নতুন দিল্লী বিশ্বাস নিউজ- মণিপুৰৰ মহিলাসকলৰ মব লিঞ্চিঙ্কৰ ভয়ঙ্কৰ ভিডিঅ’ ভাইৰাল হোৱাৰ পিছত সামাজিক মাধ্যমত বহুত পোষ্ট বিয়পি আছে। ইয়াৰ মাজত এখন পোষ্টত এটা ছবি দেখা গৈছে য’ত ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ ইউনিফৰ্ম পিন্ধা দুই ব্যক্তিক দেখা পোৱা যায় আৰু কিছুমান ব্যৱহাৰকাৰীয়ে এই ভুল দাবি কৰিছে যে, ছবিত দেখা ব্যক্তিজন ভাইৰাল ভিডিঅ’ মামলাৰ এজন অভিযুক্ত।
যদিও তদন্ত কৰাৰ পিছত, বিশ্বাস নিউজে এই তথ্য লাভ কৰিছে যে, ভাইৰাল ছবিখন মণিপুৰ ভিডিঅ’ ঘটনাৰ কোনো অভিযুক্তৰ নহয়। ইয়াৰ পৰিৱৰ্তে, ছবিখনত মণিপুৰ বিজেপি-ৰ উপ সভাপতি চিদানন্দ সিং আৰু তেঁওৰ পুত্ৰক দেখা পোৱা গৈছে। মণিপুৰ পুলিছে এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰুপ অপপ্ৰচাৰ বিয়পাৰ উদ্দেশ্য উল্লেখ কৰি এটা মামলা পঞ্জীয়ন কৰিছে।
ভাইৰাল পোষ্টখন ‘হাছিম চালাম,’ (আৰ্কাইভ) নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীৰ পৰা সৃষ্টি হৈছে যিজনে ছবিখন 23 জুলাই এই কেপচনৰ সৈতে শ্বেয়াৰ কৰিছে, “অভিযুক্তসকল মণিপুৰৰ। আপোনালোকে পোচাকৰ মাধ্যমে অতি সহজে তেঁওলোকক চিনাক্ত কৰিব পাৰিব।”
ছবিৰ সত্যতা জানিবলৈ, এটা গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰা হল। প্ৰাক্তন বিধায়ক আৰু চিপিআই(এম) পলিটবিউৰ’ সদস্য সুভাসিনি আলি-এও মণিপুৰ ভাইৰাল ভিডিঅ’ মামলাৰ অভিযুক্তৰ নামত 23 জুলাইত ছবিখনত টুইট কৰিছে। যদিও পিছত তেঁও এই অসত্য পোষ্ট শ্বেয়াৰ কৰাৰ বাবে ক্ষমা খুঁজিছে আৰু 24 জুলাইত তেঁওৰ ভুলৰ স্পষ্টিকৰণ দিছে।
তদন্ত আগবঢ়াই নিঁওতে এই তথ্য পোহৰলৈ আহিছে যে, ছবিখন মণিপুৰৰ বিজেপি দলৰ উপ সভাপতি চিদানন্দ সিঙে অক্টোৱৰ 17, 2022 ত নিজৰ ফেচবুক প্ৰফাইলত পোষ্ট কৰিছিল। এই ছবিখন আৰএচএচ ইম্ফল জিলা পথ আন্দোলনৰ এটা অনুষ্ঠানৰ, য’ত চিদানন্দ সিং, তেঁওৰ পুত্ৰ আৰু ভতিজায় অংশগ্ৰহণ কৰিছিল।
চিদানন্দ সিঙে তেঁওৰ টুইটাৰ হেণ্ডেলত এই সন্দৰ্ভত উল্লেখ কৰিছে আৰু জঁনাইছে যে, তেঁওৰ এই অপৰাধৰ লগত কোনো সংযোগ নাই আৰু তেঁও নিজৰ আৰু তেঁওৰ পুত্ৰৰ ছবি অপব্যৱহাৰ কৰাৰ বাবে যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছে। তেঁও জঁনাইছে যে, ছবিখন তেঁওৰ আৰু তেঁওৰ পুত্ৰৰ, আৰু তেঁও পুলিছৰ ওচৰত এজাহাৰ দাখিল কৰিছে, আৰু মামলাৰ পঞ্জীয়ন কৰিছে।
“ছিঃ ছিঃ….মই চিদানন্দ সিং, আপোনালোকে মোৰ আৰু মোৰ পুত্ৰৰ ছবি ব্যৱহাৰ কৰি আৰএচএচ আৰু মোৰ পৰিয়ালৰ প্ৰতিচ্ছবি নষ্ট কৰাৰ উদ্দেশ্যত সফল হ’ব নোৱাৰে। মই আৰু মোৰ পৰিয়াল কেতিয়াও এনে জঘন্য অপৰাধত লিপ্ত হ’ব নোৱাৰো। কি মূৰ্খৰ দৰে কাম কৰিছে,” চিদান্নদ সিং তেঁওৰ টুইটত লিখিছে।
মণিপুৰ পুলিছে, ছবিখন ভাইৰাল কৰা আৰু চিদানন্দ আৰু তেঁওৰ পুত্ৰৰ 4 মে-ত হোৱা মহিলা শ্লীলতাহানিৰ ঘটনাত যুক্ত হোৱাৰ ভুল তথ্য বিয়পাৰ অপৰাধত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেঁওলোকৰ টুইট মতে, অভিযুক্তক চিনাক্ত আৰু শাস্তি বিহাৰ বাবে পুলিছে মামলাটো সক্ৰিয়ভাবে তদন্ত কৰিছে।
“*ভুল সংবাদ বিয়পাৰ বাবে দাখিল কৰা এজাহাৰ: 23.07.2023, ত চাইবাৰ ক্ৰাইম পুলিছ ষ্টেচন, (CCPS) মণিপুৰে ৰাজনৈতিক দল এটাৰ তৰফৰ পৰা এটা তথ্য লাভ কৰিছে যে, তেঁও আৰু তেঁওৰ পুত্ৰৰ ছবি, মণিপুৰৰ দুই মহিলাৰ নগ্ন পেৰেডৰ ভাইৰাল ভিডিঅ’ৰ স্ক্ৰীনশটৰ লগত লগলগাই আৰু তেঁওলোকৰ এই অপৰাধৰ লগত প্ৰত্যক্ষ সম্পৰ্ক থকা বুলি ভুল তথ্যৰ সৈতে বিভিন্ন সামাজিক প্লেটফৰ্মত আপল’ড কৰা হৈছিল, মণিপুৰ পুলিছে টুইট কৰিছে। ,”
“চিচিপিএচ-ত, সন্মান নষ্ট কৰাৰ উদ্দেশ্যত ভুল তথ্য বিয়পা আৰু আইন শৃঙ্খলা ভঙ্গ কৰাৰ বাবে মামলা ৰজু কৰা হৈছে। অভিযুক্তসকলক চিনাক্ত আৰু আটক কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে,” যুক্ত কৰা হৈছে।
মণিপুৰ ভাইৰাল ভিডিঅ’ মামলাত, পুলিছে 23 জুলাই পৰ্যন্ত ইতিমধ্যে পাঁচজন অভিযুক্তক আটক কৰিছে, আৰু ন্যায়ালয়ে অভিযুক্তসকলক ভাইৰাল ভিডিঅ’ মামলাত যুক্ত থকা সন্দৰ্ভত 11 দিনৰ পুলিছ হেফাজতত পঠাইছে।
সদৌ শেষত, ভুল দাবিৰ সৈতে ছবি শ্বেয়াৰ কৰা টুইটাৰ ব্যৱহাৰকাৰীৰ বিশ্লেষণে এই তথ্য পোহৰলৈ আনিছে যে, ব্যৱহাকাৰীজনে 2022ৰ আগষ্টত এই প্লেটফৰ্মত যোগ দিছিল আৰু তেঁও বিশেষ আদৰ্শ এটাৰ দ্বাৰা প্ৰভাৱিত।
এয়া লক্ষনীয় যে, অতীতত মণিপুৰ হিংসা সন্দৰ্ভত আৰু এখন ভাইৰাল পোষ্টট আব্দুল খান নামৰ এজন ব্যক্তিক মুল অভিযুক্ত হিচাপে দাবি কৰা হৈছিল। যদিও বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, আব্দুল নামৰ মানুহ এজনক আটক কৰা হৈছিল যদিও, তেঁওৰ এই ভাইৰাল ভিডিঅ’ মামলাৰ লগত কোনো সম্পৰ্ক নাই।
इस फैक्ट चेक को हिंदी में यहां पढ़ें।
উপসংহাৰ: ভাইৰাল ছবিখন, মণিপুৰৰ বিজেপি নেতা চিদানন্দ সিং আৰু তেঁওৰ পুত্ৰৰ, ভাইৰাল ভিডিঅ’ মামলাত যুক্ত হোৱাৰ ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈছে। পুলিছে এই সন্দৰ্ভত ভুৱা পোষ্ট বিয়পাই দিয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লৈছে।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ