X
X

Fact Check: এসময়ত বাবৰি মছজিদ থকা ঠাইত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে, বিবাদিত স্থানৰ পৰা 3 কিলোমিটাৰ দুৰত নিৰ্মাণৰ ভাইৰাল দাবী ভুৱা

নতুন দিল্লী (বিশ্বাস নিউজ). অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন হোৱাৰ লগে লগে, গুগল মেপৰ এখন ছবি শ্বেয়াৰ কৰা হৈছে আৰু দাবী কৰা হৈছে যে, এসময়ত বাবৰি মছজিদ থিয় হৈ থকা ঠাইত নিৰ্মাণধীন মন্দিৰটো নিৰ্মাণ কৰা হোৱা নাই। সেই অঞ্চলৰ পৰা তিনি-চাৰি কিলোমিটাৰ দুৰত মন্দিৰটো নিৰ্মাণ কৰা হৈছে বুলি দাবী কৰা হৈছে।

বিশ্বাস নিউজে এই দাবী মিছা বুলি বিৱেচনা কৰিছে। ভাইৰাল গুগল মেপৰ স্ক্ৰীণশ্বটত বাবৰি মছজিদৰ ঠাই বুলি বৰ্ণনা কৰা ঠাইখন প্ৰকৃততে শ্ৰী সীতা ৰাম মন্দিৰৰ(বীৰলা মন্দিৰ)যিটো অযোধ্যাৰ নিৰ্মাণধীন ৰাম মন্দিৰৰ স্থানৰ পৰা প্ৰায় এক কিলোমিটাৰ দুৰৈত অৱস্থিত।

কি ভাইৰাল হৈ আছে?

সামাজিক মাধ্যম ব্যৱহাৰকাৰী ‘Md Mustakim Md Mustakim’ ভাইৰাল ছবিখন শ্বেয়াৰ কৰিছে (আৰ্কাইভ লিঙ্ক) আৰু লিখিছে, “আমি মন্দিৰ তাতেই বনাম…! ক্ষমা কৰিব মই খঙত অলপ ইফালে সিফালে গুছি যাঁও, কেৱল 3-4 কিলোমিটাৰ।(আমি মন্দিৰ তাতেই বনাম…! ক্ষমা কৰিব মই খঙত অলপ ইফালে সিফালে গুছি যাঁও, কেৱল 3-4 কিলোমিটাৰ) ”

অইন বিভিন্ন ব্যৱহাৰকাৰীয়ে এই ছবিখন বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্মত একে দাবীৰ সৈতে শ্বেয়াৰ কৰিছে। শিব সেনাৰ নেতা সঞ্জয় ৰাউতে এই সন্দৰ্ভত মন্তব্য কৰিছে আৰু বক্তব্য দিছে, যিটো অন্যান্য বহুত নেতাই(আৰ্কাইভ লিঙ্ক) আৰু নিউজ প’ৰ্টালে শ্বেয়াৰ কৰিছে।  

তদন্তৰ

আমি ভাইৰাল স্ক্ৰীণশ্বটটো ভালদৰে পৰীক্ষা কৰিলোঁ। তাত, বাবৰি মছজিদৰ ঠাই বুলি ঘোষণা কৰা ঠাইটো “বাবৰ মছজিদ” বুলি লেবেল লগোৱা আছে আৰু শ্ৰী ৰাম জন্মভূমি মন্দিৰটো এই ঠাইৰ পৰা নিৰ্দিষ্ট দুৰত্বত অৱস্থিত। এই কিৱাৰ্ডৰ সৈতে গুগল মেপত চিনাক্ত কৰা ঠাইটো শ্ৰী ৰাম মন্দিৰ(বীৰলা মন্দিৰ)

গুগল মেপত দেখা পোৱা মন্দিৰৰ ছবিবোৰৰ অযোধ্যা জিলাৰ চৰকাৰি ৱেবচাইটত উপলব্ধ ছবিৰ লগত মিল আছে। কিন্তু তাত সম্পূৰ্ণ এলেকাটো ঘন জনবসতিপূৰ্ণ যেন লাগে, যি ৰাম মন্দিৰৰ বিস্তৃতি সন্দৰ্ভত পোৱা তথ্য, য’ত ইয়াৰ বিস্তৃতি 70 একৰ বলি কোৱা হৈছে, আনকি কিছুমান সংবাদত ইয়াৰ এলেকা 100 একৰৰও বেছি বুলি দাবী কৰা হৈছে, তাৰ লগত মিল নাখায়। 

গুগল আৰ্থত নিৰ্মাণধীন ৰাম মন্দিৰৰ অনুসন্ধান প্ৰক্ৰিয়াত মুক্ত ঠাইত ইয়াৰ নিৰ্মাণ চলি থকাৰ স্পষ্ট ছবি পোহৰলৈ আহিছে। 

ৰাম জন্মভূমি মন্দিৰ আৰু শ্ৰী ৰাম মন্দিৰ(বীৰলা মন্দিৰ) ভৌগলিকভাৱে এটা আন এটাৰ পৰা দুৰৈত আছে আৰু এয়া ৰাম জন্মভূমি কৰিড’ৰৰ দ্বাৰা সংযুক্ত হৈ আছে। ইয়াৰ উপৰিও, বাবৰি মছজিদ বুলি বৰ্ণনা কৰা ঠাইটো বহুসংখ্যক অট্টালিকাত সজ্জিত এখনি ঘন জনবসতিপূৰ্ণ ঠাই, যি এই তথ্যৰ বিপৰীতত ইঙ্গিত দিয়ে য’ত বিবাদিত গাঁথনিখন 1992-ত নষ্ট কৰা বুলি উল্লেখ কৰা হৈছে।

আমি পুৰণি সংবাদসমূহত বহুত ছবি আৱিষ্কাৰ কৰিছোঁ য’ত বিবাদিত গাঁথনিখন স্পষ্টভাৱে মুকলি ঠাইত দেখা পোৱা যায়।

আমাৰ তদন্তত, ভাইৰাল ছবিত ৰাম মন্দিৰৰ নিৰ্মাণৰ ঠাইটোক লৈ কৰা দাবী ভুল বুলি প্ৰমানিত হৈছে। আমি অযোধ্যাৰ দৈনিক জাগৰণৰ সম্পাদকীয় প্ৰধান ৰামা শ্বৰণ অৱস্থিৰ লগত যোগাযোগ কৰিলোঁ, যিজনে দাবীটো এই বুলি খন্ডন কৰিলে যে, “নিৰ্মাণধীন পৱিত্ৰ মন্দিৰটো, বিবাদিত গাঁথনিটোৰ তিনিটা দৃশ্যমান গম্বুজৰ মাজৰ গম্বুজৰ তলত আছে।” তেঁও জোৰ দি কয় যে মন্দিৰটোৱে সেই স্থান দখল কৰিছে য’ত এসময়ত বিতৰ্কিত গাঁথনিটো থিয় হৈ আছিল।

গুগল মেপত “বাবৰ মছজিদ” বুলি উল্লেখ কৰা সন্দৰ্ভত অৱস্থিয়ে স্পষ্ট কৰে যে, সীতা ৰাম মন্দিৰৰ(বীৰলা মন্দিৰ) ওচৰত কোনো মছজিদ নাই। মন্দিৰটো ৰাম জন্মভূমি কৰিড’ৰৰ ওচৰত, বিবাদিত গাঁথনিটোৰ পৰা 700 মিটাৰৰও বেছি দুৰৈত আছে।

ভাইৰাল ছবিত “বাবৰ মছজিদ” বুলি চিনাক্ত কৰা ঠাইটোত এটা মন্দিৰ আৰু মুকলি পথৰ বাহিৰে কোনো মছজিদ নাই, যিটো গুগল আৰ্থৰ দ্বাৰা নিশ্চিত কৰা হৈছে।

আমি এই তথ্য আন এজন সাংবাদিক অভিষেক উপাধ্যায়ৰ প্ৰদত্ত তথ্যৰ ভিত্তিত নিশ্চিত কৰিছোঁ যিজনে স্পষ্ট কৰিছে যে, “মন্দিৰটো তাতে বনোৱা হৈছে য’ত বাবৰি মছজিদ আছিল”

ফেচবুকত বিভ্ৰান্তিকৰ ছবি শ্বেয়াৰ কৰা ব্যৱহাৰকাৰী, যিজনে দাবী কৰিছে যে, মন্দিৰটো বিবাদিত গাঁথনিৰ পৰা বহু কিলোমিটাৰ দুৰৈত নিৰ্মাণ কৰা হৈছে, তেঁওৰ প্ৰায় এহাজাৰ অনুসৰণকাৰী আছে।

সামৰণি: গুগল মেপৰ স্ক্ৰীণশ্বট, এই বুলি শ্বেয়াৰ কৰা হৈছিল যে,  মন্দিৰটো বিবাদিত গাঁথনিৰ পৰা বহু কিলোমিটাৰ দুৰৈত নিৰ্মাণ কৰা হৈছে, এয়া ভুল। মন্দিৰটো প্ৰকৃততে তাতেই বনোৱা হৈছে য’ত  বিবাদিত বাবৰি মছজিদ আছিল।

  • Claim Review : সেই অঞ্চলৰ পৰা তিনি-চাৰি কিলোমিটাৰ দুৰত মন্দিৰটো নিৰ্মাণ কৰা হৈছে বুলি দাবী কৰা হৈছে।
  • Claimed By : FB user ‘Md Mustakim Md Mustakim
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later