Fact Check: ২০১৯ চনত এনএফএল খেল চাবলৈ ভিৰ কৰা ভিডিঅ’ কাবুল বিমানবন্দৰৰ বুলি ভাইৰেল
বিশ্বাস নিউজৰ তদন্তত দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। এই ভিডিঅ’টো ২০১৯ ৰ এনএফএল খেলৰ, আফগানিস্তানৰ নহয়।
- By: Pallavi Mishra
- Published: Aug 24, 2021 at 03:58 PM
নতুন দিল্লী (বিশ্বাস নিউজ)। শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত এটা হলৰ ভিতৰত বৃহৎ জনসমাগম দেখা গৈছে। পোষ্টটো আফগানিস্তানৰ বুলি দাবী কৰা হৈছে, য’ত মানুহে দেশ এৰিবলৈ বিমানবন্দৰৰ ভিতৰলৈ দৌৰি আছে। পিছে বিশ্বাস নিউজৰ তদন্তত এই দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। উল্লেখযোগ্য যে এই ভিডিঅ’টো ২০১৯ ৰ এখন এনএফএল গেমৰ।
কি এই ভাইৰেল পোষ্ট?
ভাইৰেল ভিডিঅ’টোৰ সৈতে কেপশ্যনত লিখা হৈছে, “#AfganistanBurning Afganistan Airport Situation. Where is the UN. The superpowers. Why aren’t all nations coming together to help them. This is so sad. #Afghanistan #Taliban #AfghanLivesMatter #USAabandonedAfghanistan #wewantpeace #KabulHasFallen #KabulFalls #kabulairport” ইয়াৰ অসমীয়া অনুবাদ হৈছে – “#আফগানিস্তান জ্বলিবলৈ লৈছে। আফগানিস্তানৰ বিমানবন্দৰৰ শেহতীয়া পৰিস্থিতি। ক’লৈ গ’ল ৰাষ্ট্ৰসংঘ? মহাশক্তিবোৰ? আটাইবোৰ দেশ তেওঁলোকক সহায়ৰ বাবে আগবাঢ়ি নাহে কিয়? এয়া খুবেই অন্যায়। #अफगानिस्तान #तालिबान #AfghanLivesMatter #USAabandonedAfghanistan #wewantpeace #KabulHasFallen #KabulFalls #kabulairport””
এই পোষ্টটোৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰিব।
অনুসন্ধান
আমাৰ অনুসন্ধান আৰম্ভ কৰিয়েই আমি প্ৰথমে এই ভিডিঅ’টো InVID টুলত দাখিল কৰিছিলো আৰু ইয়াৰ কীফ্ৰেমবোৰ আহৰণ কৰিছিলো। আমি এই কীফ্ৰেমৰ ফটোবোৰ গুগল ৰিভাৰ্চ ইমেজত অনুসন্ধান কৰিবলৈ লৈছিলো। আমি এই ভিডিঅ’টো সাংবাদিক জন মাকোটাৰ ভেৰিফাইড টুইটাৰ হেণ্ডেলত ২০১৯ ৰ এটা টুইটত বিচাৰি পাইছিলো। উল্লেখ্য যে ৬ জানুৱাৰী, ২০১৯ তাৰিখে কৰা এটা টুইটত লিখা হৈছিল, “AT&T Stadium doors have opened for Cowboys vs. Seahawks”
আমি
এই ভিডিঅ’টো একেই বিৱৰণীৰ সৈতে Sports
Illustrated ৰ এটা
২০১৯ চনত কৰা টুইটতো দেখিবলৈ পাইছিলোঁ।
কীৱৰ্ডৰ সৈতে অনুসন্ধান কৰাৰ পিছত, আমি এই ঘটনাটো সন্দৰ্ভত এটা বাতৰি লাভ কৰিছিলো www.si.com/nfl ত। বাতৰিটো প্ৰকাশ হৈছিল ৫ জানুৱাৰী, ২০১৯ তাৰিখে। এই বাতৰিটোত ভাইৰেল হোৱা ভিডিঅ’টোও অন্তৰ্ভুক্ত আছিল। বাতৰি অনুসৰি, “শনিবাৰে নিশা AT & T ষ্টেডিয়ামত ডালাছৰ মুখামুখি হোৱাৰ দুঘণ্টা আগতে কাউবয় ক্ৰাউডে তেওঁলোকৰ উত্তেজনা দেখুৱাইছিল। সন্ধিয়া ৬ বজাত ষ্টেডিয়ামৰ দুৱাৰ খোলাৰ লগে লগে বাহিৰত জমা হোৱা ভিৰ চৌহদলৈ দৌৰি গৈছে। ষ্টেডিয়ামলৈ দৌৰি অহা অনুৰাগীসকলে ডালাছৰ ষ্টেণ্ডিং ৰূমত থকা শাখাবোৰৰ ভিতৰত ভাল আসন অধিকাৰ কৰাৰ চেষ্টা কৰিছিল। উল্লেখ্য যে এই ষ্টেডিয়ামত কোনো নিৰ্ধাৰিত আসন নাই। ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভ ভিত্তিতেই ইয়াত আসন লাভ কৰে।”
আমি এই সন্দৰ্ভত আটলাণ্টিকৰ ক্ৰীড়া সাংবাদিক জন মাকোটাৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ আমাক কৈছিল যে ভিডিঅ’টো টেক্সাছৰ আৰ্লিংটনৰ এটি এণ্ড টি ষ্টেডিয়ামৰ আছিল, যেতিয়া ২০১৯ চনত এটা খেলৰ সময়ত ভিৰ জমা হৈছিল।
এই ভিডিঅ’টো Debashis Mohapatra নামৰ এগৰাকী ইউজাৰে ভুৱা দাবীৰে সৈতে শ্বেয়াৰ কৰিছিল। ইউজাৰ একাউণ্টটো স্কেন কৰাৰ পিছত, আমি দেখিছিলো যে ব্যৱহাৰকাৰীজন ভুৱনেশ্বৰৰ লোক আৰু তেওঁৰ ২৬৭ জন অনুসৰণকাৰী আছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। এই ভিডিঅ’টো ২০১৯ ৰ এনএফএল খেলৰ, আফগানিস্তানৰ নহয়।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.