X
X

Fact Check: গুৱাহাটী আৰক্ষীয়ে সান্ধ্যভ্ৰমণকাৰীক উঠাই লৈ গৈ দূৰণিত এৰি দিয়া নাই, ভাইৰেল পোষ্ট ভুৱা

উপসংহাৰ – বিশ্বাস নিউজৰ তদন্তত এই ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। গুৱাহাটী আৰক্ষীয়ে তেনেধৰণৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

গুৱাহাটী (বিশ্বাস নিউজ): শেহতীয়াকৈ এটা বিশেষ পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পোষ্টটোত দাবী কৰা হৈছে যে অসম আৰক্ষীয়ে গুৱাহাটীত সান্ধ্য আইন চলি থকা সময়ছোৱাত সান্ধ্যভ্ৰমণৰ বাবে ওলাই অহা একাংশ লোকক চাৰিখন বাছত তুলি লৈ বিমানবন্দৰ (আজাৰা) ৰ কাষত এৰি দিছে।

পিছে বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী ভুৱা বুলি প্ৰমাণাত হৈছে। এয়া সত্য যে গুৱাহাটী আৰক্ষীয়ে কঠোৰভাৱে নৈশ সান্ধ্য আইন নিয়ন্ত্ৰণ কৰি আছে আৰু এই সময়ছোৱাত সান্ধ্যআইন উলংঘা কৰা লোকসকলক নিজৰ জিম্মাত লৈছে। কিন্তু দাবী কৰাৰ লেখীয়াকৈ গুৱাহাটী আৰক্ষীয়ে সান্ধ্য ভ্ৰমণৰ বাবে ওলাই অহা কোনো লোকক বাছত উঠাই লৈ বিমানবন্দৰৰ সমীপত (আজাৰা) এৰি দিছে, যি গুৱাহাটীৰ মাজমজিয়াৰ পৰা প্ৰায় ১৫-২০ কিলোমিটাৰ দূৰৈত।

কি এই ভাইৰেল পোষ্ট

Parties and Events in Guwahati, নামৰ গুৱাহাটীৰ এটা জনপ্ৰিয় ফে’চবুক পেজে ১৮ জুলাই, ২০২১ তাৰিখে এখন ফটো আপলোড কৰে, য’ত লিখা আছে – ‘4 bus load of evening walkers picked up from all over Guwahati and dropped near airport to enjoy the walk back home.’ ইয়াৰ অসমীয়া অনুবাদ এনেধৰণৰ – গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা ৪ খন বাছত সান্ধ্যভ্ৰমণকাৰীক উঠাই আনি বিমানবন্দৰৰ সমীপত এৰি দিয়া হৈছে, যাতে তেওঁলোকে ঘৰলৈ খোজকাঢ়ি উভতি যাবলগীয়া হয়।

এই ভাইৰেল পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে পোনপ্ৰথমে এই ফটোখন তন্নতন্নকৈ পৰীক্ষা কৰে। এই ফটোখনত দেখা গৈছে যে একাংশ লোকে এখন বাহনৰ ভিতৰত থিয় দি আছে। ফটোখন পিছফালৰ পৰা তোলা হেতুকে কোনো লোকৰ মুখমণ্ডল স্পষ্টকৈ দেখা যোৱা নাই। ইয়াৰ পিছতে বিশ্বাস নিউজে এই ফটোখন গুগল ৰিভাৰ্ছ ইমেজত দাখিল কৰে। পিছে ইয়াতো আমি এই ফটোখন সন্দৰ্ভত কোনো তথ্য লাভ নকৰিলোঁ।

এই সন্দৰ্ভত সত্যতা জানিবৰ বাবে আমি গুৱাহাটী যান-বাহন শাখাৰ উপ-আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাৰ সৈতে যোগাযোগ কৰো। আৰক্ষী বিষয়াগৰাকীয়ে বিশ্বাস নিউজক জনায়, “অসম আৰক্ষীয়ে এনেধৰণৰ কোনো পদক্ষেপ এইপৰ্যন্ত গ্ৰহণ কৰা নাই আৰু এই বাতৰি সম্পূৰ্ণৰূপে ভুৱা।” তেওঁ লগতে কয়, “এই কথা সত্য যে সান্ধ্য আইন চলি থকা অৱস্থাত ঘৰৰ বাহিৰলৈ ওলাই অহা বা সান্ধ্য আইন উলংঘা কৰা একাংশ লোকক আৰক্ষীয়ে বাছত উঠাই আৰক্ষী থানালৈ লৈ আহিছে। কিন্তু কেতিয়াও গুৱাহাটীৰ পৰা আজাৰালৈ এইসকল লোকক লৈ যোৱা হোৱা নাই। এই বাতৰি সম্পূৰ্ণ ভুৱা।”

আমাৰ অনুসন্ধান আগবঢ়াই নি বিশ্বাস নিউজে গুৱাহাটীৰ পৰা প্ৰকাশিত সাপ্তাহিক ইংৰাজী বাতৰি কাকত জি-প্লাছৰ জ্যেষ্ঠ সংবাদদাতা বৰষা দাসৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰে। তেওঁ আমাক জনায়, “আমিও এই বাতৰি লাভ কৰিছো, কিন্তু এয়া সম্পূৰ্ণ ভুৱা খবৰ।” তেওঁ লগতে কয়, “সঁচা কথাটো হৈছে গুৱাহাটী আৰক্ষীয়ে কিছুমান লোকক এনেদৰে উঠাই নি আজাৰাত এৰি দিয়া বুলি চলোৱা বাতৰি সম্পূৰ্ণ ভুৱা। এই বাতৰিটো কিছুসংখ্যক ছ’চিয়েল মিডিয়াৰ উপৰিও হোৱাটছএপ্পটো প্ৰচাৰ হৈছে।”

উল্লেখ্য যে এই ভাইৰেল পোষ্টটোত বিমানবন্দৰ অৰ্থাৎ আজাৰা এলেকাটোৰ কথা উল্লেখ থকা বাবে আমি আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক জনায়, “তেনে কোনো বাছ এই পৰ্যন্ত আজাৰালৈ অহা নাই। আৰু অসম আৰক্ষীয়ে তেনে কোনো পদক্ষেপ গ্ৰহণ কৰাহেতেন আমি নিশ্চয়কৈ গম পালোহেতেন। এই ভাইৰেল খবৰটো সম্পূৰ্ণ ভুৱা।” অনুসন্ধানৰ শেষ পৰ্যায়ত আমি এই ভাইৰেল পোষ্ট শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পেজটোৰ ছ’চিয়েল স্কেনিং কৰাত জানিব পাৰিলো যে এই Parties and Events in Guwahati নামৰ পেজটো 126,914 গৰাকী লোকে ফ’ল’ কৰাৰ উপৰি 98610 গৰাকী লোকে ইয়াক লাইক কৰি থৈছে। বাতৰি লিখাৰ পৰলৈকে এই ভাইৰেল পোষ্টটো 385 গৰাকী লোকে শ্বেয়াৰ কৰিছে।

নিষ্কৰ্ষঃ উপসংহাৰ – বিশ্বাস নিউজৰ তদন্তত এই ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। গুৱাহাটী আৰক্ষীয়ে তেনেধৰণৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later