাষাত শিক্ষা প্ৰদান কৰিব পাৰিব।

ভাইৰাল পোষ্টত কৰা দাবিক লৈ আমি উচ্চতম ন্যায়ালৰ অধিবক্তা ৰুদ্ৰ বিক্ৰম সিংহ-ৰ লগত যোগাযোগ কৰিলোঁ। তেঁও আমাক স্পষ্টকৈ জঁনালে যে,  “ভাৰতীয় সংবিধানত ধাৰ্মিক স্বাধীনতা আৰু সংস্কৃতি তথা শিক্ষা সম্পৰ্কিত অধিকাৰসমূহৰ বৰ্ণনা অনুচ্ছেদ 25 ৰ পৰা 30-ৰ মাজত আছে আৰু  অনুচ্ছেদ 30-ৰ দুটা ধাৰা আছে যদিও সংবিধানত অনুচ্ছেদ 30এ-ৰ দৰে কোনো অনুচ্ছেদ নাই।”

ভাইৰাল পোষ্ট শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীয়ে সম্পৰ্কিত পোষ্টটো পুৰ্ণেন্দ্ৰ কুলশ্ৰেষ্ঠ গ্ৰুপত শ্বেয়াৰ কৰিছে, যাৰ প্ৰায় এক লাখতকৈ বেশি সদস্য আছে।

নিৰ্বাচন সন্দৰ্ভত অন্যান্য বিভ্ৰান্তিকৰ তথা ভুৱা দাবিৰ তদন্ত কৰা ফেক্ট চেক ৰিপোৰ্টসমূহ বিশ্বাস নিউজৰ নিৰ্বাচনী বিভাগত পঢ়িব পাৰিব।

সামৰণি:প্ৰকৃততে ভাৰতীয় সংবিধানত এনে কোনো অনুচ্ছেদ নাই। ভাৰতীয় সংবিদানৰ তৃতীয় ভাগত মৌলিক অধিকাৰৰ বৰ্ণনা দিয়া হৈছে, য’ত অনুচ্ছেদ 25 -ৰ পৰা 28 -ত ধাৰ্মিক স্বাধীনতাৰ অধিকাৰৰ বিষয়ে কোৱা হৈছে, তাত আকৌ অনুচ্ছেদ 29 -ৰ পৰা 31-লৈ সংস্কৃতি আৰু শিক্ষা বিষয়ক অধিকাৰৰ কথা কোৱা হৈছে। সংবিধানৰ অনুচ্ছেদ 30 -ত স্পষ্টকৈ সংখ্যালঘুসকলক ধৰ্ম আৰু ভাষাৰ ভিত্তিত নিজৰ পছন্দ মতে শিক্ষা প্ৰতিষ্ঠান স্থাপন আৰু পৰিচালনা কৰাৰ অধিকাৰ প্ৰদানৰ কথা উল্লেখ কৰা হৈছে।অনুচ্ছেদ 30-ৰ দুটা ধাৰা আছে যদিও সংবিধানত অনুচ্ছেদ 30এ-ৰ দৰে কোনো অনুচ্ছেদ নাই।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস