Fact Check: মুখ্যমন্ত্ৰী আদিত্যনাথৰ পুৰণি ভিডিঅ’ ইউপি আৰক্ষীৰ পৰীক্ষাৰ সৈতে সংযুক্ত কৰি ভাইৰাল হৈ আছে
- By: Sharad Prakash Asthana
- Published: Mar 15, 2024 at 07:26 PM
- Updated: Mar 15, 2024 at 07:59 PM
নিউ দিল্লী বিশ্বাস নিউজ– উত্তৰ প্ৰদেশৰ আৰক্ষীৰ নিযুক্তি পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই সন্দৰ্ভত আলোচনা কৰি থকাৰ এখন ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে।এই ভিডিঅ’খনত মুখ্যমন্ত্ৰীয়ে প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়ে উল্লেখ কৰিছে আৰু পুনৰ পৰীক্ষা হোৱাৰ সম্ভাৱনাৰ কথা জঁনাইছে। কিছুমান ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’খন এই বুলি শ্বেয়াৰ কৰিছে যে, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইউপি-ৰ আৰক্ষী নিযুক্তিৰ পৰীক্ষা আকৌ অনুষ্ঠিত কৰাৰ কথা জঁনাইছে।
তদন্তৰ পিছত, বিশ্বাস নিউজে এয়া প্ৰমানিত কৰিছে যে, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এই ভিডিঅ’ দুই বছৰ পুৰণি আৰু ইয়াৰ ইউপি- আৰক্ষী নিযুক্তি পৰীক্ষাৰ লগত কোনো সম্পৰ্ক নাই। মুখ্যমন্ত্ৰীয়ে এই মন্তব্যসমূহ ইউপিটেট-ৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত এখন সভাত আলোচনা কৰি থাকোতে কৰিছিল।
কি ভাইৰাল হৈ আছে?
ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী ৰোমি যাদবে ফেব্ৰুৱাৰিৰ 20 তাৰিখে ভিডিঅ’খন পোষ্ট কৰি লিখিছে যে, “ইউপি আৰক্ষীৰ পৰীক্ষা আকৌ অনুষ্ঠিত কৰা হ’ব।” এয়া ভিডিঅ’ৰ লগত লিখা আছিল, “যোগী আদিত্যনাথে ডাঙৰ সিদ্ধান্ত লৈছে, ইউপিপি পৰীক্ষা আকৌ হ’ব।“ যদিও এটা প্ৰশ্নবোধক চিনৰ সৈতে লিখা আছিল, “ইউপি আৰক্ষীৰ পৰীক্ষা আকৌ হ’ব নে?”
ইনষ্টা ব্যৱহাৰকাৰী something_is_there_02 এই নিযুক্তি পৰীক্ষা সন্দৰ্ভত অইন এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। এয়া দাবি কৰা হৈছে যে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ফেব্ৰুৱাৰীৰ 18 তাৰিখে হ’বলগীয়া কনিষ্টেবল নিযুক্তি পৰীক্ষা বাতিল কৰাৰ নিৰ্দেশ দিছে।
তদন্ত
–প্ৰথম ভিডিঅ’
ভাইৰাল দাবি তদন্ত কৰিবলৈ, আমি পোনপ্ৰথমতে মুখ্যমন্ত্ৰী যোগীৰ ভিডিঅ’খন তদন্ত কৰিলোঁ। কিৱাৰ্ডৰ জৰিয়তে বিছাৰি থাকোঁতে, আমি ভাইৰাল বক্তব্যখিনি এবিপি লাইভৰ ইউটিউব চেনেলত পালো। 28 নভেম্ৱৰ 2021 চনত আপল’ড হোৱা এই ভিডিঅ’খনত কোৱা হৈছে যে, প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে ইউপিটেট-ৰ পৰীক্ষা বাতিল কৰিবলগীয়া হৈছে। এই কেছত আৰক্ষীয়ে কেইজনমানক আটক কৰিছে। ইউপি-ৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যে, দোষীসকলৰ সম্পত্তি জব্দ কৰা হ’ব। আৰু এমাহৰ ভিতৰত পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ’ব।.
এই ভিডিঅ’খন 2021 চনৰ 28 নভেম্ৱৰ তাৰিখে আজ তক-ৰ ইউটিউব চেনেলতও দেখা পোৱা যায়।
2021 চনৰ 28 নভেম্ৱৰ তাৰিখে এবিপি লাইভ-ৰ ৱেবচাইটত প্ৰকাশিত হোৱা সংবাদত এয়া লিখা আছিল যে, দেঅ’ৰিয়াত অনুষ্ঠিত ৰাজহুৱা সভাত, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইউপিটেট-ৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ কথা জঁনাইছে।
এই সন্দৰ্ভত, ইউপি বিজেপি-ৰ মুখপাত্ৰ অৱনীশ ত্যাগি-এ কৈছে যে, ভাইৰাল হোৱা ভিডিঅ’খন পুৰনা। ইয়াৰ ইউপি আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ লগত কোনো সম্পৰ্ক নাই।
দাবিটোৰ সত্যাসত্য নিৰুপন কৰাৰ বাবে, প্ৰাথমিকভাবে আমি মুখ্যমন্ত্ৰী যোগীৰ ভিডিঅ’খন পৰীক্ষা কৰিলোঁ। কিৱাৰ্ড ছাৰ্ছৰ জৰিয়তে, আমি ভাইৰাল মন্তব্যটো এবিপি লাইভৰ ইউটিউব চেনেলত পালো। 2021 চনৰ 28 নভেম্ৱৰ তাৰিখে আপল’ড হোৱা ভিডিঅ’ সংবাদখনত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে ইউপিটেট পৰীক্ষা বাতিল হোৱাৰ বিষয়ে আৰু এই সন্দৰ্ভত কিছুসংখ্যক ব্যক্তি আটক হোৱাৰ কথা আলোচনা কৰা হৈছে। ইউপি-ৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এয়া ঘোষনা কৰা বুলি উল্লেখ কৰা হৈছে যে, দোষীসকলৰ সম্পত্তি জব্দ কৰা হ’ব আৰু এমাহৰ ভিতৰত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। এই একেখন ভিডিঅ’ 2021 চনৰ 28 নভেম্ৱৰ তাৰিখে আজ তক-ৰ ইউটিউব চেনেলতও পোৱা যায়।
ইয়াৰ উপৰিও, 2021 চনৰ 28 নভেম্ৱৰ তাৰিখে এবিপি লাইভৰ ৱেবচাইটত প্ৰকাশিত এখন সংবাদত, দেঅ’ৰিয়াত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ কথা জানিব পৰা যায়, য’ত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে, ইউপিটেট পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সম্ভাৱনাৰ কথা জনায়। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইউপি বিজেপিৰ মুখপাত্ৰ অৱনীশ ত্যাগিয়ে এয়া স্পষ্ট কৰে যে, প্ৰচাৰিত ভিডিঅ’খন পুৰনা আৰু ইয়াৰ ইউপি আৰক্ষী নিযুক্তি পৰীক্ষাৰ লগত কোনো সম্পৰ্ক নাই।
-দ্বিতীয় ভিডিঅ’
সম্পৰ্কিত কিৱাৰ্ড ব্যৱহাৰ কৰি অন্যান্য ভাইৰাল ভিডিঅ’ৰ তদন্ত কৰি থাকোতে আমি নিউজ ইণ্ডিয়া 13 নামৰ এখন ইউটিউব চেনেলৰ সন্ধান পালো, য’ত উল্লেখিত ভাইৰাল ভিডিঅ’ পোৱা গ’ল। এই দাবিসমূহ ভুল বুলি প্ৰমানিত হ’ল। এনে লাগিছে যেন, অসম্পূৰ্ণ ভিডিঅ’ প্ৰকাশ হোৱাৰ ফলত সামাজিক মাধ্যমত বিভ্ৰান্তিৰ সৃষ্টি হৈছে।
ইয়াৰ পিছত আমি ইউপি আৰক্ষী নিযুক্তি পৰীক্ষা সম্পৰ্কিত কিৱাৰ্ডৰ জৰিয়তে এটি গুগল ছাৰ্ছ কৰিলোঁ। ফেব্ৰুৱাৰিৰ 19 তাৰিখে দৈনিক জাগৰণৰ ৱেবচাইটত প্ৰকাশিত এখন সংবাদ মতে, উত্তৰ প্ৰদেশৰ আৰক্ষী নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ দাবি উত্থাপন হৈছে। উত্তৰ প্ৰদেশ আৰক্ষী নিযুক্তি আৰু পদোন্নতি ব’ৰ্ডে এডিজি-ৰ নেতৃত্বত এখন তদন্ত সমিতি গঠন কৰি প্ৰশ্নকাকত ফাদিল হোৱা আৰু প্ৰশ্নকাকত ছপাৰ ভুল আদি দাবি সন্দৰ্ভত তদন্ত কৰিছে। এই সমিতিয়ে ইতিমধ্যে তদন্ত সম্পূৰ্ণ কৰিছে। এয়া উল্লেখ্য যে, এই পৰীক্ষা ইউপি আৰক্ষী বাহিনীত 60,244 টা পদ পুৰণৰ বাবে অনুষ্ঠিত কৰা হৈছিল
উপৰঞ্চি, উত্তৰ প্ৰদেশ আৰক্ষী আৰু পদোন্নতি ব’ৰ্ডে তেঁওলোকৰ X(অতীতৰ টুইটাৰ)-হেণ্ডেলত বক্তব্য আগবঢ়াই কৈছে যে, “প্ৰাথমিক তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, দুষ্কৃতিসকলে টেলিগ্ৰামৰ এডিট বৈশিষ্ট্যটো ঠগিবৰ বাবে ব্যৱহাৰ কৰি আছে আৰু সামাজিক মাধ্যমৰ প্লেটফৰ্মত প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ভুল তথ্য বিয়পাইছে। উত্তৰপ্ৰদেশৰ আৰক্ষীৰ সৈতে এই ব’ৰ্ডে এনে ঘটনাবোৰক সক্ৰিয়ভাবে নিৰীক্ষণ কৰি আছে আৰু সেই সমূহৰ উৎসবোৰ ভালদেৰ তদন্ত কৰি আছে। পৰীক্ষা নিৰাপদভাবে আৰু কোনো বাধা অবিহনে অনুষ্ঠিত হৈ আছে।”
ইয়াৰ উপৰিও, আমি ইউপি আৰক্ষী নিযুক্তি পৰীক্ষাৰ লগত সংযুক্ত কৰি ভাইৰাল হোৱা মুখ্যমন্ত্ৰী যোগীৰ পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰা ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ প্ৰ’ফাইল চালিজাৰি চালোঁ। আমাৰ অনুসন্ধান মতে, ব্যৱহাৰকাৰীৰ 1.46 অনুসৰণকাৰী আছে।
সামৰণি: উত্তৰ প্ৰদেশ আৰক্ষী আৰু পদোন্নতি ব’ৰ্ডে কনিষ্টিবল নিযুক্তি পৰীক্ষাক লৈ উত্থাপিত দাবিসমূহ চাবলৈ এখন সমিতি গঠন কৰিছে। ভিডিঅ’ য’ত মুখ্যমন্ত্ৰী যোগীক পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি থকা দেখা যায়, সেইটো 2021 চনৰ নভেম্বৰ মাহৰ এটি ভিডিঅ’। সেইসময়ত তেঁও ইউপিটেট সন্দৰ্ভত এই মন্তব্য কৰিছিল আৰু ইয়াৰ ইউপি আৰক্ষী নিযুক্তি পৰীক্ষাৰ লগত কোনো সম্পৰ্ক নাই
- Claim Review : মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যে, ইউপি আৰক্ষী কনিষ্টিবল নিযুক্তিৰ পৰীক্ষা আকৌ অনুষ্ঠিত কৰা হ’ব।
- Claimed By : ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী ৰোমি যাদব
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.