Fact Check: নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত ৰাহুল গান্ধীক লগ কৰা নাই চন্দ্ৰবাবু নাইডুয়ে, ভাইৰাল ছবিখন 2019 চনৰ

Fact Check:  নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত ৰাহুল গান্ধীক লগ কৰা নাই চন্দ্ৰবাবু নাইডুয়ে, ভাইৰাল ছবিখন 2019 চনৰ

নতুন দিল্লী (বিশ্বাস নিউজ) 24 চনৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত তেলেগু দেশম দল(টিডিপি)-ৰ প্ৰধান চন্দ্ৰবাবু নাইডু, ৰাষ্ট্ৰীয় গনতান্ত্ৰিক জোট (এনডিএ)-ৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ যাত্ৰা কৰিছে। ইয়াৰ মাজত সামাজিক মাধ্যমত ভাইৰাল হোৱা এখন ছবিক লৈ দাবি কৰা হৈছে যে, তেঁও নিজৰ দিল্লী যাত্ৰাৰ সময়ত ৰাহুল গান্ধীক লগ কৰি তেঁওক অভিনন্দন জঁনাইছে।

আমাৰ তদন্তত এই দাবি বিভ্ৰান্তিকৰ বুলি প্ৰমানিত হৈছে। ৰাহুল গান্ধীৰ লগত চন্দ্ৰবাবু নাইডুৰ সাক্ষাৎকাৰৰ এই ছবিখন, 24 চনৰ লোকসভা নিৰ্বাচনৰ পিছৰ নহয়, আনকি এয়া   2019  চনৰ পুৰণি ছবি, যিখনক সাম্প্ৰতিক সময়ৰ লগত যুক্ত কৰি বিভ্ৰন্তিকৰ দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। 

কি ভাইৰাল হৈ আছে?

সামাজিক মাধ্যম ব্যৱহাৰকাৰি  ‘Vishaka Jaatni’-এ ভাইৰাল ছবিখন (আৰ্কাইভ লিঙ্ক) শ্বেয়াৰ কৰিছে, য’ত ৰাহুল গান্ধীৰ লগত চন্দ্ৰবাবু নাইডুক দেখা পোৱা যায়।

তদন্ত

চন্দ্ৰবাবু নাইডুয়ে অন্ধ্ৰ প্ৰদেশত বিজেপি-ৰ লগত জোট বান্ধি নিৰ্বাচন খেলিছিল আৰু সাংবাদিকসকলৰ মতে, নিৰ্বাচনৰ পিছত তেঁও এনডিএ(ৰাষ্ট্ৰীয় গনতান্ত্ৰিক জোট)-ৰ লগত থকাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল। 

তদন্ত প্ৰক্ৰিয়া চলি থাকোতে আমি এনে বহুত তথ্য লাভ কৰিলোঁ, য’ত চন্দ্ৰবাবু নাইডুৰ এনডিএ-ৰ বৈঠকত যোগ দিবলৈ দিল্লী অহাৰ কথা উল্লেখ কৰা হৈছে। নিউজ এজেঞ্চি এএনআই-ৰ সংবাদ (আৰ্কাইভ লিঙ্ক) মতে, প্ৰধানমন্ত্ৰীৰ আৱাসস্থলত এনডিএ দলসমূহৰ বৈঠক হৈছিল। 

এজেঞ্চিৰ সংবাদ(আৰ্কাইভ লিঙ্ক) মতে, এই বৈঠকত অন্যান্য সহযোগি দলৰ উপৰিও তেলেগু দেশম দলৰ প্ৰধান চন্দ্ৰবাবু নাইডুয়েও যোগ দিছিল। 

এই কথাৰ অৰ্থ চন্দ্ৰবাবু নাইডু, দিল্লীত এনডিএ-ৰ বৈঠকত যোগ দিবলৈ আহিছিল আৰু ৰাহুল গান্ধীৰ লগত তেঁওৰ কোনো সাক্ষাৎ হোৱা নাই। ভাইৰাল ছবিখনৰ প্ৰকৃত উৎস সন্ধান কৰিবলৈ আমি ৰিভাৰ্ছ ইমেজ ছাৰ্ছৰ সহায় ললো। এই তদন্তত আমি ছবিখন বহু পুৰণি সংবাদৰ লগত পালো, যাৰ বৰ্তমান সময়ৰ নিৰ্বাচনৰ লগত কোনো সম্পৰ্ক নাই।

‘হিন্দুস্তান টাইমছ’-ৰ  2019 চনৰ 8 জানুৱাৰি তাৰিখৰ সংবাদত এই ছবিখন ব্যৱহাৰ কৰা হৈছে আৰু তাত প্ৰদত্ত তথ্য মতে, নাইডুয়ে নিৰ্বাচন প্ৰাক-কলীন জোট সন্দৰ্ভত আলোচনা কৰিবলৈ ৰাহুল গান্ধীৰ লগত লগ কৰিলে। 

বহুত অন্যান্য সংবাদসমূহত(আৰ্কাইভ লিঙ্ক) তেঁওলোকৰ এই সাক্ষাৎৰ উল্লেখ আছে আৰু ইয়াৰ ছবিখনক ব্যৱহাৰ কৰা হৈছে।

https://twitter.com/ndtv/status/1082638850797621248

বহুত অন্যান্য ব্যৱহাৰকাৰীয়ে (আৰ্কাইভ লিঙ্ক) নাইডু আৰু ৰাহুল গান্ধীৰ সাক্ষাৎৰ এক অন্য ছবি প্ৰকাশ কৰি এই দাবি কৰিছে যে, নাইডু,  ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী বনাবলৈ সন্মতি প্ৰকাশ কৰিছে।

আমাৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, এই ছবিখনও পুৰণি। ৰিভাৰ্ছ ইমেজ ছাৰ্ছত এই ছবিখন লাইভমিট.কম-ৰ ৱেবচাইটত 2018 চনৰ  28 নভেম্বৰ তাৰিখে প্ৰকাশিত এখন সংবাদৰ লগত থকা পোৱা গ’ল।

প্ৰদত্ত তথ্য মতে, দুজন নেতাৰ মাজত সাক্ষাৎৰ এই ছবি তেলেঙ্গানা খম্মমৰ হয়, য’ত দুজন নেতাই একেলগত এখন সভাত অংশগ্ৰহণ কৰিছিল।

বিশ্বাস নিউজৰ লগত কথাবতৰাত নিউজ চেনেল টিভি9-ৰ ৰাজনৈতিক সম্পাদক আমোদ ৰায়-এ জঁনাইছে যে, নাইডু দিল্লীত এনডিএ-ৰ বৈঠকত অংশ লবলৈ দিল্লীত উপস্থিত হৈছে আৰু তেঁওৰ ৰাহুল গান্ধীৰ লগত সাক্ষাৎ হোৱা নাই।

লোকসভা নিৰ্বাচন 24-ৰ ফলাফল ইতিমধ্য ঘোষণা কৰা হৈছে আৰু নিৰ্বাচন আয়োগৰ পৰিসংখ্যান মতে, বিজেপি 240 টা আসন লাভ কৰি আটাইতকৈ ডাঙৰ দল হিচাপে আত্মপ্ৰকাশ কৰিছে, তাত কংগ্ৰেছৰ ভাগত মোট  99 টা আসন আহিছে।

তাত আকৌ অন্ধ্ৰপ্ৰদেশৰ 25 টা লোকসভা আসনত চন্দ্ৰবাবু নাইডুৰ দল টিডিপি-এ 16টা, বিজেপিয়ে তিনিটা আৰু জেএনপি-এ দুটা আসন লাভ কৰিছে, য’ত নেকি ৱাইএচআৰচিপি-এ মাত্ৰ চাৰিটা আসন লৈ সন্তুষ্ট হ’ব লগা হৈছে।

ভাইৰাল ছবিখনক বিভ্ৰন্তিকৰ দাবিৰ সৈতে শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীক ফেচবুকত প্ৰায় দুই লাখ মানুহে অনুসৰণ কৰে। নিৰ্বাচন সন্দৰ্ভত অন্যান্য বিভ্ৰান্তিকৰ তথা ভুৱা দাবিৰ তদন্ত কৰা ফেক্ট চেক ৰিপোৰ্টক বিশ্বাস নিউজৰ নিৰ্বাচনী শাখাত পঢ়িব পৰা যাব। 

সামৰণি:  24-ৰ লোকসভা নিৰ্বাচনৰ পিছত ৰাহুল গান্ধীৰ লগত তেলেগু দেশম দলৰ প্ৰধান চন্দ্ৰবাবু নাইডুৰ  সাক্ষাৰ দাবি ভুৱা আৰু ইয়াৰ লগত ভাইৰাল হৈ থকা ছবি 2019 চনৰ হয়, যেতিয়া নাইডুয়ে দিল্লীত নিৰ্বাচন প্ৰাক-কালীন জোট সন্দৰ্ভত আলোচনা কৰিবলৈ ৰাহুল গান্ধীৰ লগত সাক্ষা কৰিছিল।

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস